খাদ্য সংকটত ভুগিছে গাজা

Kakali Deka May 04, 2025

ডিজিটেল ডেস্কঃ  হামাছৰ বিপক্ষে চাপ প্রয়োগ কৰিবলৈ বিগত দুমাহ ধৰি গাজালৈ সকলো প্ৰকাৰৰ সাহায্য প্ৰৱেশ কৰা ইজৰাইলে বন্ধ কৰাত পৰিস্থিতি জটিল হৈ পৰিছে, ফলত খাদ্য সামগ্ৰীকে ধৰি ঔষধ, ইন্ধন গাজালৈ প্ৰৱেশ কৰিব পৰা নাই। ৰাষ্ট্ৰসংঘই প্রকাশ কৰে যে গাজাবাসীৰ বাবে পূৰ্বতে মজুত ৰখা খাদ্য সামগ্রী ক্রমান্বয়ে টুটি আহিছে । এনে অৱস্থাত আগন্তুক সময়ত গাজাত অনাহাৰ-দুর্ভিক্ষই দেখা দিব পাৰে।

উল্লেখযোগ্য যে ইজৰাইলে প্রায়ে অভিযোগ কৰি আহিছে তেওঁলোকে প্ৰেৰণ কৰা মানৱীয় সাহায্য ব্যৱহাৰ কৰি গাজাই বিদ্রোহীক সহায় কৰে। অৱশ্যে ৰাষ্ট্ৰসংঘই এই দাবীৰ কোনো ভিত্তি নাই বুলি স্পষ্ট কৰিছে। পূৰ্বতে গাজাবাসীক ভাতৰ সৈতে মাংস দিয়া হৈছিল যদিও বহুদিন ধৰি তেওঁলোকে দাইল-ভাতেৰে ক্ষুধা নিবাৰণ কৰিবলগীয়া হৈছে। ইফালে ইন্ধনৰ অভাৱত কিমান দিনলৈ তেওঁলোকে ৰন্ধা-বঢ়া কৰিব পাৰিব তাক লৈয়ো সংশয় জন্মিছে।

খাদ্য সামগ্ৰীৰ নাটনিৰ পাছত গাজাৰ ভালেমান গুদামত লুটপাতৰ ঘটনাও বৃদ্ধি পাইছে। প্ৰণিধানযোগ্য যে যুদ্ধৰ আৰম্ভণিৰ পৰা গাজাত অন্ততঃ ৫৩ হেজাৰ লোকে এতিয়ালৈকে প্রাণ হেৰুৱাইছে। মৃতসকলৰ ভিতৰত অধিকাংশই মহিলা আৰু শিশু।

Share This