ডিজিটেল ডেস্ক: ইয়াত কোনো সন্দেহ নাই যে আমি আমাৰ মুখমণ্ডল উজ্জ্বল কৰিবলৈ বিভিন্ন ধৰণৰ বিউটি আৰু স্কিন কেয়াৰ প্ৰডাক্ট ব্যৱহাৰ কৰোঁ। কিন্তু আমি এয়াও জানো যে এইবোৰত থকা ক্ষতিকৰ ৰাসায়নিক পদাৰ্থই আমাৰ ছালৰ যথেষ্ট ক্ষতি কৰে আৰু বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া (aging process) খৰতকীয়া কৰে। বিভিন্ন ধৰণৰ প্ৰডাক্ট ব্যৱহাৰ কৰাৰ পিছতো বহু পুৰুষ-মহিলাই বিচাৰে যাতে তেওঁলোকৰ ছালখন প্ৰাকৃতিকভাৱে জিলিকি উঠক।
মুখৰ সৌন্দৰ্য কেৱল বাহ্যিক যত্নৰ ওপৰতে নিৰ্ভৰ নকৰে, বৰঞ্চ ই শৰীৰক ভিতৰৰ পৰা পৰিষ্কাৰ ৰখা, সন্তুলিত হজম শক্তি আৰু এক স্বাস্থ্যকৰ জীৱনশৈলীৰ ফলাফল। ইয়াৰ উপৰিও ই বাত, পিত্ত আৰু কফৰ ভাৰসাম্যৰ ওপৰতো নিৰ্ভৰ কৰে। যেতিয়া আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ (toxins) বাহিৰ হৈ যায় আৰু পৰ্যাপ্ত পৰিমাণে পুষ্টি পোৱা যায়, তেতিয়া ছালখন প্ৰাকৃতিকভাৱেই উজলি উঠে।” আজি আমি আপোনালোকক এনে কিছুমান বস্তুৰ বিষয়ে ক’বলৈ ওলাইছোঁ, যিবোৰ সদায় পুৱা খালী পেটত খালে আপুনি আপোনাৰ ছালত এক আচৰিত চমক পাব পাৰে।
১. পুৱা উঠি কুহুমীয়া পানী খাওক
স্বাস্থ্যকৰ আৰু পৰিষ্কাৰ ছালৰ বাবে আপুনি সদায় দিনটোৰ আৰম্ভণি এক বা দুই গিলাচ কুহুমীয়া পানীৰে কৰাটো অতি প্ৰয়োজনীয়। এনে কৰিলে আপোনাৰ শৰীৰ হাইড্ৰেটেড হৈ থকাত আৰু হজম প্ৰক্ৰিয়া উন্নত কৰাত সহায় কৰিব পাৰে। ডাইজেচন প্ৰক্ৰিয়া উন্নত হ’লে ছালখন পৰিষ্কাৰ আৰু স্বাস্থ্যকৰ হ’বই, লগতে শৰীৰত পানীৰ অভাৱো নহ’ব।”
২. ৪-৭ টা তিয়াই থোৱা বাদাম খাওক
যদি আপুনি গোটেই ৰাতিটো এমুঠি বাদাম তিয়াই থৈ দিয়ে আৰু পুৱা উঠি তাৰে ৪ ৰ পৰা ৭ টা বাদাম খায়, তেন্তে ই ছালৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। বাদামত হেল্থী ফেট আৰু ভিটামিন ই থাকে, যিয়ে বয়স বৃদ্ধিৰ লক্ষণসমূহ (aging signs) হ্ৰাস কৰাত সহায় কৰে। ‘নেচনেল লাইব্ৰেৰী অৱ মেডিচিন’ৰ মতে, “বাদামক পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ এক স্ন্যাক্স হিচাপে গণ্য কৰিব পাৰি, যিয়ে শালমইনাৰ (pimples) সাধাৰণ চিকিৎসাৰ লগতে ছাল আৰু মেটাবলিজমৰ স্বাস্থ্যৰ বাবে দীৰ্ঘম্যাদীভাৱে উপকাৰ কৰিব পাৰে।”
৩. প্ৰতি পুৱা আমলখি খাওক
আয়ুৰ্বেদত আমলখিক অতি উপকাৰী ঔষধি গুণযুক্ত ফল হিচাপে গণ্য কৰা হয়। কাৰণ ই ভিটামিন চি-ৰে ভৰপূৰ, যিয়ে কলাজেন (collagen) তৈয়াৰ কৰাত সহায় কৰে, ছালখন সতেজ তথা উজ্জ্বল কৰি ৰাখে আৰু তেজ পৰিষ্কাৰ (blood purification) কৰাত সহায় কৰে।
৪. এলোভেৰা ৰসৰ সেৱন
সীমিত পৰিমাণে এলোভেৰা (ঘৃতকুমাৰী) সেৱন কৰিলে ছাল আৰু হজম শক্তি দুয়োৰে বাবে উপকাৰী হ’ব পাৰে। যদি আপুনি প্ৰতি পুৱা এলোভেৰাৰ ৰস পান কৰে, তেন্তে ই শৰীৰক ডিটক্স (detox) কৰাত, ছালৰ আৰ্দ্ৰতা ধৰি ৰখাত, শালমইনা আৰু ছালৰ অন্যান্য সমস্যাসমূহ হ্ৰাস কৰাত সহায় কৰিব পাৰে।
বিশেষজ্ঞৰ মত: কেৱল খালেই নহ’ব...
বিশেষজ্ঞই কয় যে কেৱল সঠিক খাদ্য গ্ৰহণ কৰিলেই ছালত উজ্জ্বলতা নাহিব, বৰঞ্চ আপুনি আপোনাৰ জীৱনশৈলীৰো সংশোধন কৰিব লাগিব। ইয়াৰ বাবে পৰ্যাপ্ত পৰিমাণে ভাল টোপনি যাব লাগিব, নিয়মীয়াকৈ ব্যায়াম বা যোগাসন কৰিব লাগিব, মানসিক চাপ (stress) নিয়ন্ত্ৰণ কৰিব লাগিব আৰু পানী খোৱাৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব। তেতিয়াহে আপোনাৰ ছালখন প্ৰাকৃতিকভাৱে জিলিকি উঠিব।
উৎস: প্ৰাগ নিউজ ডিজিটেল