অভ্যন্তৰীণ দলীয় সংঘাত দূৰ কৰাৰ বাবেই কেৰালাত কংগ্ৰেছৰ বৃহৎ জয়

dainik janambhumi May 05, 2026

ডিজিটেল ডেস্ক: কেৰালাত কংগ্রেছ নেতৃত্বাধীন ইউনাইটেড ফ্রন্ট-এ (ইউ ডি এফ) ৯৯ খন আসনেৰে বিপুল সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ অহাৰ পথ প্রশস্ত কৰিছে। বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে যোৱা বৰ্ষৰ ডিচেম্বৰত হোৱা কেৰালাৰ পৌৰ নিকায়-নিগমৰ নিৰ্বাচনত লাভ কৰা অভূতপূর্ব সফলতাই কংগ্ৰেছক ৰাজ্যখনত পুনৰ শাসনলৈ অহাৰ ইংগিত বহন কৰিছিল। 

প্ৰায় এটা দশক ৰাজ্যখনৰ ক্ষমতাৰ পৰা আঁতৰি থকা কংগ্ৰেছে এইবাৰ বাওঁপন্থীৰ চৰকাৰখনক উৎখাত কৰাৰ পণ লৈছিল। দলটোৰ কৰ্মীৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা সৃষ্টি কৰি কংগ্ৰেছৰ শীর্ষ নেতৃত্বই এইবাৰ বিধানসভাৰ নিৰ্বাচনত অত্যধিক মনোনিৱেশ কৰে। পাঁচ বছৰ পূৰ্বে কেৰালাত কংগ্ৰেছৰ নেতাসকলৰ মাজত অভ্যন্তৰীণ সংঘাত আছিল। কিন্তু যোৱা এবছৰৰ পৰা জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ বিশেষ প্রচেষ্টাত কংগ্ৰেছৰ নেতাসকলৰ মাজত থকা অভ্যন্তৰীণ সংঘাতৰ অৱসান ঘটে। এইবাৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ হাইকমাণ্ড অধিক সতর্ক হয়। প্ৰায়বোৰ ৰাজ্যতে মুখ থেকেচা খোৱা কংগ্ৰেছৰ বাবে কেৰালাত ক্ষমতা দখল কৰাটো বৃহৎ প্রয়োজনীয়তা হৈ পৰে আৰু সেইবাবে দলীয় নেতা-কর্মীক একগোট কৰি হাইকমাণ্ডে এইবাৰ বিধানসভাৰ নিৰ্বাচনক বৃহৎ প্রত্যাহ্বান হিচাপে গ্ৰহণ কৰে। চলিত বছৰৰ আৰম্ভণিতে তিৰুৱনন্তপুৰমৰ সাংসদ শশী থাৰুৰৰ পৰা আৰম্ভ কৰে। বিজেপিয়ে গোপন মিতিৰালি কৰা বুলি চৰ্চাত থকা শশী থাৰুৰক মূলসুঁতিলৈ অনাত সফল হয় ৰাহুল গান্ধী। 

ৰাহুল গান্ধী আৰু সভাপতি মল্লিকার্জুন খর্গেই শশী থাৰুৰক মূলসুঁতিলৈ অনাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। কংগ্ৰেছৰ হাইকমাণ্ডে বিশ্বাসযোগ্য নেতা মধুসুধন মিস্ত্রিক দায়িত্ব দিয়ে কেৰালাৰ বিধানসভাৰ নিৰ্বাচনৰ টিকট আবণ্টনৰ। মধুসুধন মিস্ত্ৰিৰ নেতৃত্বত জয়ী হ'ব পৰা প্রার্থীসকলকহে এল ডি এফৰ প্ৰাৰ্থীৰ বিৰুদ্ধে অৱতীৰ্ণ কৰোৱা হয়। বিশেষকৈ ৰাজ্যখনত যুৱ নেতাসকলক প্রার্থিত্ব দি কংগ্ৰেছে গুৰুত্বপূৰ্ণ পদক্ষেপ ল'লে। 

মিস্ত্রী নির্বাচনী সমিতিয়ে কেইবাজনো কংগ্রেছী সাংসদক প্রার্থিত্বৰ পৰা বঞ্চিত কৰিলে। কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা বৰ্তমানৰ সাংসদ সুধাকৰণকো প্রার্থিত্ব নিদিলে দলটোৱে। তদুপৰি কংগ্ৰেছৰ বিচক্ষণ নেতা কে চি বেণুগোপালে বিদ্রোহী নেতাক সৈমান কৰাৰ কার্যত লিপ্ত হ'ল। দলটোৰ কেৰালাৰ তত্ত্বাৱধায়ক দীপা দাসমুন্সিয়ে ৰাজ্যখনত চৰকাৰ গঠনৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে।

Share This