আহি আছে নতুন অসমীয়া চলচ্চিত্ৰ ‘হেৰোৱা ছন্দ’; প্ৰচাৰৰ উদ্দেশ্য শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত উপস্থিত পৰিচালক জাহ্নু বৰুৱা আৰু টীম

Nikimoni Kachari December 17, 2025

ডিজিটেল ডেস্ক: বিশিষ্ট বোলছবি পৰিচালক জাহ্নু বৰুৱাৰ পৰিচালিত নতুন অসমীয়া চলচ্চিত্ৰ 'হেৰোৱা ছন্দ' অহা ২ জানুৱাৰীত মুক্তি দিয়া হ’ব। এই উপলক্ষে 'হেৰোৱা ছন্দ'ৰ প্ৰচাৰৰ বাবে বুধবাৰে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত উপস্থিত হয়হি চলচ্চিত্ৰখনৰ পৰিচালক জাহ্নু বৰুৱা, অভিনেতা জয় কাশ্যপসহ একাংশ অভিনেতা-অভিনেত্ৰী।

অসমীয়া সমাজখন পৰ্যবেক্ষণ কৰি থকা সময়ত যিবিলাক আসোঁৱাহ লক্ষ্য কৰা হয় তাৰ ভিত্তিতে চিনেমাখন নিৰ্মাণ কৰা বুলি ব্যক্ত কৰে জাহ্নু বৰুৱাই। চিনেমাখন চাই বিশেষকৈ তৰুণ প্ৰজন্ম উপকৃত হ'ব বুলি আশা কৰিছে পৰিচালকে। 

প্ৰচলিত সমাজ ব্যৱস্থাৰ ওপৰতে নিৰ্মাণ কৰা চিনেমাখনত কাম কৰি অতি ভাল লগা বুলি উল্লেখ কৰি সকলোকে চাবলৈ আহ্বান জনায় অভিনেতা জয় কাশ্যপে। 

জয় কাশ্যপৰ উপৰি অমৃতা গগৈ, অৰ্জু বৰুৱা, সুকন্যা ৰাজগুৰু, ড° অৰূপ বৰঠাকুৰসহ বহু ন-পুৰণি শিল্পীয়ে অভিনয় কৰা ‘হেৰোৱা ছন্দ’ৰ প্ৰচাৰৰ সময়ত দুটি গীত, ট্ৰেইলাৰো প্ৰদৰ্শন কৰা হয় শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ চৌহদত।

অন্যহাতে জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল সন্দৰ্ভত সোধাত জয় কাশ্যপৰ মন্তব্য-"জুবিন গাৰ্গে ন্যায় পাবই। ভগৱান তুল্য ব্যক্তি এজনে ন্যায় লাভ কৰিবই। দোষীয়ে শাস্তি পাবই। চৰকাৰে ব্যৱস্থা লৈছে।"


উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This