প্ৰচণ্ড গৰমে প্ৰভাৱ পেলাইছে স্মৃতিশক্তিতঃ নিউয়র্ক স্কুল অব্ গ্ল’বেল পাব্লিক হেল্‌থ 

Jyoti Borah August 21, 2023

 ডিজিটেল ডেস্কঃ জলবায়ু পৰিৱৰ্তনৰ লগতে এল নিনোৰ প্ৰভাৱত সমগ্ৰ বিশ্বই প্রচণ্ড  গ্রীষ্ম প্ৰৱাহৰ কবলত পৰিছে।  প্রচণ্ড গৰমে মানুহৰ স্মৃতিশক্তিত প্ৰভাৱ পেলাইছে। এই কথা জানিব পৰা গৈছে নিউয়র্ক স্কুল অব্ গ্ল’বেল পাব্লিক হেল্‌থে কৰা এটা অধ্যয়নৰ পৰা। গৱেষকসকলে লাভ কৰা তথ্য অনুসৰি অত্যধিক গৰমে সমাজৰ দুর্বল শ্রেণী, বিশেষকৈ দৰিদ্ৰ আৰু বৃদ্ধ লোকসকলৰ স্মৃতিশক্তি হ্ৰাস কৰিব পাৰে। গৱেষকসকলে জানিব পাৰিছে যে অত্যধিক গৰমে বোধজ্ঞান দুৰ্বল কৰিব পাৰে। অৱশ্যে সকলো লোকৰ ক্ষেত্ৰত এই কথা প্রযোজ্য নহ'বও পাৰে। উল্লেখযোগ্য যে সমগ্ৰ বিশ্বতে বিশেষকৈ আমেৰিকাত বতৰৰ লগত জড়িত ঘটনাসমূহৰ ভিতৰত সৰ্বাধিকসংখ্যক লোকে প্ৰাণ হেৰুৱায় প্রচণ্ড গৰমৰ কাৰণে। গ্রীষ্ম প্ৰৱাহৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হয় শিশু আৰু বৃদ্ধ লোকসকল। শিশু আৰু বৃদ্ধসকল প্রচণ্ড গৰমত হিট ষ্ট্ৰ'ক আৰু অৱশ হৈ পৰাৰ দৰে বিকাৰত ভোগে। শেহতীয়াকৈ কৰা অধ্যয়নটোৰ পৰা আৰু জানিব পৰা মতে, অত্যধিক তাপমানে বোধজ্ঞানৰ জৰিয়তে কৰা কাম-কাজত প্রভাৱ পেলাব পাৰে। অৱশ্যে এই অধ্যয়নটোৱে দীৰ্ঘদিন গৰমৰ প্ৰভাৱত থকা লোকসকলৰ ক্ষেত্ৰত কোনো তথ্য দিব পৰা নাই। গৱেষকসকলে কয় যে অত্যধিক গৰমত বাৰে বাৰে থাকিলে মস্তিষ্কৰ কোষৰ ক্ষতি, বিষ আৰু ফুলি উঠা তথা অক্সিডেটিভ চাপৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ ফলত জ্ঞান আহৰণৰ প্ৰক্ৰিয়াটো প্রভাৱিত হয়। এই অধ্যয়নটো কৰা হৈছিল ৫২ বছৰ বা তাৰ ঊৰ্ধ্বৰ ৯,৫০০জন লোকক লৈ।

Share This