ডিজিটেল ডেস্ক: পৰিৱৰ্তনৰ শ্ল'গান আৰু উন্নয়নৰ ফোঁপোলা প্রতিশ্রুতিৰ মাজতেই এতিয়াও দুর্ভোগ অন্ত পৰা নাই পূৰ্বৰ জনিয়া সমষ্টিৰ তথা বৰ্তমানৰ ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত গোবিন্দপুৰ-দাপনাছিং সংযোগী মূল পথছোৱাৰ ব্যৱহাৰকাৰীসকলৰ।
বছৰ বছৰ ধৰি মেৰামতিৰ মুখ নেদেখা এই গুৰুত্বপূর্ণ পথছোৱাই এতিয়া অঞ্চলটোৰ হাজাৰ হাজাৰ লোকৰ বাবে এক অভিশাপ-সদৃশ হৈ পৰিছে। গোবিন্দপুৰ আৰু চিতুলী পঞ্চায়তৰ বাবে অতি গুৰুত্বপূৰ্ণ এই পথছোৱা বর্তমান সম্পূর্ণৰূপে যাতায়াতৰ অনুপযোগী হৈ পৰিছে। অঞ্চলটোৰ প্ৰাণকেন্দ্ৰ মন্দিয়ালৈ যোৱাৰ একমাত্র মাধ্যম হোৱা সত্ত্বেও পথটোৰ কেইবাটাও অংশত বিগত বানপানীৰ প্ৰবল সোঁতে পথছোৱাৰ কেইবাটাও অংশ উটাই লৈ গৈছে।
চৰকাৰী সাহায্যৰ আশাত ৰৈ নাথাকি ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে এটা ভঙা বাঁহৰ দলং নিৰ্মাণ কৰিছে যদিও সেয়াও এতিয়া জৰাজীৰ্ণ হৈ পৰিছে। জৰাজীৰ্ণ বাঁহৰ দলঙেৰে কণ কণ ছাত্র-ছাত্রী আৰু বৃদ্ধসকলে প্রাণ হাতত লৈ অহা-যোৱা কৰিবলগীয়া হয়। এজাক বৰষুণ দিলেই পথটো বোকাময় হৈ পৰে, ফলত যাতায়াত ব্যৱস্থা সম্পূর্ণ ব্যাহত হয়। আনহাতে, বতৰ শুকান হ'লে এখন বাইকৰ লগতে চাৰিচকীয়া গ'লেই ধূলিৰ কুঁৱলীয়ে আৱৰি ধৰে সমগ্র পথছোৱা। পথৰ বৃহৎ গাঁত আৰু পিছল অৱস্থাৰ বাবে প্রায় নিতৌ সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। জনপ্রতিনিধিৰ বিৰুদ্ধে ক্ষুব্ধ অঞ্চলবাসীৰ অভিযোগ, তিনিবাৰকৈ নিৰ্বাচিত হোৱা বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে এই গুৰুত্বপূৰ্ণ পথছোৱা মেৰামতিৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্রহণ নকৰিলে।
কেৱল বৰ্তমানৰ বিধায়কেই নহয়, প্রাক্তন বিধায়ক তথা প্রাক্তন সাংসদ আব্দুল খালেকৰ বিৰুদ্ধেও ৰাইজৰ মাজত তীব্র ক্ষোভ দেখা গৈছে। নিৰ্বাচনৰ সময়ত প্রতিশ্রুতিৰ বন্যা বোৱাই দিয়া নেতাসকলে নির্বাচন জিকাৰ পাছত গোবিন্দপুৰ-দাপনাসিং পথৰ কথা পাহৰি যোৱা বুলি ভুক্তভোগী ৰাইজে সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে।
২০২৬ৰ নিৰ্বাচন লক্ষ্য কৰি নতুন মুখৰ সন্ধান ৰাজনৈতিক দল আৰু পুৰণি নেতাসকলৰ প্ৰতাৰণাত অতিষ্ঠ হৈ এতিয়া বিকল্পৰ চিন্তা কৰিছে অঞ্চলবাসীয়ে। বিশেষকৈ স্কুল-কলেজীয়া ছাত্র-ছাত্ৰী আৰু সৰ্বসাধাৰণ ৰাইজে এইবাৰ ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনত উন্নয়নৰ হকে ভোট দিবলৈ আহ্বান জনাইছে সচেতন ৰাইজে। অঞ্চলটোৰ এজন ক্ষুব্ধ ভোটাৰৰ ভাষাত, 'আমি ৰাস্তা বিচাৰিছোঁ, উন্নয়ন বিচাৰিছোঁ। যি জনপ্রতিনিধিয়ে আমাক যাতায়াতৰ ন্যূনতম সুবিধা দিব নোৱাৰে, তেওঁক আমাক নালাগে। ২০২৬-ত আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সাজু হৈছোঁ। চৰকাৰী আঁচনিৰ ঢাক-ঢোলৰ মাজত মন্দিয়াৰ এই গ্রাম্য পথছোৱাই কেতিয়া পকীকৰণৰ মুখ দেখিব, সেয়া এতিয়াও এক ডাঙৰ প্রশ্নবোধক হৈ পৰিছে।