শিলসাঁকোৰ নগ্ন প্ৰতিবাদে বিজেপি চৰকাৰক আকৌ এবাৰ উলঙ্গ কৰিলেঃ প্ৰতিক্ৰিয়া জীপালৰ

Jyoti Borah September 01, 2023

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ শিলসাঁকো কাণ্ডই  বিজেপি ফেচিষ্ট চৰকাৰখনৰ নগ্নৰূপকে আকৌ এবাৰ প্ৰতিপন্ন কৰিলে। এই মত জীপাল কৃষক- শ্ৰমিক সংঘৰ মুখ্য উপদেষ্টা সোনেশ্বৰ নৰহৰ।কিয়নো জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰ খন খিলঞ্জীয়াৰ পক্ষে নাই,ইয়াৰ বিপৰীতে ধনীক কোম্পানীৰ পক্ষে স্থিতি গ্ৰহণ কৰিবলৈ গৈ থলুৱা খিলঞ্জীয়া লোকৰ মাতৃ ভগ্নীক নগ্ন প্ৰতিবাদ কৰিবলৈ বাধ্য কৰোৱা  বিজেপি চৰকাৰে ইয়াৰ সম্পূৰ্ণ দায়িত্ব স্বীকাৰ কৰা উচিত। লগতে এই বুলিও কতাক্ষ কৰি কয় বিজেপি চৰকাৰখন, মুদিৰ স্বচ্ছতাৰ মুখা নগ্ন হ'বলৈ আৰু কি বাকী থাকিল। কেগৰ ৰিপ'ৰ্টে বিশ্বৰ দুৰ্নীতি গ্ৰস্ত প্ৰধানমন্ত্ৰী মুদি বুলি ইতিমধ্যে প্ৰকাশিত হৈছে। এফালে চন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাই সমগ্ৰ অসমৰ বিজেপিৰ নিকা চৰকাৰৰ নগ্ন ছবিটোকেই উদঙাই দেখুওৱা নাইনে বুলি প্ৰশ্ন কৰে। গতিকে নগ্ন দাপোনত বিজেপিৰ নগ্ন প্ৰতিচ্ছবি উন্মোচিত হৈছে বুলিও উল্লেখ কৰিছে।


বিজেপি দলৰ সভাপতি ভবেশ কলিতাক উভতি ধৰি নৰহে কয় প্ৰতিবাদী জনতাক পশুৰ লগত তুলনা নকৰিবলৈ খবৰদাৰ কৰি দিয়ে। বৰং ভবেশ কলিতাক যদি মানুহ হয় তেন্তে এপলক চকু মুদি নিজৰ পত্নী, ভগ্নী অথবা জীয়ৰীৰ দৃষ্টিৰে  এবাৰ চাওক। ভবেশ কলিতাই কোৱাৰ দৰে কাৰোবাৰ প্ৰৰোচনাত এগৰাকী সন্মানযুক্ত মহিলাই নগ্ন যদি হ'ব পাৰে বুলি ভাবিছে  তেন্তে অন্ততঃ বিজেপি ঘৰৰে নেতৃ ইন্দ্ৰানী তহবিলদাৰৰ ন্যায়ৰ দাবীত ভবেশ কলিতাৰ পত্নী ভগ্নী জীয়াৰী আদিক নগ্ন হ'বলৈ আমি কলে নগ্ন হ'বনে বুলি তীক্ষ্ণবান প্ৰশ্ন তুলে জীপাল কৃষক-শ্ৰমিক সংঘৰ মুখ্য উপদেষ্টা সোনেশ্বৰ নৰহে। গতিকে তেনে অ-বিজ্ঞানসন্মত মন্তব্যৰে জনতাক বিপথে পৰিচালিত নকৰিবলৈ সকীয়াই দিয়ে। ইয়াৰ বিপৰীতে কৃষক-মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুত শইকীয়া সহ প্ৰতিবাদী জনতাক বিনা চৰ্তে মুক্তি দিবলৈ জীপালে সজোৰে দাবী উত্থাপন কৰে।

 

আনহাতেদি জীপালৰ যুটীয়া মুখপাত্ৰ মণিকংকনা বৰবৰাই তীব্ৰ বিষোদগাৰ কৰি কয়, এগৰাকী নাৰীয়ে কিমান দমন-পীড়ন, শোষণ আৰু অত্যাচাৰৰ বলি হ'লে ইয়াৰ ঘৃনা প্ৰকাশ কৰিবলৈ নগ্নপ্ৰতিবাদৰ ভাষা প্ৰয়োগ কৰিব পাৰে। ফেচিবাদাৰ চৰম পৰ্যায়ৰ এইয়াই চৰম নিদৰ্শন বুলি ব্যক্ত কৰে বৰবৰাই। জীপালে দাবী তুলিছে, শিলসাঁকোৰ জনতাক ন্যায্য প্ৰাপ্য ঘূৰাই দিয়ক। আৰক্ষীৰ জিম্মাত থকা প্ৰতিবাদী জনতাক বিনচৰ্তে মুকলি কৰক,জাতি মাটি ভেটি ৰক্ষাৰ পক্ষত থলুৱা খিলঞ্জীয়া বড়ো, মিচিং, কাৰ্বি,তিৱালোকক ভূমি প্ৰদান কৰি পুণঃসংস্থাপন কৰক। ইয়াৰ বিপৰীতে ধনীক কোম্পানীৰ বৰ বৰ কেম্পাচ সমূহ উচ্ছেদ কৰি বীৰত্ব প্ৰদৰ্শন কৰক বিজেপি চৰকাৰখনে।
 

Share This