ডিজিটেল ডেস্কঃ চৰাইদেউ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী চিংলৌ পথাৰ টঙীয়া গাঁৱত চাৰিটা হস্ত-নিৰ্মিত বন্দুকসহ চাৰিজনক আটক ৷
আটকাধীন লোককেইজন ক্ৰমে টঙীয়া গাঁৱৰ চিনা তাঁতী, অজয় তাঁতী, চুক্ষৰা মুণ্ডা আৰু সৰেশ তাঁতী৷
চৰাইদেউ CRPF NEZ QAT 2 বাহিনীয়ে এক অভিযান চলাই আটকাধীন কুখ্যাত চোৰাং চিকাৰীকেইটাৰ পৰা চাৰিটা হস্ত-নিৰ্মিত বন্দুকসহ বন্যপ্ৰাণীৰ দাঁত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
দীৰ্ঘদিন অভয়পুৰ সংৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰীকেইটাই বন্যপ্ৰানী নিধন কৰি সন্ত্ৰাস সৃষ্টি কৰাৰ গুৰুতৰ অভিযোগ৷
সোণাৰি আৰক্ষী থানাত ধৃত চোৰাং চিকাৰীকেইটাক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
উৎস: প্ৰাগ নিউজ ডিজিটেল