শুনানি স্থগিত ৰখাৰ কেন্দ্ৰৰ অনুৰোধ প্রত্যাখ্যান উচ্চতম ন্যায়ালয়ৰ

dainik janambhumi May 08, 2026

ডিজিটেল ডেস্ক : ভাৰতৰ মুখ্য নির্বাচন আয়ুক্ত তথা নির্বাচন আয়ুক্তসকল নিয়োগৰ দায়িত্বত থকা সমিতিৰ পৰা ভাৰতৰ মুখ্য ন্যায়াধীশক আঁতৰোৱা ২০২২ চনৰ এখন আইনৰ সাংবিধানিক বৈধতাক প্রত্যাহবান জনোৱা এলানি আৱেদনৰ শুনানি স্থগিত ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে জনোৱা অনুৰোধত বুধবাৰে উচ্চতম ন্যায়ালয়ে অসন্মতি প্রকাশ কৰে। 

ন্যায়ালয়ে কয় যে এই বিষয়টো সবৰীমালা গোচৰতকৈ 'বেছি গুৰুত্বপূর্ণ'। উল্লেখযোগ্য যে ভাৰতৰ মুখ্য ন্যায়াধীশ (চি জে আই) সূর্যকান্তৰ নেতৃত্বৰ নজনীয়া ন্যায়াধীশৰ সাংবিধানিক পীঠে বৰ্তমান কেৰালাৰ সবৰীমালাকে ধৰি বিভিন্ন ধর্মীয় স্থানত নাৰীৰ বিৰুদ্ধে হোৱা বৈষম্য তথা বিভিন্ন পন্থাত ধর্মীয় স্বাধীনতাৰ সুযোগ সন্দর্ভীয় আৱেদনৰ শুনানি গ্রহণ কৰি আছে। বর্তমান সবৰীমালা গোচৰত ৯জনীয়া ন্যায়াধীশৰ পীঠৰ শুনানিত ব্যস্ত আছে বাবে নির্বাচন আয়ুক্ত বিষয়ক আইনৰ গোচৰ স্থগিত ৰাখিবলৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কৰা আৱেদন ন্যায়াধীশ দীপাংকৰ দত্ত আৰু সতীশ চন্দ্ৰ শৰ্মাৰ পীঠে নাকচ কৰে। 

'চীফ কমিছনাৰ এণ্ড আডাৰ ইলেকশ্যন কমিছনাৰ্ছ (এপইন্টমেন্ট, কণ্ডিশ্যনছ অব ছার্ভিচ এণ্ড টার্ম অব্ অফিচ) এক্ট ২০২৩,-ৰ বিৰুদ্ধে জনোৱা প্রত্যাহবানৰ গুৰুত্বৰ কথা উল্লেখ কৰি ন্যায়াধীশ দত্তই কয়, 'এই বিষয়টো আন যিকোনো বিষয়তকৈ গুৰুত্বপূৰ্ণ।' ইয়াৰ আগতে ২০ মার্চত মুখ্য ন্যায়াধীশ সূর্য কান্তই এই বিষয়ৰ আৱেদনসমূহৰ শুনানিৰ পৰা নিজকে আঁতৰাই ৰাখিছিল।

Share This