পানীত ডুবি স্বাভাৱিক মৃত্যু হৈছিল জুবিন গাৰ্গৰ; ছিংগাপুৰৰ কৰ’নাৰ্ছ আদালতে দিলে চূড়ান্ত ৰায়

Nikimoni Kachari March 25, 2026

ডিজিটেল ডেস্ক: অৱশেষত আহিল দুঃ খবৰটো। পানীত ডুবি স্বাভাৱিক মৃত্যু হৈছিল জুবিন গাৰ্গৰ। এই চূড়ান্ত ৰায়দান দিলে ছিংগাপুৰৰ কৰ’নাৰ্ছ আদালতে ৷ 

ছিংগাপুৰৰ ক’ৰনাৰ্ছ আদালতত কয় যে ‘‘আকস্মিকভাৱে পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ।’’ হত্যাৰ কোনো তথ্য প্ৰমাণ পোৱা নাই ক’ৰনাৰ্ছ ক’ৰ্টে। 

এই শুনানিত উপস্থিত আছিল জুবিন গাৰ্গৰ খুড়াক মনোজ বৰঠাকুৰ আৰু ৰাহুল গৌতম শৰ্মা।

জুবিন গাৰ্গৰ মৃত্যুক দুৰ্ভাগ্যজনক আৰু আকস্মিক ঘটনা বুলি আখ্যা দিলে ছিংগাপুৰৰ ক’ৰনাৰ্ছ আদালতে। কেইবাটাও শুনানিৰ অন্তত আজি এই ৰায় দিয়ে ছিংগাপুৰৰ ক’ৰনাৰ্ছ ক’র্টে। 

জুবিনৰ মৃত্যুত ষড়যন্ত্ৰ হোৱা বুলি অভিযোগ উত্থাপিত হৈছিল। ছিংগাপুৰৰ ক’ষ্টগাৰ্ডৰ তথ্যক সমৰ্থন ছিংগাপুৰৰ আদালতৰ। পানীত থকাসকলে ইচ্ছাকৃতভাৱে জুবিনক মৃত্যুমুখলৈ ঠেলি দিয়া নাছিল বুলি ৰায়ত উল্লেখ কৰে। 

২০২৫ বৰ্ষৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক অৱস্থাত মৃত্যু হৈছিল অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ। এই আঘাত এতিয়াও পাহৰিব পৰা নাই অসমবাসীয়ে। জুবিন গাৰ্গৰ মৃত্যুক হত্যাৰ আখ্যা দিছিল মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পাছতেই ৰাইজৰ মন বিক্ষিপ্ত হৈ পৰে। জুবিন গাৰ্গক ন্যায় দিয়াৰ দাবীত জোৰদাৰ প্ৰতিবাদ আৰম্ভ হয়, সেই প্ৰতিবাদ এতিয়াও অব্যাহত আছে।

অসম আৰক্ষীৰ SITএ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি ১২ হাজাৰ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল। ইফালে ফাৰ্ষ্টটেক আদালতত আৰম্ভ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This