২৮ জানুৱাৰীৰ পৰা অধিৱেশন সংসদৰ, ১ ফেব্ৰুৱাৰীত কেন্দ্রীয় বাজেট

dainik janambhumi January 08, 2026

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় বাজেট এইবাৰ দেওবাৰে সংসদত দাখিল কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত কালি অনুষ্ঠিত সংসদীয় পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে অনুমোদন জনোৱা চলিত বৰ্ষৰ সংসদৰ কেলেণ্ডাৰত অনুমোদন জনায়। এই বিষয়ে প্রকাশ কৰি সূত্ৰসমূহে প্রকাশ কৰে যে সংসদৰ কেলেণ্ডাৰ অনুসৰি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা ১ ফেব্ৰুৱাৰীত সংসদত অহা বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিব। 

উল্লেখযোগ্য যে এই বছৰৰ ১ ফেব্ৰুৱাৰী দেওবাৰ। উল্লেখযোগ্য যে দ্বিতীয়বাৰৰ বাবে এইবাৰ কেন্দ্ৰীয় বাজেট দেওবাৰে দাখিল কৰা হ'ব। ইয়াৰ আগতে ১৯৯৯ চনৰ ২৮ ফেব্ৰুৱাৰী, দেওবাৰে তদানীন্তন বিত্ত মন্ত্রী যশোৱন্ত সিন্‌হাই বাজেট দাখিল কৰিছিল। সূত্ৰটোৰ মতে, ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে ২৮ জানুৱাৰীত সংসদৰ উভয় সদনক সম্বোধি দিয়া ভাষণেৰে বাজেট অধিৱেশন আৰম্ভ হ'ব। আনহাতে অর্থনৈতিক সমীক্ষা দাখিল কৰা হ'ব ২৯ জানুৱাৰীত। প্রথম পৰ্যায়ৰ বাজেট অধিৱেশন ২৮ জানুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ আৰু দ্বিতীয় পৰ্যায়ৰ অধিৱেশন ৯ মাৰ্চৰ পৰা ১২ এপ্ৰিললৈ অনুষ্ঠিত হ'ব। সীতাৰমণে একেৰাহে নৱম বছৰৰ বাবে বাজেট দাখিল কৰিব। 

উল্লেখযোগ্য যে ২০১৭ চনৰ পৰাই কেন্দ্ৰীয় বাজেট ফেব্ৰুৱাৰী মাহৰ ১ তাৰিখে সংসদত দাখিল কৰি অহা হৈছে। মন কৰিবলগীয়া যে বিত্ত মন্ত্ৰীৰ বাজেট প্ৰস্তুত কৰা টীমত এইবাৰ কেইবাজনো নতুন মুখক দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে। আনহাতে বিজনেছ টুডেত প্রকাশিত এটা বাতৰিত কোৱা হৈছে যে এইবাৰ বাজেট প্রস্তুত কৰা টীমত বিত্ত সচিব নাই। উল্লেখযোগ্য যে পূৰ্বৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব অজয় শেঠক অৱসৰৰ পাছত বিত্ত সচিবৰূপে নিযুক্ত কৰা হৈছিল, কিন্তু তেওঁক যোৱা বছৰ জুনত বীমা নিয়ন্ত্রক আই আৰ ডি এৰ অধ্যক্ষ নিযুক্ত কৰা হয়। অৱশ্যে বিত্ত মন্ত্ৰ্যালয়ৰ সূত্রই প্রকাশ কৰা মতে বিত্ত সচিব নাথাকিলেও বাজেট প্রস্তুতৰ কাম স্বাভাৱিকভাৱে চলি আছে আৰু ইয়াত বিভিন্ন বিভাগৰ বিষয়া জড়িত হৈ আছে। 

বিত্ত সচিব নথকা সত্ত্বেও কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হোৱা নাই বুলি সূত্রসমূহে প্রকাশ কৰে। এইবাৰ বাজেট প্ৰস্তুত কৰা সীতাৰমণৰ টীমত কেইবাজনো নতুন সদস্য আছে। ইয়াৰ ভিতৰত বিত্ত মন্ত্ৰ্যালয়ৰ ক্ৰমে ৰাজহ সচিব অৰবিন্দ শ্রীবাস্তৱ, ব্যয় সচিব ভি বুৱালনম আৰু অৰ্থনৈতিক পৰিক্ৰমা সচিব অনুৰাধা প্ৰসাদো আছে। অৱশ্যে বিত্ত মন্ত্রালয়ত তেওঁলোক নতুন নহয়।

Share This