ডিজিটেল ডেস্ক : সৰ্বকালৰ অভিলেখৰ দিশে গতি কৰিছে ভাৰতীয় শ্বেয়াৰ বজাৰ। ব'ম্বে ষ্টক এক্সছেঞ্জৰ সূচকাংক ছেনছেক্স ৯ মাহৰ পাছত কালি সর্বোচ্চ পইণ্ট হয়গৈ। আন কথাত ছেনছেক্স প্রায় ৯ মাহৰ পাছত পুনৰ ৮৪ হাজাৰ পইণ্টৰ অধিক হয়গৈ। উল্লেখযোগ্য যে শ্বেয়াৰ বজাৰত একেৰাহে দ্বিতীয় দিনা উত্থান হয়।
যোৱা দুদিনত ছেনছেক্স প্রায় ১৮৮৮ পইণ্ট ঊর্ধ্বগামী হয়। ইয়াৰ ফলত বিনোয়োগকাৰীৰ দুদিনত প্রায় ৭.৭ লাখ কোটি টকা লাভ হয়। মন কৰিবলগীয়া দিশটো হ'ল কালি এটা সময়ত ছেনছেক্স নিম্নগামী হয় যদিও পাছত ওপৰলৈ উঠে। কালি দিনটোৰ আৰম্ভণিতে ছেনছেক্স দিনটোৰ সৰ্বনিম্ন ৮২,৪০৩.২৭ পইণ্টলৈ নামে। ইয়াৰ পাছত পুনৰ উত্থানৰ ধাৰ আৰম্ভ হয় আৰু এটা সময়ত ইয়াৰ পৰা ১,৬৩৪.৬৯ পইণ্ট ঊর্ধ্বমুখী হয়। ইয়াৰ লগে লগে প্রায় ৯ মাহৰ পাছত ছেনছেক্স ৮৪ হাজাৰৰ সীমা পাৰ কৰে আৰু ৮৪,০৩৮.৯৭ পইণ্ট হয়গৈ। অৱশ্যে শেহৰফালে ছেনছেক্সৰ পুনৰ সামান্য পতন হয় আৰু বজাৰৰ লেনেদেন বন্ধ হোৱাৰ সময়ত ছেনছেক্স হয়গৈ ৮৩,৯১৯.৭১ পইন্ট। ইফালে, ৰাষ্ট্ৰীয় ষ্টক এক্সছেঞ্জৰ সূচকাংক নিফটি কালি ২৮৬.৩০ পইণ্ট ঊর্ধ্বমুখী হৈ বজাৰৰ লেনদেন সামৰাৰ পৰত ২৫,৮০০.৬০ পইণ্ট হয়গৈ। নিফটিও এটা সময়ত ৪৬৩.৬ পইণ্ট ঊর্ধ্বগামী হৈছিল।
ভাৰতীয় শ্বেয়াৰ বজাৰ পুনৰ প্ৰাণচঞ্চল হৈ পৰা অন্যতম কাৰণ হ'ল বিদেশী বিনিয়োগকাৰীৰ পুনৰ আকৰ্ষণ বৃদ্ধি পোৱাটো। চলিত মাহত বিদেশী বিনিয়োগকাৰীয়ে এতিয়ালৈকে ১.১৫ লাখ কোটি টকা বিনিয়োগ কৰে। ইয়াৰ লগতে ডলাৰৰ তুলনাত টকা পুনৰ শক্তিশালী হোৱাটোও ইয়াৰ আন এটা কাৰণ। উল্লেখযোগ্য যে বিশ্বৰ বজাৰত কালি পতনৰ ধাৰা চলি থকাৰ সময়তে ভাৰতীয় শ্বেয়াৰ বজাৰত উত্থান দেখিবলৈ পোৱা যায়। কালি এছিয়াৰ বজাৰসমূহৰ ভিতৰত জাপানৰ নিক্কেই ৫.০৬%, দক্ষিণ কোৰিয়াৰ কস্পি ৫.২১% আৰু হংকঙৰ হেংছেং ১.৮৯% অৱনমিত হয়। বৃহস্পতিবাৰে আমেৰিকাৰ বজাৰতো সূচকাংক অৱনমিত হৈছিল।