ডিজিটেল ডেস্কঃ শ্রী সত্য সাই বাবাৰ জন্ম শতবার্ষিকী (২০২৫) উপলক্ষে ভাৰতবৰ্ষৰ লগতে সকলো ৰাজ্যৰ শ্রী সত্য সাই সেৱা সংগঠনে বছৰজোৰা বিভিন্ন কাৰ্যসূচী হাতত লৈছে। তাৰ ভিতৰত অন্যতম এটা অনুষ্ঠান হ'ল 'শ্রী সত্য সাই প্রেম প্রবাহিনী' নামেৰে ৫ খন পৱিত্ৰ ৰথ সাজু কৰা হৈছে। এই ৰথত শ্ৰী সত্য সাই বাবাৰ ফটো আৰু পাদুকা থকাৰ উপৰি স্বামীৰ মানৱ সমাজলৈ দিয়া দিব্যবাণী কিছুমান থাকিব।
এই 'শ্রী সত্য সাই প্রেম প্রবাহিনী' ৰথে সম্পূৰ্ণ সাংগঠনিক বিধি-বিধান আৰু ৰীতি-নীতিৰ মাজেৰে সমগ্ৰ ভাৰতবৰ্ষৰ ৬টা মণ্ডলক সামৰি প্ৰত্যেক ৰাজ্যৰ প্রান্তে প্রান্তে যাত্ৰা আৰম্ভ কৰিব। যোৱা ২৪ এপ্ৰিলত আৰাধনা মহোৎসৱৰ দিনা স্বামীৰ জন্ম ঠাই অন্ধ্র প্রদেশৰ পুত্তাপৰ্ত্তিত এই যাত্ৰাৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত ভাৰতৰ শ্ৰী সত্য সাই সেৱা সংগঠনৰ মেনেজিং ট্রাষ্টী আৰ জে ৰত্নাকৰ, সৰ্বভাৰতীয় সভাপতি নিমিশ পান্দিয়া, নেশ্যনেল সেৱা সমন্বয়ৰক্ষী কটেশ্বৰ ৰাও আৰু বহুতো সন্মানীয় ব্যক্তি উপস্থিত আছিল।
অনুষ্ঠানত আমন্ত্রণক্রমে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ মাণ্ডলিক সভাপতি সত্যেন শৰ্মা, ৰাজ্যিক সভাপতি ড°গকুল চন্দ্ৰ দাস, সেৱা সমন্বয়ৰক্ষী প্রদীপ কুমাৰ শৰ্মা আৰু আধ্যাত্মিক সমন্বয়ৰক্ষী সমৰজিৎ দাস উপস্থিত আছিল। এই পৱিত্ৰ ৰথ ইষ্ট আৰু নৰ্থ ইষ্ট জ'নত ১ অক্টোবৰত ছিকিম, বেষ্ট বেংগল হৈ আহি শেষত অসমৰ হাতত তুলি দিব। ইয়াৰ পাছতে অসমত আৰু নৰ্থ ইষ্টৰ পূৰ্বে নিৰ্ধাৰিত মেপ অনুসৰি প্ৰত্যেক জিলাতে দৰ্শন দি ঘুৰি ২৭ নৱেম্বৰত কামাখ্যাগুৰিত অসমে পুনৰ ৱেষ্ট বেংগলৰ হাতত তুলি দিব।