অসমক বাদ দি উঃ-পূবৰ ৭খন ৰাজ্যত হ'ব এছ আই আৰ, ৩০ মে'ৰ পৰা আৰম্ভ হ'ব প্ৰক্ৰিয়া

dainik janambhumi May 15, 2026

ডিজিটেল ডেস্ক: ভাৰতৰ নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে ১৬ খন ৰাজ্য আৰু তিনিখন কেন্দ্রীয়শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধন (এছ আই আৰ)-ৰ তৃতীয় পৰ্যায়ৰ কথা ঘোষণা কৰে। মুঠ ৩৬.৭৩ কোটি ভোটাৰ থকা এই ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত ৩০ মে'ৰ পৰা এছ আই আৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। 

এছ আই আৰ চলাব লগীয়া ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ হৈছে- দিল্লী, ওড়িশা, মিজোৰাম, ছিকিম, মণিপুৰ, উত্তৰাখণ্ড, অন্ধ্র প্রদেশ, অৰুণাচল প্রদেশ, হাৰিয়ানা, চণ্ডীগড়, তেলেংগানা, পঞ্জাব, কর্ণাটক, মেঘালয়, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, নগালেণ্ড, ত্ৰিপুৰা, দাদৰ-নগৰ হাভেলী আৰু দমন-ডিউ। এছ আই আৰ অনুশীলন চলিবলগীয়া বিৰোধীশাসিত ৰাজ্যকেইখন হৈছে- পঞ্জাব, ঝাৰখণ্ড, কৰ্ণাটক আৰু তেলেংগানা। ভোটাৰ তালিকা সংশোধনৰ এই প্ৰক্ৰিয়াত ৩.৯৪ লাখতকৈ অধিক ভোট গ্রহণ কেন্দ্ৰ পৰ্যায়ৰ বিষয়াই (বি এল অ') ৩৬.৭৩ কোটি ভোটাৰৰ ঘৰে ঘৰে যাব। তেওঁলোকক সহায় কৰিব ৩.৪২ লাখ ভোট গ্রহণ কেন্দ্র পৰ্যায়ৰ এজেন্টে (বি এল এ)। এটা বিবৃতিত নির্বাচন আয়োগে কয় যে বৰফাবৃত অঞ্চলৰ বতৰৰ অৱস্থালৈ লক্ষ্য কৰি হিমাচল প্রদেশ, জম্মু-কাশ্মীৰ আৰু লাডাখৰ বাবে এছ আই আৰৰ সময়সূচী পাছত প্রকাশ কৰা হ'ব। 

উল্লেখযোগ্য যে এছ আই আৰৰ তৃতীয় পর্যায় সমাপ্ত হ'লেই হিমাচল প্রদেশ, জম্মু-কাশ্মীৰ আৰু লাডাখৰ বাহিৰে সমগ্ৰ দেশতে এছ আই আৰ সম্পূর্ণ হ'ব। ১৬ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ চূড়ান্ত ভোটাৰ তালিকা বছৰটোৰ বিভিন্ন সময়ত প্রকাশ পাব। ৬ ছেপ্টেম্বৰত ওড়িশা, ছিকিম, মিজোৰাম আৰু মণিপুৰৰ ভোটাৰ তালিকা প্রকাশেৰে আৰম্ভ হ'ব আৰু শেষ হ'ব ২৩ ডিচেম্বৰত ত্ৰিপুৰাৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশেৰে। দিল্লী, কর্ণাটক, মেঘালয়, মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব ৭অক্টোবৰত। 

উল্লেখযোগ্য যে ইতিমধ্যে বিহাৰ, পশ্চিম বংগ, তামিলনাডু, কেৰালা, পুডুচেৰী, উত্তৰ প্ৰদেশ, ৰাজস্থান, মধ্য প্রদেশ, গুজৰাট, ছট্টিশগড়, গোৱা, আন্দামান-নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপত এছ আই আৰ কৰা হ'ল। অসমত কৰা হ'ল এক বিশেষ সংশোধন (স্পেচিয়েল ৰিভিজন)।

Share This