৪ লাখ কোটি টকা লাভবিনিয়োগকাৰীৰ, পুনৰুজ্জীৱিত দেশৰ শ্বেয়াৰ বজাৰ

dainik janambhumi October 14, 2026

ডিজিটেল ডেস্ক : মঙলবাৰে ষ্টক মার্কেট পুনৰুজ্জীৱিত হৈ পৰে। তথ্য-প্রযুক্তি (আই টি), বিত্তীয় আৰু এফ এম চি জিৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি, টকাৰ মূল্য বৃদ্ধি আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ এল টি টিজি কৰৰ বিষয়ত মন্তব্যৰ বাবে ছেনছেক্সত ১,১০৯ পইণ্ট উত্থান ঘটে আৰু নিফটি ২২,৭২০-ৰ ওপৰত বন্ধ হয়। ৩০ শ্বেয়াৰৰ বি এছ ই ছেনছেক্সৰ ১,১০৯.১০ পইণ্ট বা ১.৫৪ শতাংশ উত্থান ঘটি ৭৩,০৩৩.৭৮-ত বন্ধ হয়। 

উল্লেখযোগ্য যে এয়া হৈছে চাৰিমাহৰ ভিতৰত এদিনত হোৱা সর্বাধিক লাভ। দিনটোৰ ব্যৱসায়ৰ মাজত ছেনছেক্সৰ ১,১২০.৯৯ পইন্ট বা ১.৫৫ শতাংশ উত্থান ঘটি ৭৩,০৪৫.৬৭হয়গৈ। আনহাতে, ৫০ শ্বেয়াৰৰ এন এছ ই-ৰ নিফটি ৩৫৮.৬০ পইন্ট বা ১.৬০ শতাংশ উত্থান ঘটি দিনটোৰ শেষত ২২,৭২১.৯৫ত বন্ধ হয়। এয়া হৈছে দুমাহৰ ভিতৰত এদিনত সৰ্বাধিক পুনৰুত্থান। জুলাই-ছেপ্টেম্বৰ ত্রৈমাসিকত তথ্য-প্রযুক্তি কোম্পানী এইচ চি এল টেকৰ একীকৃত মুঠ লাভ ২১.১৮ শতাংশ বৃদ্ধি পাই ৫,১৩২ কোটি টকা হোৱাৰ বাতৰিৰ পাছত উক্ত কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ৮.২৮ শতাংশ বৃদ্ধি পায়। তেনেদৰে, টাটা কনছালটেন্সি ছার্ভিচেজৰ শ্বেয়াৰৰ মূল্য ৬.৫৯ শতাংশ, টেক মহিন্দ্ৰাৰ শ্বেয়াৰৰ মূল্য ৪.৯০ শতাংশ আৰু ইনফছিছৰ শ্বেয়াৰৰ মূল্য ৪.৪৪ শতাংশ বৃদ্ধি পায়। শ্বেয়াৰৰ মূল্য বৃদ্ধি পোৱা আনবোৰ হৈছে এইচ ইউ এল, টাইটান, বাজাজ ফিনছার্ভ, এছ বি আই, এইচ ডি এফ চি বেংক, এম এণ্ড এম আৰু আই চি চি আই বেংক। 

মঙলবাৰে শ্বেয়াৰ বজাৰৰ উত্থানৰ বাবে বিনিয়োগকাৰীসকলৰ প্ৰায় ৪ লাখ কোটি টকা লাভ হয়। মঙলবাৰে ব্ৰেণ্ট খাৰুৱা তেলৰ দাম ১.৬৬ শতাংশ হ্রাস পাই প্রতি বেৰলত ১০৪.৬ ডলাৰ হয়। উল্লেখযোগ্য যে কেন্দ্রীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে কয় যে লং টার্ম কেপিটেল গেইনছ (এল টি চি জি) কৰ আৰু ছিকিঅ'ৰিটিজ ট্রেনজেকশ্যন টেক্স (এছ টি টি) বিষয়ত যথেষ্ট যুক্তি-তর্ক চলি আছে। তেওঁ আৰু কয় যে এই বিতর্ক হোৱাটো ইতিবাচক। তেওঁ আৰু কয় যে তেওঁ মনোযোগেৰে 'তেওঁলোকৰ কথা শুনিব।' বিত্ত মন্ত্ৰী মন্তব্যৰ পাছতে নিৰাপদ শ্বেয়াৰ ক্ৰয় বৃদ্ধি পায়। ইফালে ডলাৰৰ তুলনাত টকাৰ মূল্য ৪১ পইচা বৃদ্ধি হৈ ৯৫.৩৭ হয়। যোৱা তিনিদিনত টকাৰ মূল্য ১.৫ শতাংশ বৃদ্ধি পাইছে। এনেবোৰ কাৰণতে মঙলবাৰে শ্বেয়াৰ বজাৰত উত্থান ঘটে।

Share This