ফকিৰগঞ্জত অব্যাহত ব্ৰহ্মপুত্ৰৰ খহনীয়া

dainik janambhumi May 12, 2026

ডিজিটেল ডেস্ক : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত বৃহত্তৰ ফকিৰগঞ্জত মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াত যোৱা তিনি বছৰত হাজাৰ হাজাৰ মানুহৰ ঘৰ-বাৰী আৰু  হেজাৰ হেজাৰ হেক্টৰ কৃষিভূমি নদীৰ গৰ্ভত বিলীন হৈছে। যোৱা ৫ দিন ধৰি ব্ৰহ্মপুত্ৰৰ খহনীয়াই তাণ্ডৱ সৃষ্টি কৰাত ইতিমধ্যে কেইবাশ মানুহৰ ঘৰ-বাৰী নদীত জাহ গৈছে। বৃহত্তৰ ফকিৰগঞ্জৰ ঐতিহ্য মণ্ডিত ধাপান পাৰা জামে মছজিদ সকলোৰে চকুৰ সন্মুখত সম্পূর্ণভাৱে ব্রহ্মপুত্র নদীত জাহ যোৱাত বৃহত্তৰ ফকিৰগঞ্জৰ লোকে গভীৰ দুখ প্রকাশ কৰিছে।

ইপিনে ৰাজ্যখনত নেৰানেপেৰা বৰষুণৰ ফলত হঠাৎ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত ফকিৰগঞ্জ, হাজিৰ হাট, সুখচৰ আৰু ভাৰত-বাংলাদেশ সীমান্তৰ বাংৰীৰচৰ গাঁৱত খহনীয়াৰ সৃষ্টি হৈছে। ইপিনে ফকিৰগঞ্জ নৈপৰীয়া ৰাইজৰ মাজত এক আতংকময় পৰিৱেশ সৃষ্টি হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাখন খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ হ'লে চৰকাৰে এক বিজ্ঞানসম্মত আঁচনি ৰূপায়ণ কৰি বণ্ডাৰ প্রটেকশ্যনৰ ব্যৱস্থা নকৰিলে জিলাখন এটা সময়ত ৭০ শতাংশ ঠাইনদীৰ গৰ্ভত বিলীন যে হ'ব সেয়া নিশ্চিত।

জিলাখনৰ বিভিন্ন দল-সংগঠনে বহুবাৰ চৰকাৰ তথা প্ৰশাসনৰ ওচৰত খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে দাবী জনাইছিল যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। জিলাখনৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা মাথোঁ দুই কিল'মিটাৰ দূৰত্বত থকা কালাইৰ আলগাত থকা ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰাৰ খুটা বৰ্তমান নদীত জাহ যোৱাৰ উপক্ৰম হৈছে। কিবা কাৰণত যদি কাঁইটীয়া তাঁৰৰ বেৰা নদীৰ গর্ভত বিলীন হয় তেন্তে জিলাখন অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া যে হ'ব সেয়া নিশ্চিত।

Share This