ডিজিটেল ডেস্ক: আমেৰিকা, কানাডা আৰু মেক্সিকোত ১২ জুনৰ পৰা আৰম্ভ হ'ব ফিফা বিশ্ব কাপ। এইবাৰৰ বিশ্ব কাপ ফুটবলৰ ইতিহাসত সর্ববৃহৎ প্রতিযোগিতা হ'ব আৰু ইয়াত ভাগ ল'ব বিশ্বৰ আগশাৰীৰ ৪৮টা দলে। কেইবাখনো দেশে প্রথমবাৰৰ বিশ্ব কাপ খেলিব। কিন্তু এইবাৰৰ বিশ্ব কাপত সকলোৰে চকু থাকিব কেইবাজনো নৱাগত খেলুৱৈৰ ওপৰত।
প্ৰথমবাৰৰ বাবে বিশ্ব কাপ খেলা এই খেলুৱৈসকলৰ ভিতৰত বিশেষভাৱে চকু থাকিব পাঁচজন খেলুৱৈৰ ওপৰত। এই খেলুৱৈকেইজনে ইতিমধ্যে বিভিন্ন ক্লাব লীগ আৰু নিজৰ দেশৰ হৈ খেলা খেলত চকুত লগা প্রদর্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁলোকৰ ভিতৰত সৰ্বপ্ৰথমে নাম ল'ব পাৰি জার্মানিৰ ফ্লৰিয়ান উইৰ্টৰ্জৰ। ২২ বছৰীয়া জার্মান খেলুৱৈজনক যোৱাবাৰৰ বিশ্ব কাপত বিশ্ব কাপৰ দলত স্থান লাভ কৰিছিল, কিন্তু আঘাতৰ কাৰণে তেওঁ সেইবাৰ খেলিব নোৱাৰিলে। তেওঁক বর্তমান বিশ্বৰ আটাই তকৈ আক্রমণাত্মক মিডফিল্ডাৰ ৰূপে জনা যায়। জার্মানিৰ হৈ খেলা ৩৯খন মেচত তেওঁ ১০টা গ'ল দিয়ে।
ইফালে, ইংলেণ্ডৰ আক্ৰমণাত্মক মিডফিল্ডাৰ ক'ল পালমাৰৰ খেলে এইবাৰৰ বিশ্ব কাপত দলৰ খেলতো প্রভাৱ পেলাব বুলি আশা কৰা হৈছে। ড্রিবিলিং আৰু পাছিঙত থকা দক্ষতাৰ বাবে তেওঁক বিশ্বৰ অন্যতম শ্রেষ্ঠ আক্রমণাত্মক মিডফিল্ডাৰ ৰূপে জনা যায়। পালমাৰক ইংলেণ্ডৰ বৰ্ষশ্রেষ্ঠ ফুটবলাৰৰ বঁটাৰেও সন্মানিত কৰা হৈছে। প্রিমিয়াৰ লীগত চেলছীৰ হৈ তেওঁ ২২খন মেচত ৯টা গ'ল দিয়াৰ লগতে এটাত সহায় কৰিছে। উৱেফা চেম্পিয়ন লীগত পালমাৰে চাৰিখন মেচত এটা গ'ল দিয়াৰ লগতে দুটাত সহায় কৰিছে। নৰৱেৰ ফুটবল দলটোৱে ১৯৯৮ চনৰ পাছত প্ৰথমবাৰৰ বাবে এইবাৰ বিশ্ব কাপত খেলিব। দলটোৱে বিশ্ব কাপৰ মূল ৰাউণ্ডত খেলাৰ যোগ্যতা অৰ্জন কৰে মূলতঃ আর্লিং হালাণ্ডৰ চমকপ্রদ খেলৰ বাবে। হালাণ্ডে ৪৯খন আন্তঃৰাষ্ট্ৰীয় মেচত ৫৫টা গ'ল দিয়ে।
আনহাতে, ফিফা বিশ্ব কাপৰ যোগ্যতা অর্জনকাৰী ৰাউণ্ডত তেওঁ সর্বাধিক ১৬টা গ'ল দিয়ে। ইফালে, প্রিমিয়াৰ লীগত হালাণ্ডে মাঞ্চেষ্টাৰ চিটিৰ হৈ খেলি ৩২খন মেচত ২৪টা গ'ল দিয়াৰ লগতে সাতটা গ'লত সহায় কৰিছে। স্পেইনৰ ১৮ বছৰীয়া লামিন য়মালৰ সুন্দৰ প্ৰদৰ্শনৰ বলতে বার্চিলোনাই ইউৰোপিয়ান চেম্পিয়নৰ খিতাপ জয় কৰে। কলাসুলভ শৈলী আৰু সুযোগ সৃষ্টি কৰাৰ ক্ষমতাৰ লগতে গ'ল প'ষ্টৰ পৰা দীঘলীয়া শ্বটেৰে গ'ল দিয়াৰ দক্ষতাৰ বাবে তেওঁ প্রতিপক্ষৰ বাবে ত্রাস হৈ পৰে। তেওঁ স্পেইনৰ হৈ ২৫খন মেচত ছটা গ'ল দিয়ে। ইয়াৰ উপৰি লা লীগাত ২৮খন
মেচত ১৬টা, উৱেফা চেম্পিয়নছ লীগত ১০খন মেচত ছটা গ'ল দিছে।
এইবাৰৰ বিশ্ব কাপত লক্ষণীয় হ'ব আন এজন নবাগত খেলুবৈ ব্রাজিলৰ ২৮ বছৰীয়া গেব্রিয়েল মগালহেছ। তেওঁক বর্তমান বিশ্বৰ এজন অন্যতন সুদক্ষ চেণ্টাৰ বেক ৰূপে জনা যায়। তেওঁৰ শক্তিশালী, আক্রমণাত্মক ক্রীড়া শৈলী তথা টেকলিঙত দক্ষতা আছে। আছেনালৰ হৈ চলিত বর্ষত তেওঁ সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। বিশ্ব কাপতো তেওঁ সুন্দৰ প্ৰদৰ্শন কৰি জিলিকি উঠিব বুলি আশা কৰা হৈছে।