২০ জুলাইৰ পৰা সংসদৰ বর্ষাকালীন অধিৱেশন

dainik janambhumi July 05, 2026

ডিজিটেল ডেস্ক : অহা ২০ জুলাইৰ পৰা ১৩ আগষ্টলৈ সংসদৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত হ'ব। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে শনিবাৰে এই কথা জনায়। উল্লেখযোগ্য যে শাসক বিজেপিয়ে পশ্চিম বংগ, অসম আৰু পুডুচেৰীৰ সদ্যসমাপ্ত বিধানসভাৰ নিৰ্বাচনত জয়ী হোৱাৰ পাছত ১৯টা বৈঠকৰ এই ২৫ দিনীয়া অধিৱেশন অনুষ্ঠিত হ'ব। তৃণমূল কংগ্ৰেছ আৰু শিৱ সেনা (ইউ বি টি)ৰ বিসম্বাদী সাংসদেও আগন্তুক অধিৱেশনত প্রভাৱ পেলাব। 

উল্লেখযোগ্য যে তৃণমূল কংগ্ৰেছৰ ২০গৰাকী আৰু শিৱ সেনা (ইউ বি টি)ৰ ৬গৰাকী সাংসদে পৃথক গোট ৰূপে স্বীকৃতি বিচাৰি জনোৱা দাবীৰ ক্ষেত্ৰত লোক সভাৰ অধ্যক্ষ ওম বিৰলাই এতিয়াও সিদ্ধান্ত গ্রহণ কৰা নাই। ইফালে ৰাজ্য সভাত নৱ নিৰ্বাচিত আৰু পুনৰ নির্বাচিত সদস্যই শপত গ্ৰহণ কৰাৰ পাছত ৰাজ্য সভাত শাসক এন ডি এৰ সদস্য সংখ্যা বৃদ্ধি পাইছে। আনহাতে তৃণমূল কংগ্ৰেছৰ তিনিগৰাকী বিসম্বাদী সদস্যই উচ্চ সদনৰ পৰা পদত্যাগ কৰিলে। এতিয়া উপ-নিৰ্বাচনৰ পাছত ৰাজ্য সভাত বিজেপিৰ শক্তি আৰু বৃদ্ধি পাব। সংসদৰ আগন্তুক অধিৱেশনৰ সন্দৰ্ভত শনিবাৰে সামাজিক মাধ্যমত ৰিজিজুৱে কয় যে চৰকাৰৰ পৰামৰ্শত, ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে সংসদৰ দুয়োখন সদনৰ ২০২৬ চনৰ বৰ্ষাকালীন অধিৱেশনৰ আহ্বান জনাইছে। তেওঁ আৰু কয়, 'ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিষয়ত বিতর্ক, আলোচনা আৰু সিদ্ধান্তৰ বাবে ২০ জুলাইত অধিৱেশন আৰম্ভ হ'ব আৰু ১৩ আগষ্টলৈকে চলি থাকিব।' 

উল্লেখযোগ্য যে ইয়াৰ আগৰ অধিৱেশন বিজেপি নেতৃত্বাধীন চৰকাৰৰ বাবে অসন্তুষ্টিৰে অন্ত পৰিছিল। ২০২৯ চনত মহিলাৰ বাবে সংৰক্ষণ আৰু লোক সভাৰ আসন বৃদ্ধিৰ বাবে সংবিধান সংশোধন কৰা এখন বিধেয়ক নিম্ন সদনত বিফল হৈছিল। চৰকাৰে বৰ্তমান সকলো ৰাজ্যতে সমভাৱে লোক সভাৰ আসন ৫০ শতাংশ বৃদ্ধি কৰিবলৈ চৰকাৰে এতিয়া পুনৰ বিধেয়কখনৰ খচৰা তৈয়াৰ কৰিছে। আনহাতে আসনৰ জনসংখ্যাভিত্তিক সম্ভাব্য বৃদ্ধি দাক্ষিণাত্যৰ দলবোৰৰ বাবে গভীৰ উদ্বেগৰ কাৰণ হৈ পৰিছে।

Share This