১২ মে'ত উচ্চতম ন্যায়ালয়ত 'কা'ৰ চূড়ান্ত শুনানি

dainik janambhumi May 03, 2026

ডিজিটেল ডেস্ক: নাগৰিকত্ব সংশোধনী আইন-২০১৯, চমুকৈ 'কা'ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ২০০টা গোচৰ বিচাৰাধীন হৈ আছে ২০১৯ চনৰ পৰা। এই গোচৰবোৰৰ চূড়ান্ত শুনানি লৈ ন্যায়ালয়ে এটা চূড়ান্ত সিদ্ধান্ত নিদিয়াকৈয়ে ভাৰত চৰকাৰে 'কা' প্রয়োগ কৰি থকা কাৰ্য দেশৰ সংবিধান আৰু ন্যায় ব্যৱস্থাৰ প্ৰতি এক চূড়ান্ত প্রহসন বুলিয়েই বিবেচিত হৈছে। এই মন্তব্য 'কা'ৰ অন্যতম গুচৰীয়া (১৫১৪/২০১৯) তথা অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ। 

২০২৪ চনৰ ১৯ মাৰ্চৰ শুনানিৰ দুবছৰ পাছত ২০২৬ চনৰ ১৯ ফেব্ৰুৱাৰীত 'কা'ৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ত চূড়ান্ত বিচাৰৰ বাবে ৫ মে'ৰ পৰা ১২ মে'লৈকে দীঘলীয়া সময় নির্ধাৰণ কৰিছিল। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্য কান্তৰ নেতৃত্বত ন্যায়াধীশ জয়মাল্য বাগছি আৰু ন্যায়াধীশ বিপুল মনুভাই পাঞ্চোলীৰে গঠিত তিনিজনীয়া বিচাৰপীঠত শুনানি অনুষ্ঠিত হ'ব। 

৫ মে'ত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন সংগঠন আৰু ব্যক্তিয়ে 'কা'ৰ বিৰুদ্ধে তৰা গোচৰবোৰৰ শুনানি অনুষ্ঠিত হ'ব। ৬ মে'ৰ আবেলি ২ বজাৰ পৰাহে 'কা'ৰ বিৰুদ্ধে তৰা মতিউৰ ৰহমান বনাম ভাৰত চৰকাৰৰ ১৫১৪/২০১৯ নং গোচৰ আৰু অসমৰ বিভিন্ন সংগঠনে 'কা'ৰ বিৰুদ্ধে তৰা গোচৰবোৰৰ শুনানি অনুষ্ঠিত হ'ব ত্ৰিপুৰা ৰাজ্যৰ পৰা তৰা গোচৰবোৰৰ সৈতে। ১২ মে'ত 'কা'ৰ শেষ তথা চূড়ান্ত শুনানি অনুষ্ঠিত হ'ব। 

গুচৰীয়া মতিউৰ ৰহমানে কয় যে ভাৰত চৰকাৰে ২০১৫ চনৰ ৭ছেপ্টেম্বৰত 'কা' আইন আনিবলৈ জাৰি কৰা জাননীখন সংবিধান বিৰোধী তথা পক্ষপাতিত্বমূলক বুলি প্রত্যাহ্বান জনাই মহাসংঘৰ নেতৃত্বত ৮গৰাকী বিশিষ্ট ব্যক্তি যথাক্রমে প্ৰণৱ কুমাৰ মজুমদাৰ (প্রাক্তন অধ্যক্ষ, তেজপুৰ চৰকাৰী ল'ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়), ডাঃ বিশ্ব ৰঞ্জন কলিতা প্রাক্তন (যুটীয়া সঞ্চালক, স্বাস্থ্য সেৱা সঞ্চালকালয়, অসম), শান্তনু দাস বৰহাজোৱাল (অৱসৰপ্ৰাপ্ত অধ্যক্ষ, ছৈখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা উপদেষ্টা, সোণোৱাল কছাৰী জাতীয় পৰিষদ), মুকুন্দ চন্দ্র গোস্বামী (সত্রাধিকাৰ, মায়ামৰা দিনজয় সত্র, চাবুৱা), ডক্টৰ যোগেশ্বৰ বড়া (অৱসৰপ্ৰাপ্ত অধ্যক্ষ, নন্দনাথ শইকীয়া কলেজ, তিতাবৰ তথা প্রাক্তন মুখ্য উপদেষ্টা, ঠেঙাল কছাৰী জাতীয় সংগঠন), তুলসী বৰদলৈ (অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, জাগীৰোড কলেজ তথা প্রাক্তন সভাপতি, তিৱা সাহিত্য সভা), প্রয়াত জগত কামা (অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক, বৰশীঝোৰা নিম্ন প্রাথমিক বিদ্যালয় তথা প্রাক্তন সভাপতি, নিখিল ৰাভা সাহিত্য সভা) আৰু জনকলাল বসুমতাৰী (অৱসৰপ্ৰাপ্ত আয়ুক্ত, আয়কৰ বিভাগ, অসম)য়ে ৬৮/২০১৬ নং গোচৰ তৰিছিল।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰহিনটন ফলী নৰিমান আৰু ন্যায়াধীশ ৰঞ্জন গগৈয়ে এই গোচৰৰ মাত্র দুটা শুনানি লৈয়ে সংবিধান উলংঘাৰ গোচৰ বুলি অভিহিত কৰি ২০১৬ চনৰ ১০ মাৰ্চত ৫জনীয়া সাংবিধানিক বিচাৰপীঠ লৈ চূড়ান্ত শুনানিৰ বাবে প্ৰেৰণ কৰিছিল। দুর্ভাগ্যজনক কথা এয়ে যে সাংবিধানিক বিচাৰপীঠে ২০২৩ চনৰ ৫, ৬, ৭ আৰু ১২ ডিচেম্বৰত গ্ৰহণ কৰা শুনানিৰ সময়ত ৬৮/২০১৬ নং গোচৰটোও তালিকাভুক্ত কৰিছিল যদিও শুনানি গ্রহণ কৰা নাছিল। মহাসংঘৰ অধিবক্তাই এই বিষয়টো ৫ মে'ৰ পৰা অনুষ্ঠিত হ'বলগীয়া বিচাৰৰ সময়ত উচ্চতম ন্যায়ালয় অৱগত কৰিব। ভাৰতৰ ভিতৰত একমাত্ৰ অসমতে অবৈধ বিদেশীক ভাৰতীয় নাগৰিকত্ব দিয়াৰ বাবে হিন্দু-মুছলমান বিদেশী ভাগ ভাগ কৰিছে ভাৰত চৰকাৰে। দেশৰ সংবিধানসন্মত ভিত্তি বছৰ ১৯৪৮ চনৰ ১৯ জুলাই তথা ১৯৫১ ভিত্তি বছৰ সমগ্র দেশতে প্রয়োগ হৈ থকাৰ সময়তে কেৱল অসমত ভিন ভিন তাৰিখ জাপি দি অসম যে ভাৰতৰ এখন উপনিৱেশ সেই কথা প্রমাণিত কৰা বুলি মতিউৰ ৰহমানে কয়। অসমত মুছলমান বিদেশীক নাগৰিকত্ব দিয়াৰ শেষ তাৰিখ ১৯৭১ চনৰ ২৫ মার্চ। আনহাতে, অসমত হিন্দু বিদেশীক নাগৰিকত্ব দিয়াৰ শেষ তাৰিখ হৈছে ২০২৪ চনৰ ৩১ ডিচেম্বৰ। উল্লেখযোগ্য যে সমগ্র ভাৰতৰ ৰাজ্যবোৰত মুছলমান বিদেশীক নাগৰিকত্ব দিয়াৰ শেষ তাৰিখ ১৯৫১ অর্থাৎ ১৯৫১ চনৰ লোকপিয়লত নাম থকা ভাৰতীয় মুছলমানৰ বংশধৰেহে আইন সন্মতভাৱে ভাৰতীয় নাগৰিকত্ব লাভকৰি থাকিব। 

১৯৫১ৰ পাছত ভাৰতত সোমোৱা কোনো বিদেশী মুছলমানে ভাৰতীয় নাগৰিকত্ব লাভ নকৰিব। হিন্দু বিদেশীৰ ক্ষেত্ৰতো একেই ব্যৱস্থা আছিল। কিন্তু বিজেপি চৰকাৰে সমগ্ৰ ভাৰতৰ বাবে বিদেশীক নাগৰিকত্ব দিয়াৰ ক্ষেত্ৰত হিন্দু-মুছলমান হিচাপে বিভাজিত কৰিছে। ২০১৯ চনৰ পৰা সমগ্ৰ ভাৰতত হিন্দু বিদেশীক নাগৰিকত্ব দিয়াৰ শেষ তাৰিখ হৈছে ২০২৪ চনৰ ৩১ ডিচেম্বৰ। দেশৰ সংবিধান আৰু ধৰ্মনিৰপেক্ষ নীতিৰ বিৰুদ্ধে গৈ ভাৰত চৰকাৰে বিদেশীক নাগৰিকত্ব দিয়াৰ ক্ষেত্ৰত হিন্দু-মুছলমান হিচাপে বিভাজিত কৰা ব্যৱস্থা প্রত্যাহাৰ কৰিবলৈ দাবী জনাই প্রকৃত মানৱতাবাদী আৰু ধৰ্মনিৰপেক্ষ সংগঠন অসমৰ জাতি সংঘ অসম সম্মিলিত মহাসংঘই ৰাষ্ট্ৰপতি, প্রধানমন্ত্রী গৃহ মন্ত্রী, আইন মন্ত্রীক কেইবাখনো স্মাৰক পত্ৰ দিছে। কিন্তু চৰকাৰে এই ক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰি আছে। 

আনহাতে, দেশৰ গৃহ মন্ত্রালয়ে ২০২৫ চনৰ ৩ ছেপ্টেম্বৰত এখন জাননী জাৰি কৰি হিন্দু বিদেশীক নাগৰিকত্ব দিয়াৰ ম্যাদ ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পৰা বৃদ্ধি কৰি ২০২৪ চনৰ ৩১ ডিচেম্বৰ কৰিছে প্ৰব্ৰজনকাৰী আৰু বিদেশী (বেহাই) নিয়ম, ২০২৫ নিৰ্দেশাৱলী জাৰী কৰি। আচলতে অতি কৌশলেৰে 'কা'ৰ জৰিয়তে কালি পলাই অহা হিন্দু বিদেশীয়ে চৰকাৰী দায়িত্বশীল বিষয়াৰ আগত থিয় হৈ কৈ দিলেই হ'ল যে তেওঁ ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ আগতেই আহিছে, কেৱল ভয়তে নাগৰিকত্বৰ বাবে আৱেদন কৰিব পৰা নাছিল। এই কথাৰ কোনো তথ্য বা প্ৰমাণৰ কথা নাই, লগে লগেই ভাৰতীয় নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে। হিন্দু বিদেশীয়ে কোনো ধৰণৰ নথি-পত্ৰ দিব নালাগে, আনকি পাছপ'ৰ্ট আৰু ভিছাৰ ম্যাদ উকলি যোৱাৰ পাছতো ভাৰতত বসবাস কৰি নাগৰিকত্ব লাভ কৰিব পাৰিব। 

মতিউৰ ৰহমানে সংবাদ মাধ্যমক কয় যে ২০২৫ চনৰ ২ এপ্ৰিলত গৃহ ৰাজ্য মন্ত্রী নিত্যানন্দ ৰায়ে ৰাজ্য সভাত কৈছিল যে 'কা'ৰ জৰিয়তে কেইবা হাজাৰ বিদেশী হিন্দু লোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে, কিন্তু তেওঁ প্রকৃত তথ্য দাঙি নধৰিলে। আনকি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এই সম্পর্কীয় তথ্য বিচাৰি আৱেদন জনোৱাত তথ্য দিবলৈ অস্বীকাৰ কৰে গৃহ ম্যালয়ে। সেয়ে ৫ মে'ৰ পৰা ১২ মেলৈ উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ'বলগীয়া 'কা'ৰ শুনানি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ হ'ব বুলি ৰহমানে কয়।

Share This