ডিজিটেল ডেস্ক : সংবিধান প্রণয়নৰ সময়তে ড° ভীমৰাও আম্বেদকাৰকে ধৰি স্বাধীন ভাৰতবৰ্ষৰ মহান ৰূপকাৰসকলে যি সপোন দেখিছিল, সেই সপোনক হাজাৰ প্ৰত্যাহ্বানৰ মূৰত সাকাৰ ৰূপ প্রদান কৰিলে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। এই অভিমত ৰাজ্যিক বিজেপিৰ।
গেৰুৱা দলটোৰ মতে, 'সংবিধান সভাত হোৱাৰ ৫-১০ বছৰৰ ভিতৰতে দেশৰ হোৱা বিতৰ্কৰ পিছত সিদ্ধান্ত হৈছিল যে সংবিধান গৃহীত সকলো নাগৰিকৰ কাৰণে সমান আইনৰ শাসন প্রতিষ্ঠা হ'ব। কিন্তু স্বাধীনতাৰ পৰৱৰ্তী কালত সুদীর্ঘ দিন শাসন কৰা কংগ্ৰেছে একমাত্র এক বিশেষ ধর্মাৱলম্বী লোকক তুষ্টিকৰণ কৰিবলৈ গৈ সংবিধানৰ নিৰ্দেশাত্মক নীতিত সন্নিৱিষ্ট সকলোৰে বাবে সমান আইন প্ৰৱৰ্তনৰ বিষয়টো পিছুৱাই নি থাকে। 'আইন সকলোৰে বাবে সমান' বোলা আপ্ত বাক্য শাৰী যে বহু ক্ষেত্ৰত বাস্তৱত ৰূপায়িত হৈ থকা নাছিল, তাৰ এক উদাহৰণ হ'ল দেশৰ মুছলমানসকলৰ বাবে প্ৰচলিত হৈ থকা সুকীয়া আইন।
মুছলিম পাৰ্ছনেল ল আৰু শ্বৰীয়তৰ মতান্ধ নীতিক একাকাৰ কৰি দেশৰ মুছলমান মহিলাসকলৰ ব্যক্তিগত, সামাজিক, অর্থনৈতিক অধিকাৰ ইমান দিনে খৰ্ব কৰি অহা হৈছিল। ধর্মীয় অধিকাৰৰ দোহাই দি এই কাম কৰা হৈছিল। এলান্ধু কলীয়া এনে মতবাদক প্রত্যাহ্বান জনাবলৈ কংগ্ৰেছৰ দৰে শাসকৰ সাহস হোৱা নাছিল।' এনে পৰিস্থিতিত বিজেপি তথা বিজেপিৰ পূর্বসূৰী জনসংঘই প্রতিষ্ঠা কালৰে পৰা ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকৰ কাৰণে একে আইন প্রণয়ন কৰিবলৈ যুঁজ দি আহিছে বুলি জনাই ৰাজ্যিক বিজেপিয়ে স্পষ্টভাৱে কয়, 'মুছলমান তুষ্টিকৰণত অভ্যস্ত দেশৰ বিৰোধী শক্তিসমূহে সদায়েই ইয়াৰ বিৰোধিতা কৰি আহিছে। সমগ্র দেশতে 'সম নাগৰিক সংহিতা' প্রণয়নৰ ক্ষেত্ৰত বিৰোধী দলসমূহে বিভিন্ন ধৰণৰ প্রত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। এনে সময়তে গুজৰাট আৰু উত্তৰাখণ্ডই লোৱা সাহসী পদক্ষেপৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই অসমতো সকলো নাগৰিকৰ কাৰণে সম আইন প্রতিষ্ঠাৰ প্ৰতিশ্রুতি ঘোষণা কৰিছিল। শেহতীয়া বিধানসভা নির্বাচনত অসম প্রদেশ বিজেপিৰ এক ঘোষিত প্রতিশ্রুতিও আছিল সকলো নাগৰিকৰ কাৰণে একে আইন প্রতিষ্ঠা কৰা। সেই অনুসৰি প্ৰতিশ্ৰুতি ৰক্ষা কৰি নিৰ্বাচিত চৰকাৰৰ প্ৰথমখন বিধানসভাৰ অধিৱেশনতে ইউ চি চি অর্থাৎ 'সম নাগৰিক সংহিতা' গৃহীত কৰা হ'ল।'
অসমৰ নৱ নিৰ্বাচিত এন ডি এৰ চৰকাৰ আৰু এই চৰকাৰৰ মুৰব্বী ড° হিমন্ত বিশ্ব শৰ্মাৰ এয়া যুগান্তকাৰী পদক্ষেপ। এনে ঐতিহাসিক পদক্ষেপক ভূয়সী প্রশংসা কৰিছে ৰাজ্যৰ সাধাৰণ নাগৰিকে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত ৰাজ্যিক বিজেপিৰ মুখপাত্র কমল কুমাৰ মেধিয়ে কয় যে সম নাগৰিক সংহিতা আইনে যুগ যুগ ধৰি মানৱীয় অধিকাৰৰ পৰা বঞ্চিত নাৰীসকলৰ অধিকাৰ সুৰক্ষিত কৰিব। বহুবিবাহ নিষিদ্ধকৰণৰ জৰিয়তে নিজৰ পৰিয়ালতে অসুৰক্ষিত, অপমানিত হৈ জীৱন অতিবাহিত কৰিবলৈ বাধ্য হৈ অহা নাৰীসকলে আইনী সুৰক্ষা তথা নিৰাপত্তা লাভকৰিব। বিবাহ আৰু বিবাহ-বিচ্ছেদৰ বাধ্যতামূলক পঞ্জীয়নে পুৰুষৰ ইচ্ছাত বন্দী নাৰীসকলে পাৰিবাৰিক আৰু সামাজিক মর্যাদা লাভ কৰিব। বিবাহ-বিচ্ছেদিত নাৰীসকলে যথাযথ ক্ষতিপূৰণ, ভৰণ-পোষণ তথা আৰ্থিক সুৰক্ষা লাভ কৰিব। এই আইনে উত্তৰাধিকাৰ আৰু সম্পত্তিৰ অধিকাৰ নিৰ্ধাৰণৰ বাবে এক সমান কাঠামো প্রতিষ্ঠা কৰিব।
সম নাগৰিক অধিকাৰে 'লিভ-ইন' সম্পর্কক আইনগত স্বীকৃতি প্রদানৰ লগতে পঞ্জীয়নসহ অধিকাৰ প্ৰাপ্তিৰ পথ মুকলি কৰিব। এই আইনে স্পষ্ট আইনগত ব্যৱস্থাৰ সৈতে নাগৰিকক ইচ্ছাপত্ৰ প্ৰস্তুত কৰাৰো অধিকাৰ প্ৰদান কৰিব। পৰম্পৰাগত আইনী ব্যৱস্থাৰে সুশৃংখলিত জনজাতি সমাজক সাংবিধানিক বিধান অনুসৰিয়েই এই আইনৰ আওতাৰ বাহিৰত ৰখা হৈছে। সপ্তপদী, আশীর্বাদ নিকাহ, হলি ইউনিয়ন, বৈদিক বিবাহ, আহোম চকলং বিবাহ, ব্রহ্ম ভগৱতী বিবাহ, আনন্দ কাৰজ আৰু সম নাগৰিক সংহিতাত স্পষ্টভাৱে স্বীকৃত অন্যান্য পৰম্পৰাগত ধর্মীয় অনুষ্ঠানসমূহ বৈধ বুলি এই আইনে গণ্য কৰিব। এই আইন বলবৎ হোৱাৰ লগে লগে আইন সকলোৰে বাবে সমান কথাষাৰি যথার্থ ৰূপত কাৰ্যকৰী হ'ব বুলিও বিবৃতিটোত মেধিয়ে উল্লেখ কৰে।