হিংসাত্মক ঘটনাৰ গইনা লৈ আই এছ আইৰ ভয়ংকৰ ষড়যন্ত্ৰ, ভাৰতত সুমুৱাব খুজিছে লক্ষাধিক বাংলাদেশী

dainik janambhumi December 25, 2025

ডিজিটেল ডেস্ক: বাংলাদেশত চলি থকা ব্যাপক হিংসাৰ গইনা লৈ দেশখনৰ কেইবা লাখ লোকক ভাৰতত অনুপ্রৱেশ কৰোৱাৰ চেষ্টা কৰা হৈছে। ইয়াৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে সীমান্তত হাই এলার্ট জাৰি কৰিছে। 

ভাৰতীয় চোৰাংচোৱা সংস্থাৰ বিষয়াসকলে ইয়াক এক ভয়াৱহ ষড়যন্ত্র বুলি অভিহিত কৰিছে। তেওঁলোকৰ মতে বাংলাদেশৰ নিৰাপত্তা সংস্থাসমূহ এতিয়া দেশখনৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যস্ত হৈ আছে। সেই সময়তে পাকিস্তানী চোৰাংচোৱা সংস্থা আৰু ইয়াৰ সৈতে জড়িত সন্ত্রাসবাদী সংগঠনসমূহে ভাৰতলৈ বৃহৎ হাৰত অনুপ্ৰৱেশৰ চক্রান্ত কৰিছে। ভাৰতৰ নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি ভাবুকিৰ সৃষ্টিৰ লক্ষাৰে আই এছ আয়ে এই সংগঠনবোৰৰ সহযোগত ভাৰতলৈ কেইবা লাখ লোকক অনুপ্রৱেশ কৰোৱাৰ চেষ্টা কৰি আছে। ভাৰতৰ নিৰাপত্তা আৰু চোৰাংচোৱা সংস্থাসমূহে লগেত কয় যে পশ্চিম বংগৰ বিধানসভাৰ নিৰ্বাচনৰ আগে আগে অনুপ্রৱেশৰ জোৰদাৰ প্রচেষ্টা চলাব। বিষয়াসকলে কয় যে বাংলাদেশত এক অতি ভয়াৱহ ষড়যন্ত্র ৰচনা কৰা হৈছে। ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে এই পৰিস্থিতি অতি সতর্কতাৰে পৰ্যবেক্ষণৰ প্রয়োজন। এই অনুপ্রৱেশকাৰীবোৰৰ মাজত সন্ত্রাসবাদীও আছে। একে সময়ত বহিভীয়াকো ভাৰতত অনুপ্রৱেশ কৰোৱাৰ প্রচেষ্টাও চলোৱা হৈছে। আই এছ আয়ে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিম বংগত ব্যাপক ৰূপত জনগাঁথনিৰ পৰিবৰ্তন সাধন কৰিবলৈ বিচাৰিছে আৰু একে সময়তে ভালেমান সন্ত্রাসবাদীকো প্ৰেৰণ কৰিবলৈ বিচাৰিছে। আই এছ আয়ে বৃহৎ সংখ্যক সন্ত্রাসবাদীক ভাৰতলৈ প্ৰেৰণ কৰাৰ উদ্দেশ্যে প্রশিক্ষণো দিছে। চোৰাংচোৱা ব্যুৰ'ৰ এজন বিষয়াই প্রকাশ কৰা মতে, অসম, ত্ৰিপুৰা আৰু পশ্চিম বংগত অনুপ্ৰৱেশৰ আশংকা আটাইতকৈ বেছি। জলপথ আৰু দৃশ্যতা কম হোৱা পথেৰে এই ৰাজ্য তিনিখনলৈ সন্ত্রাসবাদী প্রেৰণ কৰাৰ চক্রান্ত কৰিছে। আই এছ আয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলত কাশ্মীৰৰ দৰে ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ বিচাৰিছে। বিষয়াজনে লগতে প্রকাশ কৰে এই সন্ত্রাসবাদীবোৰে উত্তৰ পূৰ্বাঞ্চলৰ অৰণ্য তথা বনাঞ্চলসমূহক ব্যৱহাৰ কৰাৰো চেষ্টা কৰিব। সূত্রসমূহে প্রকাশ কৰা মতে বাংলাদেশত আই এছ আয়ে সহায় কৰা সন্ত্রাসবাদী সংগঠনসমূহে বিগত কেইটামান মাহত বৃহৎ সংখ্যক ৰহিঙীয়াক চিনাক্ত কৰিছে আৰু তেওঁলোকৰ আৰ্থিক দুর্বলতাৰ সুযোগ লৈ সন্ত্রাসবাদৰ প্রশিক্ষণ দিয়া হৈছে। ৰহিঙীয়াক চিনাক্ত কৰাৰ লগে লগে বাংলাদেশত স্থাপন কৰা সন্ত্রাসবাদৰ প্রশিক্ষণ শিবিৰলৈ প্রেৰণ কৰা হয়। এই শিবিৰবোৰত ভাৰতত অনুপ্রৱেশৰো প্রশিক্ষণ দিয়া হৈছে। ভাৰতৰ চুবুৰীয়া দেশখনত বিৰাজ কৰি থকা অস্থিৰতাৰ সুযোগ লৈ আই এছ আইৰ লগতে লস্কৰ-ই-টয়বা আৰু জৈছ-ই-মহম্মদৰ দৰে পাকিস্তান ভিত্তিক দুর্ধর্ষ সন্ত্রাসবাদী সংগঠন সক্রিয় হৈ পৰিছে। এই সন্ত্রাসবাদী সংগঠনবোৰে বাংলাদেশৰ জে এম বি, আনছাৰুল্লা বাংলা টিম আৰু হিজব উত-তহৰীৰ সৈতে হাত মিলাইছে। শেহতীয়াকৈ লস্কৰ আৰু জৈছৰ কেইবাটাও সন্ত্রাসবাদীক বাংলাদেশত দেখা পোৱা গৈছে। জৈছৰ সন্ত্রাসবাদী মজহৰ ছয়ীদ শ্বাহে বৰ্তমানৰ বাংলাদেশত ঘাটি পাতি ভাৰত-বিৰোধী কার্যকলাপ চলাই আছে। 

উল্লেখযোগ্য যে আই এছ আই আৰু লস্কৰে অসম তথা উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিম বংগৰ জৰিয়তে ভাৰতত ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ ষড়যন্ত্ৰ কৰা বুলি ইতিমধ্যে প্রকাশ পাইছে। হাফিছে নিজৰ ঘনিষ্ঠ সহযোগীক বাংলাদেশলৈ প্ৰেৰণ কৰিছে এই ষড়যন্ত্র সফল কৰিবলৈ। হাফিজৰ সহযোগী তথা লস্কৰ কমাণ্ডাৰ ছৈফুল্লা ছৈফে যোৱা ৩০ অক্টোবৰত পাকিস্তানৰ খৈৰপুৰ তমীবালত এখন সভাত দিয়া ভাষণত কৈছিল যে হাফিজ ছয়ীদ এনেয়ে বহি থকা নাই। বাংলাদেশৰ পথেৰে ভাৰতত আক্ৰমণ কৰাৰ প্রস্তুতি চলাই আছে।

Share This