৬০ টকাকৈ বৃদ্ধি ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

dainik janambhumi March 08, 2026

ডিজিটেল ডেস্ক: মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ ভাৰততো পৰিবলৈ আৰম্ভ কৰিছে। ভাৰতত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম আজি প্রায় এবছৰৰ পাছত বৃদ্ধি কৰা হয়। চৰকাৰী খণ্ডৰ তেল কোম্পানীকেইটাই প্রকাশ কৰা মতে, ১৪.২ কেজি ওজনৰ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ (এল পি জি) দাম আজি প্রতিটোত ৬০ টকাকৈ বৃদ্ধি কৰা হৈছে। আনহাতে, ১৯ কেজি ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম প্ৰতিটোত ১১৫ টকাকৈ বৃদ্ধি কৰা হয়। আই অ' চি এলে প্রকাশ কৰা মতে, আজিৰ পৰা এই বৰ্ধিত দৰ কাৰ্যকৰী কৰা হৈছে।

উল্লেখযোগ্য যে মধ্য প্রাচ্যত প্রচণ্ড যুদ্ধ চলি থকাৰ সময়ত হৰমুজ প্রণালীৰে খাৰুৱা তেল আৰু তৰল প্রাকৃতিক গেছ (এল এন জি) পৰিবাহী জাহাজৰ চলাচল বন্ধ হৈ পৰাৰ সময়তে ভাৰতত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা হয়। এনে অৱস্থাত চৰকাৰে সতৰ্কতামূলক ব্যৱস্থা হিচাপে খাৰুৱা তেলৰ দাম বৃদ্ধি কৰা বুলি কোৱা হৈছে।

একাংশ বাতৰিত প্ৰকাশ পোৱা মতে, ভাৰতৰ হাতত মাত্র ১২ দিনৰ বাবেহে এল এন জিৰ ভাণ্ডাৰ মজুত আছে।উল্লেখযোগ্য যে ভাৰত চৰকাৰে কালি জৰুৰী ক্ষমতা বৃদ্ধি কৰি দেশৰ তেল কোম্পানীসমূহক প্রাকৃতিক গেছৰ উৎপাদন বৃদ্ধি কৰিবলৈ নির্দেশ দিয়ে। ইফালে, যুদ্ধ অধিক দীঘলীয়া হ'লে ভাৰতৰ আন আন খণ্ডতো ইয়াৰ বিপৰীত প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে। যুদ্ধৰ কাৰণে হৰমুজ প্রণালীৰে খাৰুৱা তেল তথা এল এন জিৰ সৰবৰাহ দীর্ঘদিন বন্ধ হৈ থাকিলে ভাৰতৰ পৰিবহণ, কৃষি, উদ্যোগ, শক্তি উৎপাদন, প্রসাধন সামগ্রী, প্লাষ্টিককে ধৰি কেইবাটাও খণ্ড প্রভাৱিত হ'ব। 

উল্লেখযোগ্য যে খাৰুৱা তেলৰ দাম প্রতি ডলাৰত ১ ডলাৰ বৃদ্ধি পালে ভাৰতৰ বৰ্ধিত খাৰুৱা তেলৰ আমদানি ব্যয় ২০০ কোটি ডলাৰ বৃদ্ধি পায়। ৰন্ধন গেছৰ পাছত এতিয়া পেট্রল আৰু ডিজেলৰ দামো বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ ফলত দেশত মূল্যবৃদ্ধিৰ সম্ভাৱনাও আছে। বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম ১৫% বৃদ্ধি পাইছে যদিও ভাৰতত পেট্রল আৰু ডিজেলৰ দাম স্থিৰ অৱস্থাত আছে।

পেট্রল-ডিজেলৰ দাম তেল কোম্পানীবোৰে বজাৰৰ মূল্যৰ ভিত্তিত নিৰ্ধাৰণ কৰে, যদিও ইয়াত চৰকাৰৰ ভূমিকা থাকে। পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বৰ্তমান পেট্রল-ডিজেলৰ দাম বৃদ্ধি নকৰিব পাৰে বা কৰিলেও সামন্য বৃদ্ধি কৰিব পাৰে, কিন্তু নিৰ্বাচনৰ পাছতে ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা যাব। আনহাতে, খাৰুৱা তেলৰ দামবৃদ্ধিৰ ফলত ভাৰতীয় টকাৰ মূল্য অধিক হ্রাস পোৱাৰো আশংকা কৰা হৈছে। ইয়াৰ লগতে সোণৰ দামো বৃদ্ধি পাব। ইফালে, দেশৰ কেইবাটাও আগশাৰীৰ উদ্যোগো চিন্তিত হৈ পৰিছে যুদ্ধক লৈ। ইয়াৰ ফলত তীখা, সাৰ, চিমেন্ট আৰু শক্তি বিতৰণত ব্যৱহাৰ কৰা সামগ্ৰীৰ উৎপাদনত ব্যৱহাৰ কৰা কেঁচা মাল মধ্য প্রাচ্যৰ দেশবোৰৰ পৰা আমদানি কৰা হয়। এই সামগ্ৰীবোৰৰ ভিতৰত চুণ শিল, ছালফাৰ, জিপছাম, ডি আই আৰ আৰু তামো আছে। 

ইফালে, বিমানৰ ভাৰাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ভাৰতৰ পৰা ইউৰোপলৈ যোৱা বিভিন্ন বিমানৰ ভাৰা ৪০% তকৈ অধিক হাৰত আৰু ডুবাইলৈ অহা-যোৱা কৰা বিমানৰ ভাৰা ৬০-৮০% বৃদ্ধি পাইছে।

Share This