চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ উপন্যাসৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰ ‘মৰমৰ দেউতা’

Nikimoni Kachari December 11, 2025

ডিজিটেল ডেস্কঃ স্বনামধন্য সাহিত্যিক তথা চলচ্চিত্ৰ নির্মাতা ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ জনপ্ৰিয় উপন্যাসৰ আধাৰত নৱ-নিৰ্মিত অসমীয়া চলচ্চিত্ৰ ‘মৰমৰ দেউতা’, ২৩তম চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশ্ব প্ৰিমিয়াৰৰ বাবে সাজু হৈছে। 


অহা ১১ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ চেন্নাইত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত পোন প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হ’ব ‘মৰমৰ দেউতা’। হিমজ্যোতি তালুকদাৰৰ দ্বাৰা পৰিচালিত আৰু মমতা মহিলাৰীৰ দ্বাৰা প্ৰযোজিত ছবিখনৰ মূল চৰিত্ৰসমূহত অভিনয় কৰিছে ইতিমধ্যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ অভিনয়েৰে বিশেষ স্থান দখল কৰা অসমীয়া চিনেমাত নৱাগত বোধিসত্ত্ব শৰ্মা, লগতে মিণ্টু বৰুৱা, অপর্ণা দত্ত চৌধুৰী, গৌৰৱ বৰা, অৰুণ নাথ, কুল কুলদীপৰ লগতে অন্য বহুকেইগৰাকী নৱাগত তথা প্ৰবীণ অভিনয় শিল্পীয়ে।

১৯৮৯ চনত শিশু অলোচনী ‘সঁফুৰা’ত ধাৰাবাহিক ৰূপত প্ৰকাশিত ড° শইকীয়াৰ এই উপন্যাসখন অসমীয়া সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ কিশোৰকেন্দ্ৰিক উপন্যাস হিচাপে গণ্য কৰা হয়। নব্বৈ দশকত অসমৰ শিক্ষানুষ্ঠানসমূহৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হোৱা এই উপন্যাসখনে কিশোৰ মানসিকতা আৰু পৰিয়ালকেন্দ্ৰিক আৱেগিক সম্পৰ্কসমূহক এক বলিষ্ঠ ৰূপত উপস্থাপন কৰিছিল। 

উপন্যাসখনৰ চলচ্চিত্ৰ ৰূপান্তৰণৰ বিষয়ে ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ সহধৰ্মিণী তথা ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাসৰ পৰিচালন ন্যাসৰক্ষী প্ৰীতি শইকীয়াই উল্লেখ কৰে যে, “মৰমৰ দেউতা"ৰ চলচ্চিত্ৰ ৰূপ আৰু চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ইয়াৰ প্ৰথম প্ৰদৰ্শন এক উল্লেখযোগ্য কীৰ্তি আৰু গৌৰৱৰ ক্ষণ। এই উপন্যাসখন ড° শইকীয়াই অতি আন্তৰিকতাৰে লিখি উলিয়াইছিল, যিয়ে কেইবাটাও প্ৰজন্মৰ মাজত প্ৰভূত জনপ্ৰিয়তা লাভ কৰি আহিছে। আশা কৰোঁ উপন্যাসখনৰ চলচ্চিত্ৰৰূপে নতুন প্ৰজন্মৰ মাজত ড° শইকীয়াৰ সৃষ্টিৰাজি বলিষ্ঠ ৰূপত দাঙি ধৰিবলৈ সক্ষম হ’ব।”

সমসাময়িক দর্শকক কালজয়ী অসমীয়া সাহিত্যৰ সৈতে পুনৰ সংযোগ কৰোৱা আৰু দেশৰ এগৰাকী বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা সাহিত্যিক ড‌° ভবেন্দ্ৰ নাথ শইকীয়াৰ সৃষ্টিৰাজিক সঠিক দিশত উপস্থাপনেৰে চলচ্চিত্ৰখনে দৰ্শকৰ মাজত এক বিশেষ স্থান দখল কৰিব বুলি চিত্ৰনিৰ্মাতা আশাবাদী। ২০২৬ বৰ্ষত চলচ্চিত্ৰখন অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ চিত্ৰগৃহত মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে।

 

উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This