জনসংখ্যাৰ ৰূপ

Dainik Janambhumi October 30, 2024

ডিজিটেল ডেস্কঃ আনুষ্ঠানিকভাৱে চৰকাৰে ঘোষণা কৰা নাই যদিও অহা বৰ্ষত, অৰ্থাৎ ২০২৫ চনত দেশত লোকপিয়ল কৰা হ’ব৷ কেৱল লোকপিয়লেই নহয়, ২০২৬ বৰ্ষত লোকপিয়লৰ তথ্য প্ৰকাশৰ পাছত ২০২৭ বৰ্ষত দেশৰ লোক সভাৰ সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ কাম আৰম্ভ হ’ব আৰু ২০২৮ বৰ্ষত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ ২০২৯ বৰ্ষত দেশৰ সাধাৰণ নিৰ্বাচনটো নতুন সমষ্টি অনুসৰি অনুষ্ঠিত কৰা হ’ব বুলি প্ৰকাশ পাইছে৷ ইতিমধ্যে প্ৰকাশ হৈছেই যে চৈধ্য বছৰৰ মূৰত দেশত লোকপিয়ল হ’ব৷ পূৰ্বৰ পদ্ধতি অনুসৰিয়ে এইবাৰৰ লোকপিয়ল সম্পন্ন হ’লে তাক লৈ বিশেষ উৎসুকতাৰ কাৰণ নাথাকিব৷ কাৰণ এনেকুৱা এটা সাধাৰণ লোকপিয়লে দেশৰ জনসংখ্যাৰ আকাৰটো পোহৰলৈ অনাৰ লগতে পুৰুষ-মহিলাৰ অনুপাত, বয়স ভিত্তিক জনসংখ্যাৰ অনুপাত, অনুসূচিত জাতি বা জনজাতিৰ নে সাধাৰণ জাতিৰ তাৰ এটা আপেক্ষিক ছবি জনসাধাৰণৰ সন্মুখত তুলি ধৰিব৷

কিন্তু এইবাৰ লোকপিয়লৰ প্ৰসংগ উত্থাপন হোৱাৰ লগে লগে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছকে ধৰি শাসক-বিৰোধীৰ বিভিন্ন দল সৰৱ হৈ পৰিছে লোকপিয়লত জাতিগত পিয়লকো সাঙুৰি লোৱাৰ বাবে৷ জাতিগত লোকপিয়লৰ বিষয়টো প্ৰথম বিহাৰৰ পৰা আৰম্ভ হয়৷ হৈ যোৱা লোক সভাৰ নিৰ্বাচনৰ কেইমাহমান পূৰ্বে বিহাৰ চৰকাৰে বহু বিতৰ্কিত জাতিগত লোকপিয়ল ৰাজ্যখনত সম্পন্ন কৰে৷ এই লোকপিয়লতে প্ৰকাশ পায় যে বিহাৰৰ জনসংখ্যাৰ সৰ্বাধিক অংশটোৱেই হৈছে অন্যান্য পিছপৰা শ্ৰেণীৰ, অৰ্থাৎ অ’ বি চিৰ৷ ৰাজ্যখনত অ’ বি চি জনসংখ্যা ৬৩ শতাংশ৷ ১৩ কোটি জনসংখ্যাৰ ৰাজ্যখনত অনুসূচিত জাতিৰ জনসংখ্যা ১৯ শতাংশ আৰু অনুসূচিত জনজাতিৰ ১.৬৮ শতাংশ৷ লোক সভাৰ নিৰ্বাচনৰ আগৰে পৰাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সমগ্ৰ দেশতে জাতিভিত্তিক লোকপিয়লৰ দাবী জনাই আহিছে৷ তেওঁ লোক সভাৰ নিৰ্বাচনত ইয়াক ‘ইছ্যু’ হিচাপে লৈ কৈছিল যে কংগ্ৰেছ ক্ষমতালৈ আহিলে সমগ্ৰ দেশতে জাতিভিত্তিক লোকপিয়ল কৰিব৷ যোৱা ২৪ আগষ্টত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আয়োজিত ‘সংবিধান সন্মান সন্মিলন’ত ভাষণ দিওঁতেও গান্ধীয়ে তেওঁৰ উক্ত দাবীৰ সমৰ্থনত কয় যে জাতিভিত্তিক লোকগণনা নোহোৱা বাবে দেশৰ ৯০ শতাংশ লোকেই চৰকাৰী ব্যৱস্থাটোৰ উপযুক্ত ফলপ্ৰাপ্তিৰ পৰা বঞ্চিত হৈ ৰৈছে৷ তেওঁ কয়– ‘আমাৰ দেশখনত বসবাস কৰা বিভিন্ন জাতি-গোষ্ঠীৰ তালিকা লাগে৷ আমাৰ বাবে জাতিভিত্তিক পিয়ল এক নিয়ম মাফিক লোকগণনা নহয়, ই হ’ব নীতি নিৰ্ধাৰণৰ আধাৰ৷ কেনেকৈ দেশৰ সম্পদসমূহ বিতৰণ হৈছে সেইটো জনাটো অতি জৰুৰী হৈছে৷ আমোলাতন্ত্ৰত, ন্যায়পালিকাত, সংবাদ মাধ্যমত কিমান অ’ বি চি, কিমান দলিত, কিমান শ্ৰমিকে প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছে সেইটো জনাও সমানেই গুৰুত্বপূৰ্ণ৷’ এতিয়া লোকপিয়লৰ প্ৰসংগ উত্থাপন হোৱাৰ লগে লগে কংগ্ৰেছসহ বিৰোধী দলসমূহ জাতিভিত্তিক পিয়লক লৈ অধিক সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে৷ কংগ্ৰেছে কৈছে যে এইবাৰৰ লোকপিয়লত জাতিভিত্তিক পিয়লক সাঙুৰি লোৱা নহ’লে অ’ বি চিকে ধৰি অন্যান্য জাতি-জনগোষ্ঠীসমূহক প্ৰতাৰণা কৰা হ’ব৷ বাওঁপন্থী দলসমূহেও অনুৰূপ দাবী উত্থাপন কৰিছে৷ সকলোৰে এটাই কথা যে জাতিভিত্তিক পিয়ল সম্পন্ন হ’লেহে দেশখনৰ প্ৰকৃত অৱস্থাটো অনুধাৱন কৰিব পৰা যাব আৰু সেই অনুসৰি চৰকাৰী নীতিসমূহ নিৰ্ধাৰণ কৰিব পৰা যাব আৰু দেশৰ সম্পদসমূহৰ সমবিতৰণ, সা-সুবিধাসমূহৰ সমানুপাতিক বিতৰণ সম্ভৱ হৈ উঠিব৷

গতিকে, কংগ্ৰেছে লোকপিয়লক লৈ এখন সৰ্বদলীয় সভা অনুষ্ঠিত কৰাৰ দাবী তুলিছে৷ এতিয়া প্ৰশ্ন উঠিছে– বিজেপি নেতৃত্বাধীন শাসকীয় পক্ষই এই দাবীৰ প্ৰতি সঁহাৰি দিব নে নিদিয়ে৷ এটা কথা ঠিক যে জাতিভিত্তিক পিয়ল হ’বলৈ হ’লে দেশখনৰ সামগ্ৰিক ব্যৱস্থাটোৰেই পৰিৱৰ্তন ঘটাব লাগিব৷ সংসদীয় মঞ্চবিলাকতে হওক বা অন্যান্য চৰকাৰী ক্ষেত্ৰসমূহতে হওক প্ৰতিনিধিত্বৰ সমানুপাতিকতাক লৈ নতুন কিছুমান প্ৰশ্নৰ অৱতাৰণা হ’ব৷ দেশৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত চৰকাৰী সা-সুবিধা প্ৰাপ্তিক লৈ তুলনা হ’ব৷ এক কথাত ক’বলৈ গ’লে ইয়াৰ সন্তুলন ৰক্ষা কৰিবলৈ গ’লে সমগ্ৰ চৰকাৰী ব্যৱস্থাটোৰ ব্যাপক পৰিৱৰ্তনৰ প্ৰয়োজন হ’ব৷ হয়তো এনেবিলাক দিশৰ বাবেই দেশৰ প্ৰধান শাসকীয় দল বিজেপি এই বিষয়ত এতিয়ালৈকে মৌন হৈ আছে৷ কিন্তু বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (এন ডি এ)ৰ জে ডি [ইউ], লোক জনশক্তি পাৰ্টিৰ দৰে দলবোৰ জাতিভিত্তিক পিয়লক লৈ কংগ্ৰেছৰ সমানেই সৰৱ৷ জে ডি [ইউ]ৰ মুৰববী নীতিশ কুমাৰৰ চৰকাৰে বিহাৰত এই কাম কৰিয়েই দেখুৱালে৷

কিন্তু লক্ষণীয় কথাটো হৈছে– ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ জাতিভিত্তিক লোকপিয়লৰ প্ৰতি সমৰ্থন আছে৷ যোৱা মাহত কেৰালাৰ পালাক্কাড়ত অনুষ্ঠিত সমন্বয়ৰক্ষী সমাৱৰ্তনৰ পাছত সংগঠনটোৰ প্ৰচাৰ প্ৰমুখগৰাকীয়ে কয় যে সংঘই কয় যে দেশৰ উপান্ত জনগোষ্ঠীবোৰৰ কল্যাণ নিশ্চিত কৰাৰ স্বাৰ্থত জাতিভিত্তিক লোকগণনাৰ প্ৰয়োজন আছে, কিন্তু ইয়াক ৰাজনৈতিক কিম্বা ভোটৰ স্বাৰ্থত ব্যৱহাৰ কৰা উচিত নহয়৷ এই সামগ্ৰিক দিশ বিচাৰ-বিশ্লেষণ কৰি এটা কথাই ক’ব পাৰি যে জাতিভিত্তিক পিয়লৰ বিষয়টো যি ৰূপত আগবাঢ়িছে তালৈ চাই বিজেপিয়ে বেছি দিনলৈ নিজস্ব স্থিতি ঘোষণা নকৰাকৈ থাকিব নোৱাৰিব৷ লোকপিয়লৰ প্ৰসংগ আগবঢ়াৰ লগে লগে জাতিভিত্তিক পিয়লক লৈ দেশৰ ৰাজনৈতিক ক্ষেত্ৰখন আগত দিনত উত্তপ্ত হৈ থাকিব৷

Share This