নতুন শিক্ষা নীতি অনুসৰি শিক্ষা মন্ত্ৰ্যালয়ৰ নিৰ্দেশনা, বিদ্যালয় পৰিচালনা সমিতিত থাকিব ৭৫% অভিভাৱক

dainik janambhumi May 08, 2026

ডিজিটেল ডেস্ক: বিদ্যালয় পৰিচালনা সমিতি সন্দৰ্ভত শিক্ষা মন্ত্ৰ্যালয়ে প্ৰেৰণ কৰিছে নতুন নিৰ্দেশাৱলী। এনে এক নির্দেশনাত কোৱা হৈছে যে নির্বাচিত পিতৃ-মাতৃ বা অভিভাৱক এনে সমিতিৰ অধ্যক্ষ আৰু উপাধ্যক্ষ হ'ব লাগিব। 

শিক্ষা বিভাগৰ নিৰ্দেশনাত শিক্ষা প্রতিষ্ঠান বা বিদ্যালয়ৰ মুৰব্বীক সদস্য সচিব (মেম্বাৰ ছেক্ৰেটেৰী) হিচাপে থাকিবলৈ কোৱা হৈছে। নির্দেশনাত প্রস্তাৱ দিয়া হৈছে যে এনে সমিতিবোৰত শিক্ষা প্রতিষ্ঠানৰ অধ্যক্ষ বা বিদ্যালয়ৰ মুৰব্বীয়ে সদস্য সচিব (মেম্বাৰ ছেক্ৰেটেৰী) হিচাপে কাম কৰিব, যি সমিতিৰ অন্তৰ্গত থাকিব শৈক্ষিক বিষয় আৰু আন্তঃগাঁথনি উন্নয়নৰ দুখন উপ-সমিতি। 

৬ মে', বুধবাৰে প্ৰেৰণ কৰা উক্ত নিৰ্দেশাৱলীত কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে উল্লেখ কৰে যে ইতিমধ্যে থকা এনে সমিতিবোৰ বিদ্যালয় শিক্ষাৰ সংস্কৃতিৰ সৈতে সংহত হ'বই লাগিব। এই নিৰ্দেশাৱলী হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০০০-ৰ সৈতে সামঞ্জস্য থকা। এই নিৰ্দেশাৱলীৰ লক্ষ্য হৈছে প্রাক-প্রাথমিকৰ পৰা দ্বাদশ শ্রেণীলৈ সমাজ বা সামূহিক অংশগ্রহণ বৃদ্ধি কৰা। 


শিক্ষাৰ অধিকাৰ আইন ২০০৯-ৰ অধীনত বিদ্যালয়সমূহে প্রতিনিধি, পিতৃ-জন মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা পৰিচালনা সমিতি গঠন কৰা প্ৰয়োজন। উক্ত আইনমতে সমিতিৰ সদস্যৰ তিনি চতুর্থাংশ হ'ব লাগিব পিতৃ-মাতৃ বা অভিভাৱক। মুঠ সদস্যৰ অতি কমেও আধা হ'ব মহিলা। এই সমিতিবোৰে উন্নয়ন আৰু অনুদান ব্যৱস্থাপনা তদাৰক কৰিব। নির্দেশনা মতে ১০০ ছাত্র-ছাত্রী থকা বিদ্যালয়ত সদস্য-সদস্যাৰ সংখ্যা হ'ব ১২-ৰ পৰা ১৫; মধ্যমীয়া আকাৰৰ বিদ্যালয়ত ১৫-ৰ পৰা ২০ আৰু ৫০০তকৈ অধিক ছাত্র-ছাত্রী থকা বিদ্যালয়ত সমিতিত ২০-ৰ পৰা ২৫ সদস্য-সদস্যা থাকিব লাগিব। 

পিতৃ-মাতৃ নেতাৰূপে থকাৰ উপৰি সমিতিত থাকিব প্রতিটো শ্রেণী পৰ্যায়ৰ অভিভাৱক-অভিভাৱিকা, বিষয়া, শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদ্যালয়ৰ মুৰব্বী। প্রাক্তন ছাত্র-ছাত্ৰী, বিশেষজ্ঞ আৰু অগ্রণী কর্মীকো (আশা, অংগনৱাড়ী কর্মী) সমিতিত ৰাখিব পাৰিব। এই সমিতিসমূহে পি এম-পোষণ, সমগ্র শিক্ষা আৰু নিপুণ ভাৰতৰ দৰে আঁচনিবোৰ নিৰীক্ষণ কৰিব। তেওঁলোকে সম্পদ সংগঠিত কৰাৰ ব্যৱস্থাপনা কৰিব আৰু ৩০ লাখ টকাৰ প্ৰকল্পলৈকে তদাৰক কৰিব। স্বচ্ছতা (ট্রেন্সপাৰেন্সি) নিশ্চিত কৰিবলৈ বিদ্যালয়ৰ মুৰব্বীয়ে প্ৰতি শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে সদস্যৰ নিৰ্বাচন আৰম্ভ কৰিব। সদস্যসকলে দুবছৰীয়া কাৰ্যকালৰ বাবে সেৱা আগবঢ়াব।

Share This