'অসমৰ সুৰক্ষা আমাৰ প্ৰতিজ্ঞা', 'বিকশিত অসম, জয় আই অসম', পদুম আঁকি মুখ্যমন্ত্রীয়ে আৰম্ভকৰিলে বিজেপিৰ দেৱাল লিখন

dainik janambhumi January 06, 2026

ডিজিটেল ডেস্ক: হেটত্রিক অৰ্জনেৰে দিছপুৰৰ মছনদত বহিবলৈ সাজু হৈছে শাসকীয় দল বিজেপি। নিৰ্বাচনৰ দিন এতিয়াও ঘোষণা কৰা হোৱা নাই যদিও কালিৰে পৰাই গেৰুৱা দলটোৱে ৰাজ্যজুৰি আৰম্ভ কৰিছে দেৱাল লিখন কার্যসূচী। 

গুৱাহাটী মহানগৰীৰ খানাপাৰাত এই দেৱাল লিখন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। দিশপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত খানাপাৰা
কেন্দ্ৰীয় বিদ্যালয়ৰ সমীপৱৰ্তী স্থানত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত পদুমৰ ছবি অংকন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আপাততঃ আনুষ্ঠানিকভাৱে নির্বাচনী প্ৰচাৰ অভিযানৰো আৰম্ভণি কৰে। 

গুৱাহাটীত মুখ্যমন্ত্রীয়ে দেৱাল লিখন অভিযান আৰম্ভ কৰাৰ পিছতেই দৰং জিলাৰ মঙলদৈ বিধানসভা সমষ্টিত উপস্থিত হৈ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই, ডিব্রুগড়ত কেন্দ্রীয় মন্ত্রী তথা প্রাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু ৰাজ্যৰ সকলো চহৰ, জিলা আৰু সমজিলাৰ সদৰ কেন্দ্ৰ, প্রতিটো বিধানসভা সমষ্টিকে ধৰি সকলো অঞ্চল সামৰি 'দেৱাল লিখন' কার্যক্রম দলীয় কার্যকর্তাসকলে আৰম্ভকৰে। ইফালে দেৱাল লিখন কার্যসূচীত অংশগ্রহণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, 'নিৰ্বাচনৰ বাবে বিজেপি সম্পূর্ণৰূপে সাজু হৈছে। 

কালিৰ পৰা দেৱাল লিখন কার্যসূচী সমগ্র অসমতেই আৰম্ভ হৈছে। সাংসদ মন্ত্ৰী-বিধায়কসকলৰ পৰা আৰম্ভ কৰি সকলো কার্যকর্তাই বিভিন্ন স্থানত এই অভিযানত ভাগ ল'ব। অৱশ্যে গৰাকীৰ অনুমতি সাপেক্ষেহে দেৱালত লিখা হ'ব বুলি জনাই মুখ্যমন্ত্রীয়ে লগতে কয় যে গৰাকীৰ অনুমতি লোৱাটোতেই বিজেপিৰ এক প্ৰকাৰে গণসংযোগ স্থাপন আৰু প্ৰচাৰ হ'ব। আমি বিগত দহ বছৰৰ খতিয়ান দাঙি ধৰি দেৱাল লিখনৰ দ্বাৰা ৰাইজলৈ বাৰ্তা প্ৰেৰণ কৰিছোঁ। 

'অসমৰ সুৰক্ষা, বিজেপিৰ প্ৰতিজ্ঞা', 'বিকশিত অসম, জয় আই অসম' এনেধৰণৰ কেইবাটাও শ্ল'গান লোৱা হৈছে।' প্রণিধানযোগ্য যে দলৰ সকলো মন্ত্রী-বিধায়ক, সাংসদকে ধৰি বুথ পৰ্যায়লৈকে বিভিন্ন দায়িত্বত থকা সকলো কার্যকর্তাই অংশগ্রহণ কৰিব লগীয়া এই অভিযান নির্বাচন সমাপ্ত নোহোৱালৈকে চলি থাকিব। কালিৰে পৰা আৰম্ভ হোৱা প্ৰথম পৰ্যায়ৰ 'দেৱাল লিখন'ৰ বাবে বাছনি কৰা শ্ল'গানসমূহ হৈছে- 'বিজেপি আমাক কিয় লাগে-সভ্যতা, সংস্কৃতি আৰু জীৱন সুৰক্ষাৰ বাবে-আকৌ এবাৰ বিজেপি চৰকাৰ', 'বিজেপি আমাক কিয় লাগে-আমাৰ মাটি, আমাৰ অধিকাৰৰ বাবে-আকৌ এবাৰ বিজেপি চৰকাৰ', 'বিজেপি আমাক কিয় লাগে-মহিলাৰ আৰ্থিক সবলীকৰণৰ বাবে-আকৌ এবাৰ বিজেপি চৰকাৰ', 'বিজেপি আমাক কিয় লাগে-মেধাৰ ভিত্তিত স্বচ্ছ নিযুক্তিৰ বাবে-আকৌ এবাৰ বিজেপি চৰকাৰ', 'বিজেপি আমাক কিয় লাগে-বিকশিত, সুৰক্ষিত আৰু আত্মনিৰ্ভৰ অসমৰ বাবে- আকৌ এবাৰ বিজেপি চৰকাৰ', 'অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা-অসমৰ দৰকাৰ বিজেপি চৰকাৰ', 'বিকশিত অসমৰ বাবে বিজেপিক ভোট দিওঁ আহক' আদি।

Share This