ডিজিটেল ডেস্ক: অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত ব্যৱহাৰ হ'বলগীয়া ইলেক্ট্রনিক ভোটিং মেচিনসমূহত (ই ভি এম) প্ৰাৰ্থীসকলৰ নাম তথা প্রতীক চিহ্ন সন্নিৱিষ্ট কৰাৰ গুৰুত্বপূৰ্ণ কাৰ্য ৰাজ্যৰ ১২৬টা সমষ্টিতে সফলভাৱে সম্পন্ন কৰা হৈছে। কালি এই কথা ঘোষণা কৰে ৰাজ্যিক নির্বাচন আয়োগে।
এক বিবৃতিযোগে আয়োগে প্রকাশ কৰে যে ই ভি এমত প্ৰাৰ্থীৰ নাম তথা প্রতীক চিহ্ন সন্নিৱিষ্ট কৰাৰ প্ৰক্ৰিয়া ৩১ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈকে জিলা নির্বাচনী বিষয়াসকলে নিৰ্ধাৰিত স্থানত সম্পন্ন কৰে। এই কাম কৰাৰ সময়ত নিৰ্বাচন আয়োগৰ নিৰ্দেশনাসমূহ অনুসৰণ কৰি সম্পূৰ্ণ স্বচ্ছতাৰে প্ৰতিদ্বন্দ্বী প্রার্থীসকল অথবা তেওঁলোকৰ অনুমতিপ্রাপ্ত প্ৰতিনিধিৰ উপস্থিতিত সম্পন্ন কৰা হয়। এই কাম কৰাত ইলেক্ট্রনিকছ কৰ্প'ৰেশ্যন অব্ ইণ্ডিয়া লিমিটেডৰ দ্বাৰা অনুমোদিত অভিযন্তা আৰু কাৰিকৰী কৰ্মচাৰীসকলে সহযোগ কৰে।
মুঠ ৪১,৩২০টা বেলট ইউনিট, ৪৩,৯৭৫টা কন্ট্রোল ইউনিট আৰু ৪৩,৯৯৭টা ভি ভি পি এ টি ইউনিটত প্রার্থীসকলৰ নাম তথা প্রতীক চিহ্ন সন্নিৱিষ্ট কৰা বুলি আয়োগে প্রকাশ কৰে। অসমৰ মুঠ ৩১,৪৯০টা ভোটগ্রহণ কেন্দ্রত প্রয়োজন হ'লে ব্যৱহাৰৰ বাবে সংৰক্ষিত মেচিনসমূহো ইয়াত অন্তর্ভুক্ত আছে।