সৰ্বকালৰ অভিলেখ গঢ়ি টকাৰ মূল্য পতন

dainik janambhumi March 21, 2026

ডিজিটেল ডেস্ক: মধ্য প্রাচ্যৰ যুদ্ধই ভাৰতীয় টকাত শোচনীয় প্রভাৱ পেলাইছে। আজি টকাৰ মূল্যই পুনৰ সৰ্বকালৰ অভিলেখৰ সৃষ্টি কৰে আৰু ৯৩ টকাৰ সীমা পাৰ কৰে। যোৱা বুধবাৰে এক ডলাৰৰ মূল্য আছিল ৯২.৬৩ টকা আৰু আজি অধিক হ্রাস পাই প্রতি ডলাৰৰ মূল্য হয়গৈ ৯৩.৭১ টকা। চলিত সপ্তাহটোত টকাৰ মূল্য ১.৩% হ্রাস পায় আৰু বিগত চাৰি বছৰৰ ভিতৰত এটা সপ্তাহত সৰ্বাধিক হাৰত হ্রাস পায়। যোৱা এবছৰত টকাৰ মূল্য ১০ টকা বা ১১% হ্রাস পায়। 

উল্লেখযোগ্য যে পূর্বতে এটা বছৰত টকাৰ মূল্য ১১% অৱনমিত হোৱাৰ উদাহৰণ বিৰল। যোৱা এটা বছৰত টকাৰ বৃহৎ হাৰত অৱমূল্যায়ন হোৱাৰ মূলতে হ'ল প্রথমতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ শুল্ক যুদ্ধ আৰু ইয়াৰ পাছত ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্য চুক্তিত পলম আৰু শেহতীয়াকৈ মধ্য প্রাচ্যৰ যুদ্ধই বিশ্বৰ বজাৰত খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ সংকট সৃষ্টি কৰাটো। 

ইফালে টকাৰ অৱমূল্যায়নৰ ভাৰতীয় অর্থনীতি গভীৰ প্ৰভাৱ পৰাৰো আশংকা কৰা হৈছে। টকাৰ অৱমূল্যায়নে বিভিন্ন দিশত প্ৰভাৱ পেলাব। আমদানি কৰা সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ লগতে মুদ্রা নীতিকো প্ৰভাৱিত কৰিব আৰু বিনিয়োগকাৰীকো হতাশ কৰিব পাৰে। ইয়াৰ ফলত দেশৰ শ্বেয়াৰ বজাৰত সূচকাংক অধিক অৱনমিত হোৱাৰো আশংকা কৰা হৈছে। 

আনহাতে দেশৰ ৰাজহ ঘাটি বৃদ্ধি পোৱাৰো আশংকা কৰা হৈছে। ইফালে ডলাৰৰ তুলনাত টকাৰ মূল্য হ্রাস পোৱাৰ ফলত অধিক লাভ আদায়ৰ সুযোগ লৈ বিদেশী বিনিয়োগকাৰীয়ে ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা বৃহৎ পৰিমাণৰ ধন উলিয়াই নিয়ে। চলিত মাহত বিদেশী বিনিয়োগকাৰীয়ে দেশৰ শ্বেয়াৰ বজাৰৰ পৰা ৭৭ হাজাৰ কোটি টকাতকৈ অধিক ধন উলিয়াই নিয়ে। আনহাতে চলিত বিত্তীয় বৰ্ষৰ অন্তিম তিনিমাহত বাণিজ্যিক ঘাটি অধিক বৃদ্ধি পোৱাৰো আশংকা প্রকাশ কৰা হৈছে।

Share This