শ্রীলংকাৰ বিৰুদ্ধে আজি প্রথম টি-২০

dainik janambhumi December 21, 2025

ডিজিটেল ডেস্ক: দুটাৰ মাজত কাইলৈ ইয়াত পাঁচখনীয়া টি-২০ শৃংখলাৰ প্রথমখন মেচ অনুষ্ঠিত হ'ব। এই শৃংখলাটোত ভাৰতীয় দলে অহা বছৰ অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্ব কাপৰ বাবে তৰুণ খেলুৱৈৰ সন্ধান কৰিব, যাতে দীঘলীয়া সময়ৰ বাবে দললৈ সুস্থিৰতা আনিব পাৰে। 

দলত অধিনায়িকা হৰমনপ্রীত কৌৰ, সহঃ অধিনায়িকা স্মৃতি মান্ধানা, জেমিমা ৰড্রিগুৱেজ, দীপ্তি শৰ্মা আৰু ৰেণুকা সিঙৰ দৰে পৰিচিত খেলুৱৈ আছে। কিন্তু সকলো খেলুৱৈৰে বয়স হয় ৩০ বছৰ পাৰ হৈছে অথবা ইয়াৰ কাষ চাপিছে। এনে অৱস্থাত টীম মেনেজমেন্টে উদীয়মান উইকেটকীপাৰ বেটাৰ জি কমলিনী আৰু বাওঁহতীয়া স্পীনাৰ বৈষ্ণৱী শৰ্মাৰ ওপৰত বিশেষভাৱে দৃষ্টি ৰাখিব। ১৭ বছৰীয়া কমলিনীয়ে বি চি চি আই ২৩ বছৰ অনূর্ধ্ব টি-২০ টুফী, ১৯ বছৰ অনূর্ধ্বৰ বিশ্ব কাপ আৰু মহিলা প্রিমিয়াৰ লীগত নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছে। বৈষ্ণৱীয়ে ১৯ বছৰ অনূর্ধ্বৰ বিশ্ব কাপত ১৭টা উইকেট লৈ নির্বাচকসকলৰ দৃষ্টি আকর্ষণ কৰে।

ইফালে বিবাহ বাতিল হোৱাৰ পাছত ব্যক্তিগত জীৱনত সম্মুখীন হোৱা সমস্যাৰ পাছত স্মৃতিয়ে শৃংখলাটোত কেনেধৰণৰ প্ৰদৰ্শন কৰে সেইটোও লক্ষণীয় হ'ব।

Share This