ডিজিটেল ডেস্ক: শ্রীলংকাৰ বিৰুদ্ধে পাঁচখনীয়া টি-২০ শৃংখলাৰ প্রথমখন মেচত কালি অ'পেনাৰ স্মৃতি মান্ধানাই এক অভিলেখৰ সৃষ্টি কৰে। তেওঁ কালি ২৫ ৰান কৰে যদিও মহিলা টি-২০ আন্তঃৰাষ্ট্রীয় ক্রিকেটত ভাৰতীয় ক্রিকেটাৰ ৰূপে পৰিগণিত হয়। স্মৃতিয়ে ১৫৪খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচৰ ১৪৮টা ইনিংছত ২৯.৯০ গড়ে ৪০০৭ ৰান সংগ্রহ কৰিছে। তেওঁ টি-২০ত এটা চেঞ্চুৰী আৰু ২৮টা অর্ধশতৰান কৰে।
ইফালে, কালি জেমিমা ৰড্ৰিগুৱেজ শ্রীলংকাৰ বিৰুদ্ধে সর্বাধিক অর্ধশতৰান কৰা মহিলা বেটাৰৰূপে পৰিগণিত হৈছে। ইফালে, কালি ভাৰতীয় মহিলা দলটোৱে ফিল্ডিঙৰ সময়ত চাৰিটা কে'চ ধৰাত ব্যর্থ হয়। ইফালে, প্রথমখন মেচত ভাৰতে কালি শ্রীলংকাক ৮ উইকেটৰ ব্যৱধানত পৰাজিত কৰাৰ পাছত এতিয়া কাইলৈ ইয়াত দ্বিতীয়খন মেচত দুয়োটা দল অৱতীর্ণ হ'ব।
ভাৰতে এই মেচখনতো শ্রীলংকাক বিশাল ব্যৱধানত পৰাজিত কৰাৰ লক্ষ্যৰে খেলপথাৰত নামিব। ভাৰতৰ প্রধান লক্ষ্য হ'ল ফিল্ডিঙৰ মান উন্নত কৰা। যোৱা মাহত এদিনীয়া বিশ্ব কাপ জয় কৰা দলটোৱে বেটিং আৰু বলিং উভয়তে সুন্দৰ প্রদর্শন কৰে যদিও ফিল্ডিং আশানুৰূপ নাছিল। উল্লেখযোগ্য যে শ্রীলংকাই প্রথমে বেটিং কৰি ১২১ ৰান কৰে। ভাৰতে জেমিমাৰ অপৰাজিত ৬৬ ৰানৰ সহায়ত ১৪.৪ অভাৰত দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়।