'ইক'নমিক টাইম'ৰ বাতৰিত মৌলবাদী শক্তিৰ উত্থানৰ তথ্য, পৰেশ বৰুৱাক পুনৰ বাংলাদেশলৈ আনিব খুজিছে পাকিস্তানে

dainik janambhumi December 20, 2025

ডিজিটেল ডেস্ক: উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ পৰা পৃথক কৰাৰ বাংলাদেশৰ ষড়যন্ত্ৰত পাকিস্তানে সহযোগ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলত অশান্তি সৃষ্টিৰ উদ্দেশ্যে পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আয়ে বাংলাদেশৰ জামাত-এ-ইছলামীৰ দৰে মৌলবাদী সংগঠনক উচটনি যোগোৱাৰ লগতে বিত্তৰ যোগানো ধৰি আহিছে। 

শেহতীয়াকৈ লাভকৰা তথ্য মতে পাকিস্তান এইবাৰ আন এক ষড়যন্ত্রত লিপ্ত হৈছে। এখন ইংৰাজী দৈনিক 'ইক'নমিক টাইমছ'-এ প্রকাশ কৰা বাতৰি এটাত কোৱা হৈছে যে পাকিস্তানে এতিয়া আলফা-স্বাধীনৰ মুৰববী পৰেশ বৰুৱাক বাংলাদেশলৈ অনাৰ চেষ্টা কৰি আছে। পাকিস্তানে এই বুলি আশা কৰিছে যে জামাত-এ-ইছলামীৰ দৰে যিবিলাক মৌলবাদী সংগঠনক বাংলাদেশৰ নিৰ্বাচনত সহায় কৰি আছে সেই সংগঠনবোৰৰ ভাৰত-বিৰোধী কার্যকলাপত পৰেশ বৰুৱাই সহযোগ কৰিব। 

উল্লেখযোগ্য যে অলপতে বাংলাদেশৰ এটা মৌলবাদী ছাত্র সংগঠনৰ নেতাই ভাৰতৰ পৰা সাতভনীক বিচ্ছিন্ন কৰাৰ ভাবুকি দিছিল। এই প্রসংগটোক লৈ ভাৰতৰ বিদেশ মন্ত্ৰ্যালয়ে বাংলাদেশৰ উচ্চায়ুক্ত ৰিয়াজ হানিদুল্লাক মাতি আনি সমালোচনাও কৰিছিল। ইক 'নমিক টাইম্‌ছে প্রকাশ কৰা বাতৰিটোত কোৱা হৈছে যে পাকিস্তানে পৰেশ বৰুৱাক বাংলাদেশত আশ্রয় দিয়াৰ চেষ্টা কৰি আছে। 

উল্লেখযোগ্য যে বাংলাদেশৰ বৰ্তমানৰ মহম্মদ ইউনুছৰ নেতৃত্বৰ অন্তৰ্বৰ্তী চৰকাৰৰ কাৰ্যকালত দেশখনত পাকিস্তানী সেনা আৰু আই এছ আইৰ হস্তক্ষেপ বৃদ্ধি পাইছে। অভিযোগ মতে, এনে অৱস্থাত জেনেৰেল আছিম মুনিৰৰ পাকিস্তানী সেনা তথা আই এছ আয়ে উত্তৰ পূৰ্বাঞ্চলৰ ভাৰত বিৰোধী উগ্রপন্থী আৰু বিচ্ছিন্নতাবাদী সংগঠনসমূহ আৰু ইয়াৰ নেতাসকলক ঢাকাত আশ্রয় দিয়াৰ প্রচেষ্টা চলাই আছে। ইয়াৰ ভিতৰত পৰেশ বৰুৱাও আছে বুলি কাকতখনৰ বাতৰিত উল্লেখ কৰা হৈছে। পাকিস্তানে এই বুলি আশা কৰিছে যে ফেব্ৰুৱাৰীত বাংলাদেশত হ'বলগীয়া নির্বাচনত ঢাকাত দেশখনৰ সমৰ্থন থকা চৰকাৰ গঠন হ'ব। তেতিয়া বাংলাদেশৰ পৰা ভাৰত-বিৰোধী কার্যকলাপ চলাই যাব পাৰিব। এনে অৱস্থাত উত্তৰ-পূৰ্বাঞ্চলৰ উগ্রপন্থী সংগঠনসমূহক বাংলাদেশত সংস্থাপিত কৰিব পাৰিলে ভাৰত-বিৰোধী কার্যকলাপ চলাই নিয়াত অধিক সুবিধা হ'ব। বাংলাদেশ বিষয়ক বিশেষজ্ঞসকলে কয় যে পূর্বতে বাংলাদেশত বি এন পি আৰু জামাতৰ চৰকাৰ থকাৰ সময়ত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিল। ২০০৪ চনত বাংলাদেশত অস্ত্র-শস্ত্ৰৰে ভৰ্তি এখন ট্রাক জব্দ কৰা হৈছিল। এই অস্ত্র-শস্ত্ৰখিনি আলফাৰ আছিল বুলি কোৱা হৈছে। সেই সময়ত পৰেশ বৰুৱা বাংলাদেশৰ পৰা পলায়ন কৰে। পৰেশ বৰুৱাক ৰুইলীৰ পৰা পলায়ন কৰাত চীনে সহায় কৰা বুলি দাবী কৰা হৈছিল। এই দুয়োটা স্থানেই চীনৰ ইউনান প্ৰদেশত। ৰুইলী অৰুণাচল-ম্যানমাৰ সীমান্তত। ইফালে বাংলাদেশত বর্তমান চলি থকা হিংসাত্মক ঘটনাৰ সময়ত আই এছ আয়ো দেশখনত সক্রিয় হৈছে। চোৰাংচোৱাৰ সূত্ৰৰ মতে, আই এছ আয়ে বাংলাদেশত ইয়াৰ পুৰণি সহযোগী জামাত-এ-ইছলামী আৰু ইয়াৰ সৈতে জড়িত ছাত্র সংগঠন তথা মাদ্রাছাসমূহক এই বুলি নির্দেশ দিয়ে যে ছাত্র নেতা উছমান হাদীৰ হত্যাৰ পাছত হোৱা হিংসাত্মক আন্দোলনৰ নেতৃত্বৰ দায়িত্ব ল'ব নালাগে। ইয়াৰ পৰিৱৰ্তে পৰ্দাৰ পিছৰ পৰা আন্দোলনক উৎসাহিত কৰিব লাগে। ইয়াৰ উদ্দেশ্য হ'ল এই আন্দোলনক স্বতঃস্ফূর্ত হোৱা যেন যাতে লাগে। 

আনহাতে আই এছ আয়ে আন্দোলনত সক্রিয়ভা ৱে জড়িত হোৱাৰ পৰিৱৰ্তে ইছলামিক নেটৱৰ্ক স্থাপন কৰাতহে গুৰুত্ব দিয়ে। অশান্তিক প্ৰভাৱিত কৰাৰ বাবে পাকিস্তানৰ প্ৰতি সমর্থন থকা বাংলাদেশী সংবাদ মাধ্যমৰ লোকৰ জৰিয়তে পুঁজিৰো যোগান ধৰা হৈছে। ইয়াৰ উপৰি ভালেমান সামাজিক মাধ্যমৰ একাউণ্ট এতিয়াও পাকিস্তানৰ পৰা পৰিচালিত কৰা হৈছে। ইয়াৰ জৰিয়তে বাৰম্বাৰ ভাৰত-বিৰোধী বিষোদ্গাৰ প্ৰচাৰ কৰি থকা হৈছে।

Share This