পাক-ভাৰতৰ সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান হ‌ওক , বাংলাদেশ

dainik janambhumi April 28, 2025

ডিজিটেল ডেস্কঃ কাশ্মীৰক কেন্দ্ৰ কৰি ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা চৰম উত্তেজনা আলাপ-আলোচনাৰ মাজেৰে সমাধান হোৱাটো বিচাৰিছে বাংলাদেশে। প্রয়োজন সাপেক্ষে দুয়োখন দেশৰে বন্ধুত্বপূর্ণ সম্বন্ধ থকা বাংলাদেশে মধ্যস্থতাকাৰীৰ ভূমিকা ল'বলৈও প্রস্তুত বুলি দেশখনে প্রকাশ কৰিছে। 

দেওবাৰে ঢাকাৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা সাংবাদিকক এই বিষয়ত দেশখনৰ বিদেশ উপদেষ্টা মঃ তৌহিদ হোছেইনে অৱগত কৰে। বিদেশ উপদেষ্টাজনে কয় যে বাংলাদেশৰ স্থিতি স্পষ্ট, দক্ষিণ এছিয়াত দেশখনে শান্তি বিচাৰে। 

ভাৰত-পাকিস্তানৰ মাজত দীৰ্ঘদিন ধৰি সংঘাত চলি আছে যদিও এতিয়া এই বৃহৎ সংঘাতে দেশ দুখনৰ সাধাৰণ জনতালৈ বিপদ মাতি আনিব বুলি তৌহিদ হোছেইনে মন্তব্য কৰে। গতিকে আলাপ-আলোচনাৰ মাজেৰে দুয়োখন দেশৰ আগ্রহ প্রকাশ কৰিছে। সমস্যা সমাধান হ'ব লাগে বুলি তেওঁ কয়। 

উল্লেখযোগ্য যে ইৰান আৰু ছৌডি আৰবে ইতিমধ্যে পাক-ভাৰতৰ মধ্যস্থতাকাৰী হ'বলৈ

Share This