দেশক ২২ লাখ দক্ষ গাড়ীচালকৰ প্ৰয়োজন 

dainik janambhumi April 04, 2025

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গডকাৰিয়ে বৃহস্পতিবাৰে কয় যে দেশক এতিয়া ২২ লাখ দক্ষ গাড়ীচালকৰ প্রয়োজন। গাড়ীচালকৰ সঠিক প্ৰশিক্ষণৰ সুবিধা নথকা বাবে বহু দুর্ঘটনা হৈছে। 

লোক সভাৰ প্ৰশ্নকালত গডকাৰিয়ে জনায় যে গাড়ীচালকৰ বাবে প্রশিক্ষণ প্রতিষ্ঠান স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৪,৫০০ কোটি টকীয়া এখন আঁচনি আৰম্ভ কৰিছে। তেওঁ লগতে কয় যে পর্যায়ক্রমে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত তেনে ১৬০০ প্রতিষ্ঠান স্থাপন কৰা হ'ব। 

ইয়াৰ ফলত ৬০ লাখ কর্মসংস্থান সৃষ্টি হ'ব। তেওঁ আৰু কয় যে সামূহিক প্রচেষ্টাকে ধৰি ইনষ্টিটিউট অব্ ড্রাইভিং ট্রেইনিং এণ্ড ৰিছাৰ্চ (আই ডি টি আৰ এছ), ৰিজিঅ'নেল ড্রাইভিং ট্রেইনিং চেণ্টাৰ (আৰ ডি টি চি) আৰু ড্রাইভিং ট্রেইনিং চেণ্টাৰ (ডি টি চি) স্থাপনৰ বাবে উপযুক্ত প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ অনুৰোধ জনোৱা হৈছে। 

তেওঁ আৰু কয় যে বিশ্ব বেংকৰ প্ৰতিবেদনৰ মতে, ভাৰতক আৰু ২২ লাখ গাড়ীচালক লাগে। মন্ত্রীজনে লগতে কয় যে প্ৰতি বছৰে পথ দুৰ্ঘটনাত ভাৰতত ১.৮ লাখ লোকৰ মৃত্যু হয় আৰু এই দুৰ্ঘটনাৰ বেছিভাগেই অপ্রশিক্ষিত গাড়ীচালকৰ বাবে হয়।

Share This