ডিজিটেল ডেস্ক: 'কেৱল ভাৰতৰে নহয়, বিশ্ব ক্রিকেটৰ নৱাগতক আই পি এলৰ দৰে মঞ্চত সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এটা দর্শন। আমি এই ক্রিকেটীয় দর্শনক কেতিয়াও দলৰ ৰণনীতিৰ পৰা বাদ নিদিওঁ। কাৰণ ভাৰতৰ লগতে বিশ্ব ক্রিকেটৰ ভৱিষ্যতক উজ্জ্বল তথা মজবুত কৰি ৰাখিবলৈ নৱাগতক নিজৰ প্রতিভা বিকাশ কৰাৰ সুযোগ আই পি এলৰ দৰেই মঞ্চই দিবই লাগিব।' এই মন্তব্য ৰাজস্থান ৰয়েলছৰ মুখ্য প্রশিক্ষক তথ্য ক্রিকেট অধ্যক্ষৰো দায়িত্বত থকা কুমাৰ ছাংগাকাৰাৰ।
উল্লেখযোগ্য যে চলিত ১৯ সংখ্যক ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আই পি এল-২০২৬) আজি গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত হ'বলগীয়া প্রথমখন মেচত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। কালি সংবাদমেলত আৰ আৰ দলৰ শ্রীলংকান কিংবদন্তি ক্রিকেটাৰগৰাকীয়ে নতুন ছিজন তথা আজিৰ প্রথম মেচত এটা ভাৰসাম্য দলৰে উন্নত ক্রিকেট খেলিব বুলি আত্মবিশ্বাসেৰে ব্যক্ত কৰে। অৱশ্যে মূল একাদশ বা বেটিং-বলিং কম্প'জিশ্যনক লৈ কোনো মন্তব্য প্রকাশ কৰা নাই প্রশিক্ষকগৰাকীয়ে।
ইফালে, অসম সন্তান ৰিয়ান পৰাগক দলৰ স্থায়ী অধিনায়কৰ দায়িত্ব দিয়াক লৈ মন্তব্য প্রকাশ কৰি ছাংগাক্কাৰাই কয় যে ৰিয়ানৰ লগতে ৰবীন্দ্র জাদেজা, সন্দিপ শর্মা, ধ্ৰুৱ জুৰেল, যশস্বী জয়ছোৱালো অধিনায়কৰ তালিকাত আছিল। কিন্তু সকলোৰে লগত আলোচনা কৰি তথা যোৱা ছিজনত আৰ আৰ দলক নেতৃত্ব দিয়াৰ অভিজ্ঞতাৰ ফালৰ পৰা ৰিয়ানক নির্বাচিত কৰা হৈছে। 'মই নিজেও অধিনায়ক আছিলোঁ। কেৰিয়াত বহু ভুল কৰিছোঁ। কিন্তু অধিনায়কৰ দায়িত্ব হ'ল দলটোক একগোট কৰি ৰখা। ৰিয়ান এই দিশত অভিজ্ঞ তথা দক্ষ।' ছাংগাক্কাৰাই কয়। আই পি এলৰ নতুন নিলামৰ সুবিধা লাভ কৰাত ৰাজস্থান ৰয়েলছে এটা ভাৰসাম্য দল গঠন কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ ব্যক্ত কৰে।
উল্লেখযোগ্য যে অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ উদ্বোধনী বর্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে এইবাৰ সাতখন ঘৰুৱা মেচৰ তিনিখন খেল গুৱাহাটীত খেলিব। সেই অনুসৰি আজি গুৱাহাটীত হ'বলগীয়া প্রথমখন মেচত ৰাজস্থান ৰয়েলছ পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰে মুখামুখি হ'ব। আনহাতে, অহা সাত এপ্রিলত এ ডি এ ষ্টেডিয়ামৰ দ্বিতীয়খন মেচত ৰাজস্থান ৰয়েলছৰ প্রতিদ্বন্দ্বী হ'ব পাচবাৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ। ইফালে, বিগত আই পি এলৰ চেম্পিয়ন আৰ চি বিয়ে অহা ১০ এপ্রিলত গুৱাহাটীত হ'বলগীয়া তৃতীয় মেচখনত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব।