সাংবাদিকৰ সন্মুখত প্ৰধানমন্ত্ৰীৰ উচ্ছ্বাস, বিশ্বৰ বাবে আশাৰ ৰেঙনি হৈ উদিত হৈছে ভাৰত

dainik janambhumi January 30, 2026

ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে কয় যে ভাৰত বিশ্বৰ বাবে 'আশাৰ ৰেঙনি' হৈ উদিত হৈছে। ইউৰোপীয়ান ইউনিয়নৰ সৈতে মুক্ত বাণিজ্য চুক্তিৰ উল্লেখ কৰি তেওঁ কয় যে এইখন হৈছে 'উচ্চাভিলাষী ভাৰত'ৰ বাবে আৰু প্রস্তুতকাৰীসকলে (মেনুফেকহাৰাৰ) সামর্থ্য বৃদ্ধি কৰিবলৈ ইযাৰ সুযোগ গ্রহণ কৰা উচিত। 

সংসদৰ বাজেট অধিৱেশনৰ আৰম্ভণিত সাংবাদিকসকলক সম্বোধন কৰি মোদীয়ে কয় যে ভাৰত দ্রুতগতিৰে 'ৰিফর্ম এক্সপ্রেছ'ৰে (সংস্কাৰৰ ৰে'লগাড়ী) আগ বাঢ়িছে। সংস্কাৰৰ উন্মোচনত সাসংদসকলে তেওঁলোকৰ ইচিবাচক শক্তিৰে বৰঙনি আগবঢ়োৱা বাবে মোদীয়ে ধন্যবাদ জনায়। তেওঁ কয়, 'ভাৰতৰ গণতন্ত্র 'আৰু জনগাঁথনি বিশ্বৰ বাবে ডাঙৰ আশা। গণতন্ত্রৰ এই মন্দিৰত, গণতন্ত্রলৈ দায়বদ্ধতা, শক্তি আৰু গণতান্ত্রিক প্রক্রিয়াৰে লোৱা সিদ্ধান্তৰ প্রতি সম্মানৰ বার্তা প্রেৰণ কৰিবলৈ ভাৰতৰ বাবে সুযোগ আছে। ভাৰতৰ এই বার্তা বিশ্বই গ্রহণ কৰিছে আৰু আদৰণি জনাইছে।' 

মোদীয়ে কয় যে বর্তমান। তেওঁ লগতে কয়, 'এই বছৰটো অতি ইতিবাচকভাৱে আৰম্ভ হৈছে। আত্মবিশ্বাসী ভাৰত বিশ্বৰ বাবে আশাৰ ৰেঙনি আৰু আকর্ষণৰ কেন্দ্রবিন্দুৰূপে উদিত হৈছে।' ইউৰোপীয়ান ইউনিয়নৰ সৈতে হোৱা শেহতীয়া চুক্তিৰ বিষয়ত মোদীয়ে কয় যে এই ত্রৈমাসিকৰ আৰম্ভণিতে হোৱা মুক্ত বাণিজ্য চুক্তি (এফ টি এ)-এ ভাৰতৰ তৰুণসকলৰ বাবে এক উজ্জ্বল ভৱিষ্যৎ আৰু সমুখৰ প্রতিশ্রুতিপূর্ণ দিশৰ প্রতিফলন ঘটাইছে। 

মোদীয়ে কয় যে ইউৰোপীয়ান ইউনিয়নৰ সৈতে হোৱা এই 'সর্ববৃহৎ চুক্তি' (মাদাৰ অব্ অল ডীলছ)-এ এক বিশাল বজাৰ মুকলি কৰিলে। তাত ভাৰতীয় সামগ্রী কম খৰচতে পাবগৈ। সংসদৰ যুটীয়া অধিৱেশনত ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৰ অভিভাষণৰ কথা উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে উক্ত অভিভাষণ আছিল ১৪০ কোটি ভাৰতীয়ৰ আত্মবিশ্বাসৰ আৰু যুবক-যুৱতীৰ আকাংক্ষাৰ প্রকাশ। তেওঁ আৰু উল্লেখ কৰে যে কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে দেওবাৰে একেৰাহে তেওঁৰ ন্যামখন বাজেট দাখিল কৰিব আৰু তেরেই হৈছে এনে উল্লেখনীয় কাম কৰা দেশৰ একমাত্র মহিলা বিত্ত মন্ত্রী।

Share This