কাইলৈ দ্বিতীয় পৰ্যায়ৰ ১৩ খন জিলাত হ'ব ভোটদান 

dainik janambhumi May 06, 2025

ডিজিটেল ডেস্কঃ প্রতিপক্ষক আক্রমণ-প্রতি আক্রমণেৰে পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান সোমবাৰে বিয়লি ৪-৩০ বজাত সামৰণি পৰিল। দ্বিতীয় পৰ্যায়ত ৰাজ্যৰ ১৩খন জিলা ক্ৰমে ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰঙত ১২১৩০টা ভোটকেন্দ্রত ভোটগ্রহণ হ'ব। 

অহা ৭ মে'ৰ পুৱা ৭-৩০ বজাৰ পৰা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৯১৩১১২৭ গৰাকী ভোটাৰে ভোটদান কৰিব। জিলা পৰিষদৰ ১৮১ সদস্য পদৰ বাবে দ্বিতীয় পৰ্যায়ত ৪৯৫ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতাত নামিছে। ৮৭ খন আঞ্চলিক পঞ্চায়তৰ বাবে ২৩৮৮ গৰাকী প্রার্থীয়ে আৰু গাঁও পঞ্চায়তৰ ১০৫৩০ টা সদস্য পদৰ বাবে ২৬৭২৫ গৰাকী মুঠ ২৯৬০৮ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতাত নামিছে। ইতিমধ্যে প্রথম পৰ্যায়ৰ নিৰ্বাচন যোৱা ২ মে'ত ১৪ খন জিলাত সম্পন্ন হৈ গৈছে। দ্বিতীয় পর্যায়ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নির্বাচনত ২১ গৰাকী জিলা পৰিষদ সদস্য, ১৫১ গৰাকী আঞ্চলিক পঞ্চায়ত সদস্য আৰু ২৬৭২৫ গৰাকী গাঁও পঞ্চায়ত সদস্য বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হৈছে। 

এইবাৰ পোন প্ৰথমবাৰৰ বাবে গাঁও পঞ্চায়তসমূহ ৰাজনৈতিক দলৰ প্ৰত্যক্ষ হস্তক্ষেপৰ পৰিৱৰ্তে অৰাজনৈতিক প্ৰক্ৰিয়াৰে গাঁও পঞ্চায়তসমূহ গঠন হ'ব। কাৰণ গাঁও পঞ্চায়ত সদস্যৰ পদত কোনো ৰাজনৈতিক দলে দলীয় প্রতীকত প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা নাই। নির্দলীয় হিচাপে প্রতিদ্বন্দ্বিতাত নামি জয়লাভকৰাসকলৰ মাজৰপৰা গাঁও পঞ্চায়ত সভাপতি নির্বাচিত হ'ব। 

উল্লেখযোগ্য যে পূর্বে গাঁও পঞ্চায়তৰ সভাপতিগৰাকী ৰাইজৰ ভোটেৰে পৃথককৈ নির্বাচিত হৈছিল। এইবাৰ গাঁও পঞ্চায়ত সভাপতি পদৰ বাবে সুকীয়াকৈ নির্বাচন অনুষ্ঠিত হোৱা নাই। যাৰ ফলত পূর্বে পঞ্চায়ত নির্বাচনত গাঁও পঞ্চায়ত সদস্য, সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্যৰ বাবে চাৰিখন বেলট পেপাৰত ভোটদান কৰিছিল। এইবাৰ যিহেতু গাঁও পঞ্চায়ত সভাপতিৰ বাবে সুকীয়াকৈ নির্বাচন নহয় সেয়েহে তিনিখন বেলট কাকতত ভোটাৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব।

Share This