ডিজিটেল ডেস্ক: তিনি দিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতক কালি সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। গুৱাহাটীস্থিত আৰ এছ এছৰ মুখ্য কাৰ্যালয় সুদর্শনালয়ত উপস্থিত হৈ মুখ্যমন্ত্রী ড° শৰ্মাই ভাগৱতক সাক্ষাৎ কৰি কিছু সময় বাৰ্তালাপ কৰে।
উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে নিশা অসমলৈ অহা আৰ এছ এছ প্রধান মোহন ভাগৱতে হোজাইত অনুষ্ঠিত আৰ এছ এছৰ প্ৰশিক্ষণ শিবিৰত অংশগ্রহণ কৰিছিল। ইয়াৰ পাছত কালি তেওঁ আহি গুৱাহাটীৰ সুদর্শনালয়ত উপস্থিত হয়। গুৱাহাটীত তেওঁ মুখ্যমন্ত্রী ড° শৰ্মাৰ লগতে আৰ এছ এছৰ কেইবাগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তাৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ পৰা সামাজ-অর্থনৈতিক পৰিস্থিতিলৈকে বিভিন্ন বিষয়ে স্থান লাভ কৰে। ইয়াৰ পাছতে তেওঁ বিয়লি গুৱাহাটীৰ পৰা নাগপুৰলৈ ৰাওনা হয়।