শত্ৰুক ৰুধিবলৈ চীন-পাকিস্তান সীমান্ত নিৰীক্ষণৰ বাবে বিশেষ ব্যৱস্থা ভাৰতীয় সেনাৰ, এয়াৰ কমাণ্ড চেণ্টাৰ নিৰ্মাণ 

Nikimoni Kachari January 27, 2026

ডিজিটেল ডেস্ক: ভাৰতীয় সেনাই চীন আৰু পাকিস্তানৰ সীমা নিৰীক্ষণৰ বাবে হাতত লৈছে বিশেষ ব্যৱস্থা। দুয়োখন দেশৰ সীমান্তৰ কম উচ্চতাৰ আকাশমাৰ্গৰ দিশত স্থাপন কৰা হ’ব এয়াৰ কমাণ্ড চেণ্টাৰ। ৩৫ কিলোমিটাৰ ভূমি দূৰত্ব আৰু ৩ কিলোমিটাৰ আকাশ মাৰ্গৰ উচ্চতালৈকে সকলো ধৰণৰ বস্তু বিশেষকৈ শত্ৰু পক্ষৰ ড্ৰোনৰ পৰা নিৰাপত্তাৰ বাবে এই বিশেষ ব্যৱস্থা সেনাৰ। অপাৰেশ্যন সিন্দূৰৰ পিছৰ পৰাই এই বিশেষ পদক্ষেপৰ বাবে চিন্তা চৰ্চা কৰা হৈছিল । কাৰণ অপাৰেশ্যন সিন্দূৰৰ সময়ত পাক সেনাই তুৰ্কী আৰু চীনা ড্ৰোন ব্যৱহাৰ কৰি ভাৰতীয় সেনা আৰু বায়ু সেনাৰ ঘাটিসমূহত আক্ৰমণ কৰিছিল ।

সীমান্তত সংস্থাপন কৰা এয়াৰ কমাণ্ড এণ্ড কণ্ট্ৰ'ল চেণ্টাৰৰ জৰিয়তে কেৱল নিৰীক্ষণেই নহয় সেই ড্ৰোনসমূহ নিষ্ক্ৰিয় কৰাটো সক্ষম হ'ব । বৰ্তমান এই ৩৫×৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ড্ৰোন আৰু ড্ৰোন বিৰোধী কাৰ্য্যকলাপৰ ৯৭ শতাংশ সেনাই চম্ভালি আছে। এই পৰিকল্পনাৰ অধীনত পশ্চিম থিয়েটাৰত ১০ হাজাৰ ড্ৰ’ন চলোৱাৰ ক্ষমতা বিকশিত কৰা হৈছে, আনহাতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ৩,৪৮৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশত ২০ হাজাৰৰো অধিক ড্ৰ’ন নিয়োগ কৰাৰ পৰিকল্পনা কৰা হৈছে । সেনাই দুটা ৰকেট ফৰ্চ ইউনিট, দুটা ৰুদ্ৰ ব্ৰিগেড, আৰু ২১টা ভৈৰৱ বেটেলিয়ন মোতায়েন কৰিছে। ভাৰতীয় আৰ্টিলাৰীৰ ৰেঞ্জ ১৫০ কিলোমিটাৰৰ পৰা ১০০০ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে। আঞ্চলিক কৰ্পছৰ কমাণ্ডাৰসকলে ভাৰতীয় বায়ুসেনাৰ কমাণ্ডাৰৰ সৈতে সমন্বয় সাধন কৰি আছে। ভৈৰৱ বেটেলিয়নে শত্ৰুৰ ভূখণ্ডৰ গভীৰতাত কৌশলগত আক্ৰমণৰ বাবে বিশেষ বাহিনীক সশস্ত্ৰ ড্ৰোন আৰু অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত কৰাৰ বিপৰীতে এই বেটেলিয়নসমূহক সীমান্তত কৌশলগত ভূমিকা গ্ৰহণৰ বাবে নিয়োগ কৰা হ’ব। ২০২০ চনৰ গালৱান সংঘৰ্ষ আৰু তাৰ পিছত চীন আৰু পাকিস্তানৰ সৈতে উত্তেজনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰকাশ কৰিছে এই কথা।

শত্ৰুৰ ড্ৰ’নৰ পৰা ক্ৰমাৎ বৃদ্ধি পোৱা ভাবুকিৰ প্ৰতি সঁহাৰি জনাই এই নিৰীক্ষণৰ ব্যৱস্থাটো কৌশলগত পৰিৱৰ্তনৰ অংশ। চীনে এল এ চিৰ কাষেৰে ৰকেট ৰেজিমেণ্ট নিয়োগ কৰিছে, আনহাতে পাকিস্তানে অপাৰেশ্যন সেন্দুৰত ফাটাহ-১ আৰু ২ ৰকেট ব্যৱহাৰ কৰিছিল আৰু তাৰ পিছত সশস্ত্ৰ ড্ৰ’ন, ৰাডাৰ, আৰু মিছাইল লাভ কৰিছে। ভাৰতীয় সেনাৰ এই পদক্ষেপৰ লক্ষ্য হৈছে সীমান্তত চোৰাংচোৱাগিৰি, সঁহাৰি, আৰু প্ৰতিৰক্ষামূলক ক্ষমতা শক্তিশালী কৰা, উত্তৰ আৰু পশ্চিম ফ্ৰণ্টত নিৰাপত্তা আৰু অধিক শক্তিশালী কৰা। ভাৰত ভূমিৰ নিৰাপত্তাৰ বাবে এই পদক্ষেপ যথেষ্ট লাভজনক আৰু সুৰক্ষামূলক বুলি অভিহিত কৰা হৈছে।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This