বিশ্বৰ সকলোতকৈ দামী কলমটো

Kakali Deka November 18, 2023

ডিজিটেল ডেস্কঃ লিখিব-পঢ়িব জনা প্রতিজন লোকেই কলম ব্যৱহাৰ কৰে। কলম এনে এবিধ সঁজুলি যাক স্কুলীয়া জীৱনৰ পৰা আৰম্ভ কৰি পাছৰ সমগ্ৰ জীৱন সকলোৱে ব্যৱহাৰ কৰে অৱশ্যে এটা কথাও ঠিক যে সকলোৱে একেধৰণৰ কলম ব্যৱহাৰ নকৰে। কিছুমানে বল পেন, আন কিছুমানে চিঞাহীৰ কলম আৰু আন কিছুমানে ব্যৱহৰ কৰে। একেদৰে কলমৰ দামো বিভিন্নধৰণৰ ৷

সাধাৰণতে বজাৰত পাঁচ টকাৰ পৰা আৰম্ভ কৰি বিভিন্ন দামৰ কলম পোৱা যায়। আৰু ইয়াৰ ভিতৰত ৫০০-১০০০ টকাৰ কলম পোৱা যায় । কিন্তু আপোনাক যদি কোৱা হয় যে এটা কলমৰ কৰিবলৈকে টান পাব। বিশ্বত কোটি টকা দামৰ ভালেমান কলম আছে। বিশ্বৰ ৫০ কোটি টকাতকৈও অধিক দামৰ কলম পোৱা যায়। বিশ্বৰ আটাইতকৈ দামী কলম হ'ল ফুলগৰ নক্টাৰ্নাছ। এই কলমটোৰ দাম প্ৰায় ৬৫ কোটি বা ৮০ লাখ টকা।  ক'লা হীৰা আৰু সোণেৰে সজা এই কলমটো ২০১০ চনত শ্বাংহাইত ৮০ লাখ ডলাৰত নিলাম হৈছিল। মণ্টব্লকে নিৰ্মাণ কৰা বহেম ৰয়েল কলমটোৰ দাম প্রায় ১২ কোটি টকা। দেখাত অতি ধুনীয়া এই কলমটো ১৮ কেৰেটৰ সোণেৰে সজা হৈছে।

আটাইতকৈ দামী কলমৰ তালিকাত তৃতীয় স্থানত আছে আৰোৰা ডায়মন্টে। প্লেটিনামৰ বেৰেল থকা কলমটোত ১৮ কেৰেটৰ হীৰা খটোৱা আছে। ইয়াৰ দাম প্রায় ৩০ কোটি টকা । আনহাতে, ১৮ কেৰেটৰ বগা সোণ আৰু হীৰা খটোৱা ১০১০ ডায়মণ্ড ফাউণ্টেইন পেনটোৰ দাম হ'ল প্ৰায় ৮ কোটি টকা। আনহাতে হেভেন গ'ল্ড পেন এটাৰ দাম হ'ল প্ৰায় ৮.২৮ কোটি টকা। ইয়াত হীৰা আৰু মুকুতা খটোৱা আছে।

Share This