ডিজিটেল ডেস্ক: ইণ্ডিয়ান প্রিমিয়াৰ লীগ আৰম্ভ হোৱাৰ আগে আগে বিভিন্ন দলৰ বাবে আঘাতজনিত সমস্যাই উদ্বেগৰ সৃষ্টি কৰিছে। গুজৰাট টাইটান্ৰ বাদে আন সকলো দলকে আঘাতজনিত সমস্যাই জৰ্জৰিত কৰিছে।
হায়দৰাবাদ ছানৰাইজাৰ্ছৰ সর্বাধিক তিনিজন খেলুৱৈ আঘাতজনিত সমস্যাত ভুগিছে। দলটোৰ অধিনায়ক পেট কামিন্স আৰু ঈশান মালিংগাই আঘাতৰ কাৰণে প্ৰাৰম্ভিক মেচত খেলিব নোৱাৰিব আৰু তেওঁ বর্তমান শ্রীলংকাতে আছে। আনহাতে জেক এডৱাৰ্ডছে প্রতিযোগিতাত এখনো মেচত খেলিব নোৱাৰিব। এতিয়ালৈকে ৯টা দলৰ মুঠ ১২জন খেলুৱৈ আঘাতজনিত সমস্যাত ভুগিছে। ইয়াৰ ভিতৰত ৯জনে প্রতিযোগিতাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ মেচত খেলাৰ সম্ভাৱনা নাই। আনহাতে চাৰিজন খেলুৱৈক আঘাতৰ বাবে দলৰ পৰাই বাদ দিয়া হৈছে।
এডৱাৰ্ডছৰ উপৰি দলৰ পৰা বাদ পৰা আন খেলুৱৈ কেইজন হ'ল মুম্বাই ইণ্ডিয়ানছৰ অৰ্থব আংকোলেকাৰ, চেন্নাই ছুপাৰ কিংছৰ নাথন এলিচ আৰু ৰাজস্থান ৰয়েলছৰ ছেম কৰন। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ (আৰ চি বি) বেগী বলাৰ যোছ হেজেলউড সম্পূর্ণৰূপে সুস্থ হৈ উঠা নাই আৰু তেওঁ ১২ এপ্রিলত হ'বলগীয়া মুম্বাই ইণ্ডিয়ানছৰ মেচখনৰ আগে আগে দলত যোগ দিয়াৰ সম্ভাৱনা আছে। বেগী বলাৰ নুৱান তুষাৰাই শ্রীলংকা ক্রিকেট ব'ৰ্ডৰ ফিটনেছ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতহে খেলাৰ অনুমতি লাভ কৰিব।
দিল্লী কেপিটেলছৰ মাইকেল ষ্টাৰ্কে দলৰ হৈ প্ৰাৰম্ভিক মেচত খেলিব নোৱাৰিব। তেওঁক ক্রিকেট অষ্ট্ৰেলিয়াই খেলৰ বোজা হ্রাস কৰাৰ বাবে আই পি এলৰ প্ৰাৰম্ভিক মেচত খেলাত বাধা আৰোপ কৰে। চেন্নাই ছুপাৰ কিংছৰ মেথিউ শ্বটে আঙুলিত পোৱাৰ আঘাতৰ বাবে প্ৰাৰম্ভিক মেচসমূহৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে।
পঞ্জাব কিংছৰ বেগী বলাৰ লাকী ফার্গুছনে দলৰ হৈ প্রথম সাতখন মেচত খেলাৰ সম্ভাৱনা নাই। তেওঁ বর্তমান নিউজিলেণ্ডতে আছে। কলকাতা নাইট ৰাইডাৰ্ছৰ (কে কে আৰ) বলাৰ মথিছা পথিৰানাক প্ৰথম দুসপ্তাহৰ বাবে দলত পোৱা নাযাব। লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ (এল এছ জি) বানিন্দু হছৰংগাও আঘাতপ্রাপ্ত আৰু দলৰ হৈ প্ৰাৰম্ভিক মেচত খেলাৰ সম্ভাৱনা কম।