ডিজিটেল ডেস্ক : স্বাধীনতাৰ পিছৰে পৰা দেশৰ ৰাজধানী দিল্লীত যি ৰাজনৈতিক দলৰেই চৰকাৰ নাথাকক কিয়, অসম তথা উত্তৰ-পূৰ্বাঞ্চলক কেৱল সম্পদ আহৰণৰ থলীৰূপেহে যে ব্যৱহাৰ কৰি আহিছে, সেই কথা বিগত প্রায় আঠটা দশকত দিল্লী দখল কৰা ভিন্ন ৰাজনৈতিক দলৰ চৰকাৰৰ দৃষ্টিভংগীৰ পৰাই স্পষ্ট হৈ আহিছে। আনকি অসমৰ জাতীয় জীৱন সমৃদ্ধ কৰি যোৱা বৰেণ্য ব্যক্তিসকলৰ আদৰ্শ যুগমীয়া কৰি তেনে ব্যক্তিৰ অৱদানেৰে ভৱিষ্যতৰ প্ৰজন্মক উদ্বুদ্ধ কৰাৰ অৰ্থে স্থানীয়ভাৱে গ্ৰহণ কৰা আদৰণীয় পদক্ষেপকো যে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ তথা একাংশ বিষয়াই চূড়ান্ত অৱজ্ঞাৰে অপমান কৰিবলৈও যে কুণ্ঠাবোধ নকৰে, তেনে নিকৃষ্ট কাণ্ডও ৰাজ্যৰ ভিন্ন প্ৰান্তৰত সময়ে সময়ে সংঘটিত হৈ আহিছে। অসমৰ শৈক্ষিক ৰাজধানীৰূপে খ্যাত যোৰহাটতেই শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ ৰে'ল বিভাগৰ অবিবেচক কাণ্ডৰ পৰিণতিত ৰাজ্যখনৰ এগৰাকী বৰেণ্য ব্যক্তিক অপমান কৰাৰ দৰে অতিশয় উদ্বেগজনক ঘটনাই ৰে'ল বিভাগৰ একাংশ বিষয়াৰ অসমৰ প্ৰতি থকা নেতিবাচক দৃষ্টিভংগীৰ কথাকেই স্পষ্ট কৰি তুলিছে।
উল্লেখযোগ্য যে অসমত ৰাসায়নিক উদ্যোগৰ বাটকটীয়া 'উদ্যোগপ্রাণ' ৰূপে খ্যাত প্রয়াত সিদ্ধিনাথ কলিতাক চূড়ান্তভাৱে অপমান কৰি উত্তৰ-পূব সীমান্ত ৰে'লৱে ষ্টেছনৰ উন্নয়নৰ নামত যোৰহাট ৰে'ল ষ্টেছনৰ সমীপত তেওঁৰ স্মৃতিত থকা পথটোৰ কংক্রিট আৰু মাৰ্বলেৰে নির্মিত নামফলকখন দুদিনৰ পূৰ্বে জে চি বিৰে ভাঙি ৰে'ল বিভাগে দম্ভালি প্ৰদৰ্শন কৰাৰ কাৰ্যত যোৰহাটৰ বিদ্বৎ মহলত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্রণিধানযোগ্য যে ১৯২৩ বৰ্ষৰ ৰসায়ন বিজ্ঞানত অর্নাছসহ স্নাতক কলিতা আছিল অসমৰ ৰাসায়নিক উদ্যোগৰ বাটকটীয়া, যিগৰাকীয়ে অসমৰ প্ৰথমটো বৃহৎ ৰাসায়নিক উদ্যোগ 'অসম কেমিকেল ৱৰ্কছ' গঢ়ি তুলিছিল ১৯৩৩ চনত ডিব্ৰুগড় জিলাৰ পানীতোলাত। পৰাধীন ভাৰতত সেই সময়তেই ব্রিটিছসকলৰ উদগনি তথা নিজস্ব স্বাধীনচিতীয়া মনটোৰে চাঙ্কা চিয়াহী, ফিনাইল, গম আঠা, চৰবত, বিভিন্ন ঔষধ আদি প্রস্তুত কৰি তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ব্যৱসায় বৃদ্ধি কৰাৰ লগতে অসমীয়াৰ স্বাভিমানক উচ্চ শিখৰলৈ নিবলৈ সক্ষম হৈছিল। ১৯২৬চনত নলবাৰীৰ এক অখ্যাত অঞ্চল কৈঠালকুছিৰ জোৱাদীত জন্ম গ্রহণ কৰা প্ৰয়াত কলিতাই স্নাতক সম্পূৰ্ণ কৰি যোৰহাটত পৰিয়ালসহ স্থায়ীভাৱে থাকিবলৈ লৈছিল। কর্মক্ষেত্র পানীতোলা চাহ বাগিচাত সহকাৰী ৰসায়নবিদ হিচাপে কাম কৰাৰ সময়তেই দ্বিতীয় মহাযুদ্ধত পানীতোলাত ব'ম পৰাৰ পাছত ৰাসায়নিক উদ্যোগটো তেওঁ যোৰহাটলৈ তুলি আনি যোৰহাটত স্থায়ী হিচাপে থাকিবলৈ লৈছিল। অসম তথা যোৰহাটৰ গৌৰৱ এইগৰাকী ব্যাৱসায়িক মনৰ স্বনামধন্য ব্যক্তিয়ে যোৰহাটৰ শিক্ষাৰ ক্ষেত্ৰখনক আগুৱাই নিয়াৰ মহান লক্ষ্যৰে চক বজাৰত ১৯৩১ চনত 'গ্রেজুৱেট ষ্ট'ৰ্ছ' নামেৰে পুথি আৰু বাতৰি কাকতৰ দোকানখন প্রতিষ্ঠা কৰিছিল।
যোৰহাট টাউন ৰে'লৱে ষ্টেছনৰ সমীপত সেই সময়তেই একক প্রচেষ্টাৰে অঞ্চলৰ সকলো বাসিন্দাৰ সুবিধার্থে তেওঁ নিৰ্মাণ কৰি তোলা আৰু বৰ্তমানে শতাধিক পৰিয়ালৰ একমাত্র পথ হিচাপে চিহ্নিত এই মূল পথটো সেয়েহে সকলোৰে প্রচেষ্টাত পুৰোধা ব্যক্তিগৰাকীৰ স্মৃতিত ২০০৮ চনৰ ২৮ ডিচেম্বৰত তদানীন্তন যোৰহাটৰ বিধায়ক ৰাণা গোস্বামীয়ে উক্ত নামফলকেৰে উদ্বোধন কৰিছিল। যোৰহাট পৌৰসভাই পকীপথলৈ উন্নীত কৰা পথটো ২০১১ চনত বৰ্তমানৰ বিধায়ক হিতেন্দ্র নাথ গোস্বামীয়ে অঞ্চলৰ বাসিন্দাসকলৰ অনুৰোধত বিশেষ উদ্যোগ গ্রহণ কৰি পৌৰসভাৰ যোগেদি পথটো পুনৰ নিৰ্মাণ কৰি 'উদ্যোগপ্ৰাণ' কলিতাৰ ত্যাগৰ স্বীকৃতি প্রদান কৰে। বিধানসভাৰ দুয়োগৰাকী সন্মানীয় যোৰহাটৰ প্ৰতিনিধিৰ নাম সম্বলিত এই নাম ফলকখন ৰে'লৱে বিভাগে এনেদৰে আক্রোশমূলকভাৱে জে চি বিৰে ভাঙি পেলোৱাটো যোৰহাটবাসীৰ বাবেই এক অপমান হোৱাৰ উপৰি অসমীয়া এগৰাকী বৰেণ্য উদ্যোগীৰ প্ৰতি ৰে'লৱে বিভাগৰ অসন্মানৰ এক চূড়ান্ত নিদর্শন বুলি সকলোৱে একমুখে ধিক্কাৰ দিছে। যোৰহাট ৰে'লৱে ষ্টেছনৰ উন্নয়নৰ স্বাৰ্থত ৰে'লৱে বিভাগে অঞ্চলৰ বাসিন্দা তথা কলিতাৰ পৰিয়ালক ফলকখনৰ সম্পৰ্কত জনোৱাৰ সামান্যতম সৌজন্যৰ অভাৱে সকলোকে হতচকিত কৰাই নহয়, জাতি, মাটি, ভেটি ৰক্ষা কৰিব খোজা চৰকাৰৰ ফোঁপোলা স্বৰূপকেই উদঙাই দিছে। সকলোৱে বিচাৰে চৰকাৰে ৰে'লৱে বিভাগৰ এই অপযশৰ তদন্ত কৰাওক আৰু ক্ষিপ্ৰতাৰে ফলকখন প্রতিষ্ঠা কৰি উদ্যোগপ্রাণ সিদ্ধিনাথ কলিতাদেৱৰ প্রতি শ্রদ্ধা জনাওক। ৰে'ল বিভাগৰ এনে অবিবেচক কাণ্ডই বিভাগটোৰ একাংশ বিষয়াই অসম আৰু অসমীয়াৰ প্রতি কেনে বিদ্বেষমূলক মনোভাব পোষণ কৰি আহিছে, সেই কথাও প্রকট কৰি তুলিছে। বিভাগৰ একাংশ বিষয়া-ঠিকাদাৰৰ এনে আক্রোশমূলক কাণ্ডৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰে'লৱেই এতিয়া কি ব্যৱস্থা গ্রহণ কৰিব, সেয়া লক্ষণীয় হ'ব।