ডিজিটেল ডেস্কঃ অহা ১৩-১৯ জানুৱাৰীত ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব বিশ্ব কাপ খো খো প্রতিযোগিতা। নতুন দিল্লীৰ আই জি আই ষ্টেডিয়ামত হ'বলগীয়া প্রতিযোগিতাখনৰ সফল আয়োজনৰ বাবে ভাৰতীয় অলিম্পিক সন্থাই ভাৰতীয় খো খো ফেডাৰেশ্যনক সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতিৰে অংশীদাৰিত্বৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। উল্লেখযোগ্য যে ভাৰতত হ'বলগীয়া খো খো বিশ্ব কাপত ২৪খন দেশৰ পুৰুষ আৰু মহিলা উভয় দলে অংশগ্রহণ কৰিব। আয়োজক ভাৰতৰ লগতে বাংলাদেশ, পাকিস্তান, শ্রীলংকাকে ধৰি এছিয়াৰ দলসমূহে আফ্রিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা আৰু ওচেনিয়াৰ দলৰ মুখামুখি হ'ব। ঘানা, কেনিয়া, ইংলেণ্ড, জার্মানি, ব্রাজিল আৰু অষ্ট্ৰেলিয়াৰ দৰে ৰাষ্ট্ৰসমূহে প্রতিযোগিতাত অংশ লৈ বিশ্বত খো খোৰ ক্ৰমবর্ধমান প্ৰসাৰৰ দিশটো প্রতিফলিত কৰিব