আত্মীয়ক বিদায় দিবলৈ গৈ বন্দে ভাৰত এক্সপ্ৰেছত বন্দী ১২ জন; ১৫০ কিলোমিটাৰ যাত্ৰা কৰি ভৰিলে ৩৬ হাজাৰ টকাৰ জৰিমনা

Rashmi November 17, 2026

ডিজিটেল ডেস্ক: ৰে’লত আত্মীয়ক তুলি দি বিদায় জনোৱাটো এক সাধাৰণ কথা, কিন্তু এই সাধাৰণ কামটোৱেই উত্তৰ প্ৰদেশৰ কানপুৰত কেইজনমান লোকৰ বাবে এক ভয়ংকৰ অভিজ্ঞতা হৈ পৰিল। 

কানপুৰ চেন্ট্ৰেল ষ্টেচনত ৰৈ থকা বন্দে ভাৰত এক্সপ্ৰেছখনত আত্মীয়ক আসনত বহুৱাবলৈ আৰু বয়-বস্তু থ’বলৈ মহিলা আৰু শিশুসহ মুঠ ১২ জন লোক দবাটোৰ ভিতৰলৈ গৈছিল। কাম শেষ কৰি তেওঁলোক যেতিয়া নামি আহিবলৈ ওলাইছিল, ঠিক সেই সময়তে ৰেলখনৰ স্বয়ংক্ৰিয় দুৱাৰসমূহ হঠাতে বন্ধ হৈ  হৈ পৰে। দুৱাৰ বন্ধ হোৱাৰ লগে লগে ৰে’লখনেও ষ্টেচন এৰি গতি কৰিবলৈ ধৰিলে।

হঠাৎ ৰে'ল চলি যোৱাত ভিতৰত থকা মহিলা আৰু শিশুসকলৰ মাজত হাহাকাৰ লাগে। তেওঁলোকে টিটিই আৰু কৰ্মচাৰীক দুৱাৰ খুলি দিবলৈ বা ৰে’ল ৰাখিবলৈ কাবৌ-কাকূতি কৰে যদিও বন্দে ভাৰতৰ দুৱাৰ চালকৰ কেবিনৰ পৰা নিয়ন্ত্ৰিত হোৱাৰ বাবে মাজবাটত ৰে'ল ৰখোৱা সম্ভৱ হৈ নুঠিল। ফলত কানপুৰৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ দূৰত্বৰ ইটাৱা ষ্টেচনতহে ৰে'লখন ৰয় আৰু তেতিয়াহে তেওঁলোক বাহিৰলৈ ওলাই আহিব পাৰে।

ইটাৱা ষ্টেচনত নমাৰ পিছত দলটোৱে আন এক সমস্যাৰ সন্মুখীন হয়। তেওঁলোকৰ হাতত যাত্ৰাৰ টিকট থকাটো দূৰৰ কথা, আনকি প্লেটফৰ্ম টিকটো নাছিল। ফলত ৰে’লৱে সুৰক্ষা বাহিনী আৰু টিকট পৰীক্ষকে নিয়ম উলংঘা কৰাৰ বাবে প্ৰতিজন ব্যক্তিৰ বিপৰীতে ৩,০০০ টকাকৈ নিৰ্ধাৰণ কৰি মুঠ ৩৬,০০০ টকা জৰিমনা আদায় কৰে। 

অৱশেষত, এই অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈ জৰিমনা ভৰাৰ পিছত ভুক্তভোগী লোকসকলে অন্য বাহনেৰে পুনৰ কানপুৰলৈ উভতি যাবলগীয়া হয়।

বন্দে ভাৰত এক্সপ্ৰেছৰ আধুনিক ব্যৱস্থাই সমস্যাত পেলোৱা এই ঘটনাটোৱে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।





উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This