ডিজিটেল ডেস্ক: অসম, কেৰালা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিম বংগৰ আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ আগত কঠোৰ নিৰ্দেশনাৰ অংশস্বৰূপে ভাৰতৰ নিৰ্বাচন আয়োগে বিজ্ঞাপন বিষয়ত কিছু নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি সকলো বিজ্ঞাপনেই বৈদ্যুতিন মাধ্যম আৰু সামাজিক মাধ্যমত প্রকাশ হোৱাৰ আগতে ৰাজনৈতিক দল, প্রার্থী আৰু সংশ্লিষ্ট গোটে আগতীয়া অনুমোদন পাব লাগিব।
নির্বাচন আয়োগে কয় যে প্ৰচাৰৰ সময়ত স্বচ্ছতা নিশ্চিত কৰিবলৈ তথা অপপ্ৰচাৰ নাইকিয়া কৰিবলৈ এই পদক্ষেপ গ্রহণ কৰা হৈছে। নির্দেশনা মতে টেলিভিছন, ৰেডিঅ' ৰাজহুৱা অডিঅ' ভিচুৱেল প্রকাশ, ই-পেপাৰ, বৃহৎসংখ্যক মেছেজ প্ৰেৰণ বা সামাজিক মাধ্যম য'তেই নহওক, যিকোনো ৰাজনৈতিক বিজ্ঞাপন আগতীয়াকৈ মিডিয়া চার্টিফিকেশ্যন এণ্ড মনিটৰিং কমিটীৰ (এম চি এম চি) দ্বাৰা অনুমোদন লাভ কৰিব লাগিব।
নিৰ্দেশনাৱলীৰ মতে, ব্যক্তিগত প্রার্থীয়ে প্রামাণীকৰণৰ বাবে জিলা পৰ্যায়ৰ এম চি এম চিৰ ওচৰত আৱেদন জনাব পাৰিব। আনহাতে ৰাজ্যসমূহ বা কেন্দ্রীয় শাসিত অঞ্চলত মুখ্য কার্যালয় থকা স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দলবোৰে ৰাজ্যিক পৰ্যায়ৰ এম চি এম চিৰ ওচৰত আৱেদন জনাব পাৰিব। আনহাতে জিলা বা ৰাজ্যিক সমিতিৰ সিদ্ধান্তৰ বিৰুদ্ধে জনোৱা প্রত্যাহ্বানৰ শুনানিৰ বাবেও মুখ্য নির্বাচনী বিষয়াৰ অধ্যক্ষতাত এখন আপলেট সমিতি গঠন কৰা হৈছে।
ডিজিটেল ক্ষেত্রত জবাবদিহিতা বৃদ্ধি কৰিবলৈ লোৱা পদক্ষেপৰ পৰিপ্ৰেক্ষিতত এতিয়া প্রার্থীসকলে মনোনয়নৰ সৈতে দিয়া শপতনামাত তেওঁলোকৰ প্ৰামাণিক সামাজিক মাধ্যমৰ একাউণ্টৰ বিস্তৃত তথ্য প্রকাশ কৰিব লাগিব। এই পদক্ষেপে প্ৰচাৰ কাৰ্যকলাপ আৰু ব্যয় অধিক দক্ষতাৰে অনুসৰণ কৰিবলৈ কৰ্তৃপক্ষক সহায় কৰিব।