ডিজিটেল ডেস্ক : দেশৰ ৪৫৮টা ৰে'ল ষ্টেছনত যাত্ৰীৰ বাবে প্রয়োজনীয় ন্যূনতম সা-সুবিধাৰ ব্যৱস্থা কৰিবলৈ উচ্চতম ন্যায়ালয়ে ৰে'ল মন্ত্ৰ্যালয়ক নির্দেশ দিয়ে। এই ৰে'ল ষ্টেছনকেইটাত যাত্ৰীৰ বাবে খোৱাপানী, যাত্রী বহাৰ ব্যৱস্থা, শৌচাগাৰ, প্লেটফর্ম শ্বেল্টাৰকে ধৰি আন সা-সুবিধা কৰিবলৈ নির্দেশটোত কোৱা হৈছে। ভাৰতৰ মহালেখা আৰু নিয়ন্ত্রকৰ (কেগ) প্রতিবেদনত দিয়া পৰামর্শসমূহ কার্যকৰী কৰিবলৈ ন্যায়ালয়ে ৰে'ল মন্ত্ৰ্যালয়ক নির্দেশ দিয়ে।
উল্লেখযোগ্য যে কেগৰ প্ৰতিবেদনৰ ভিত্তিত ৰে'ল ষ্টেছনসমূহত যাত্রীৰ বাবে প্রয়োজনীয়া সা-সুবিধাৰ ব্যৱস্থা কৰাৰ নির্দেশ দিবলৈ অনুৰোধ জনাই দাখিল কৰা আৱেদনৰ শুনানিলৈ লৈ উচ্চতম ন্যায়ালয়ে এই নির্দেশ দিয়ে। আবেদনখনত কোরা হয় যে কেগৰ প্রতিবেদনত দিয়া তথ্য মতে দেশৰ ৫১২টা ষ্টেছনৰ ভিতৰত ৪৫৮টাতে অর্থাৎ ৮৯৯তকৈ অধিক ৰে'ল ষ্টেছনত খোৱাপানী, বহাৰ ব্যৱস্থা, শৌচাগাৰ, প্লেটফর্ম শ্বেল্টাৰ, ফেন, ৱাটাৰ কুলাৰ আৰু চাইনব'র্ডৰ দৰে ন্যূনতম প্রয়োজনীয় সা-সুবিধাৰ অভাৱ। কেগৰ প্ৰতিবেদনত উল্লেখ কৰা মতে মাত্র ৫৪টা অর্থাৎ ১১% ষ্টেছনতহে যাত্রীব বাবে প্রয়োজনীয় সা-সুবিধাসমূহ আছে।