আহমেদাবাদ বিমান দুৰ্ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ  হʼবলৈ লাগিব এবছৰ 

dainik janambhumi June 18, 2025

ডিজিটেল ডেস্কঃ আহমেদাবাদত দুর্ঘটনাগ্ৰত হোৱা এয়াৰ ইণ্ডিয়া ৭৮৭ড্রীমলাইনাৰ বিমানখনৰ দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্তৰ নেতৃত্ব লৈছে এয়াৰক্রাফ্ট এক্সিডেন্ট ইনভেষ্টিগেশ্যন ব্যুৰ'ই (এ এ আই বি)। 

এ এ আই বিক সহযোগিতা কৰিছে বিমানখনৰ নিৰ্মাতা কোম্পানী ব'য়িং আৰু আমেৰিকাৰ ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা পৰিষদে (এন টি এছ বি) দুর্ঘটনাগ্রস্ত বিমানখনৰ পৰা ইতিমধ্যে উদ্ধাৰ কৰা ব্লেক বক্সৰ আধাৰত তথ্য উদ্ধাৰ কৰাৰ বাবে তদন্ত আৰম্ভ কৰিছে তিনিওটা সংস্থাই।

 যদি প্রয়োজন হয় তেনেহ'লে তদন্তকাৰী সংস্থাই তদন্তৰ অন্তৱতী প্রতিবেদন দাখিল কৰিব পাৰে অথবা বিশ্লেষণৰ বাবে ব্লেক বক্স দুটাক বিদেশলৈও পঠিয়াব পাৰে। কিন্তু এই সন্দৰ্ভত মূল তদন্তকাৰী সংস্থা এ এ আই বিয়ে এতিয়াও সিদ্ধান্ত লোৱা নাই। এয়াৰ ইণ্ডিয়া ১৭১ বিমানখন দুর্ঘটনাগ্রস্ত হোৱাৰ কাৰণ সন্দৰ্ভত কৰা তদন্ত কমেও এবছৰ ধৰি চলাৰ সম্ভাৱনা আছে।

 আনহাতে, কেন্দ্রীয় চৰকাৰে গঠন কৰা এখন উচ্চক্তৰীয় সমিতিয়েও এই দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত পৰীক্ষা কৰিবলৈ তদন্ত আৰম্ভ কৰিছে। এই উচ্চস্তৰীয় সমিতিখনে তিনি মাহৰ ভিতৰত তদন্তৰ প্রতিবেদন প্রকাশ কৰিব।

Share This