ইছলামিক ৰাষ্ট্ৰখনত মৌলবাদ-বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ পৰিণতি,  ইৰানত প্ৰাণ গ'ল ১৬ সহস্রাধিকৰ

dainik janambhumi January 19, 2026

ডিজিটেল ডেস্ক: ইৰানত চৰকাৰ-বিৰোধী হিংসাত্মক প্রতিবাদত এতিয়ালৈকে পাঁচ সহস্রাধিক লোকৰ প্রাণ গৈছে। দেশখনৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেই শনিবাৰে ৰাজহুৱাকৈ স্বীকাৰ কৰে যে সমগ্র ইৰানত দুসপ্তাহতকৈ অধিক সময় ধৰি হোৱা হিংসাত্মক প্রতিবাদত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে। এই হিংসাত্মক প্রতিবাদক উচটনি দিয়া বুলি মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক জগৰীয়া কৰে খামেনেই। 

আনহাতে, দেওবাৰে ইৰানৰ চৰকাৰী সূত্রই কয় যে দেশখনত হোৱা হিংসাত্মক প্রতিবাদত ৫ হাজাৰতকৈ অধিক লোকে প্রাণ হেৰুৱাইছে। ইয়াৰ ভিতৰত ৫০০ নিৰাপত্তা বাহিনীৰ লোকো আছে। চৰকাৰী বিষয়াসকলে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম ৰয়টাৰক প্রকাশ কৰা মতে, উত্তৰ-পশ্চিম ইৰানত কুর্দিছ এলেকাত সবাতোকৈ অধিক সংঘর্ষ হৈছে আৰু সৰ্বাধিক লোকৰ মৃত্যু হৈছে। এই এলেকাত ইৰানী কুর্দিছ বিচ্ছিন্নতাবাদীসকল সক্রিয় হৈ আছে আৰু যোৱা সপ্তাহবোৰত অধিক হিংসাত্মক কার্যত লিপ্ত হৈ আছে। ইফালে, ইৰানৰ চৰকাৰী বিষয়াসকলে দাবী কৰে যে ইজৰাইল আৰু বিদেশৰ সশস্ত্র গোটবোৰে এই হিংসাত্মক প্ৰতিবাদৰ ঘটনাত সাৰ-পানী যোগাই আছে ।

Share This