ডিজিটেল ডেস্ক: সদৌ অসম সাংবাদিক সন্থা (আজু), নলবাৰী জিলা সাংবাদিক সন্থা আৰু নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাংবাদিক, সাহিত্যিক, সমাজকর্মী, শিক্ষাব্রতী, সমাজ সংগঠক তথা গৰিৱৰ বন্ধু ৰোহিণী মেধিৰ স্মৃতিত অসমৰ আগশাৰীৰ সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান বাসনা সাহিত্য গোষ্ঠীয়ে প্ৰতিবছৰে প্ৰদান কৰি অহা ৰোহিণী মেধি সোঁৱৰণী প্ৰেৰণা বঁটা-২০২৬ বৰ্ষৰ বাবে নিৰ্বাচিত কৰিছে দৈনিক জনমভূমি কাকতৰ উপ-সম্পাদক ৰাতুল ৰাজবংশীক।
দীর্ঘদিন ধৰি সততা, নিষ্ঠা আৰু সাহসিকতাৰে সংবাদসেৱা কৰি অহাৰ বাবে তেওঁক বিশিষ্ট সাংবাদিক প্রয়াত ৰোহিণী মেধিৰ একাদশ মৃত্যু বার্ষিকী তিথিত অহা ৬ জুনত গুৱাহাটী প্ৰেছ ক্লাবত আবেলি ৩ বজাত এই বঁটাটো প্রদান কৰা হ'ব বুলি উদ্যোক্তাসকলে এক প্রেছ বিজ্ঞপ্তিযোগে জনাইছে।
উল্লেখযোগ্য যে ৰাজবংশী বিগত ২২টা বছৰ সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে। নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত মাখিবাহা গাঁৱৰ প্ৰয়াত মহেন্দ্ৰ ৰাজবংশী আৰু হেমলতা ৰাজবংশীৰ কনিষ্ঠ পুত্ৰ। পূৰ্বতে 'দৈনিক জনসাধাৰণ' কাকতত জড়িত থকা ৰাজবংশীয়ে সুদীর্ঘকাল সাহিত্যৰ ক্ষেত্ৰখনৰ লগতো জড়িত হৈ আছে। ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰাপ্তিৰ খবৰ পোৱাৰ পাছত তেওঁক বিভিন্ন দল-সংগঠন, ব্যক্তি আদিয়ে শুভেচ্ছা জনাইছে।