ডিজিটেল ডেস্ক : ইৰানৰ সৈতে আমেৰিকা-ইজৰাইলৰ ভয়ানক যুদ্ধ চলি থকাৰ মাজতে মধ্য প্রাচ্যৰ বিভিন্ন দেশত থকা প্ৰৱাসী ভাৰতীয়সকললৈ সংকট নামি আহিছে। প্রায় ১০ মিলিয়ন (১ কোটি) প্ৰৱাসী ভাৰতীয় উপসাগৰীয় অঞ্চলটোত বিভিন্ন খণ্ডত কৰ্মৰত হৈ আছে। আনহাতে, বৰ্তমানৰ এই পৰিস্থিতিটোৱে বিশেষকৈ মধ্য প্রাচ্যৰ শক্তি খণ্ডত নিয়োজিত থকা ভাৰতীয় প্ৰৱাসী লোকসকলৰ ভৱিষ্যৎ অনিশ্চয়তাৰ দিশত গতি কৰিছে। ইৰানত আমেৰিকা-ইজৰাইলে আক্ৰমণ কৰাৰ পাছত ইৰানে মধ্য প্রাচ্যৰ দেশসমূহত থকা মার্কিন ঘাটিসমূহত ভয়াৱহ আক্রমণ চলাইছে।
ছৌডি আৰব, ইউ এ ই আৰু কাটাৰত থকা তেল শোধনাগাৰবোৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ইৰানে। প্রায় ১ কোটি ভাৰতীয় মধ্য প্রাচ্যত প্রধানকৈ শক্তি খণ্ডত নিয়োজিত হৈ থকাৰ বাবে তেওঁলোকৰ জীৱন-জীৱিকা সংকটাপূৰ্ণ হৈ পৰিছে। আনহাতে ইউ এ ইত ডুবাইসহ বিভিন্ন অঞ্চলত কর্ম সূত্রে ৩৫ লাখ প্ৰৱাসী ভাৰতীয় আছে। এই প্ৰৱাসী ভাৰতীয়সকল স্বদেশলৈ ঘূৰি অহাৰ বাবে উদগ্ৰীৱ হৈ আছে। আনহাতে, পৰিবহণ হাব খ্যাত ডুবাইত হাজাৰ হাজাৰ ভাৰতীয়ই স্বদেশলৈ ঘূৰি অহাৰ বাবে প্রচেষ্টা চলাই আছে। যুদ্ধৰ বাবে আকাশমাৰ্গ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত দৈনিক ২৫০খন বিমানৰ উৰণ বাতিল কৰা হৈছে।
আনহাতে, মধ্য প্রাচ্যৰ দেশবোৰৰ পৰা ভাৰতীয় অর্থনতিত প্ৰভূত অৱদান আগবঢ়াই থকা এইসকল প্ৰৱাসীৰ বাবে চৰকাৰে কি ব্যৱস্থা লয় সেয়া সময়েহে ক'ব।