পুনৰ বেটাৰৰ আধিপত্যৰ সম্ভাৱনা, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আজি তৃতীয় টি-২০

dainik janambhumi October 11, 2026

ডিজিটেল ডেস্ক : ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি-২০ শৃংখলাৰ আজি তৃতীয়খন মেচ অনুষ্ঠিত হ'ব। নিশ্চিতভাৱে আজিৰ মেচখনত জয়েৰে ভাৰতে শৃংখলাত অগ্রগতি লাভৰ চেষ্টা কৰিব। আজিৰ মেচখনতো বেটাৰে আধিপত্য বিস্তাৰ কৰাৰ সম্ভাৱনা আছে। ফলত বলাৰসকল চাপৰ মাজত থাকিব। 

উল্লেখযোগ্য শুকুৰবাৰে ৰাঁচীত অনুষ্ঠিত দ্বিতীয়খন টি-২০ মেচত দুয়োটা দলে মুঠ ৫০১ ৰান সংগ্ৰহ কৰে। ৱেষ্ট ইণ্ডিজে প্রায় এটা অ'ভাৰ বাকী থকা অৱস্থাত ভাৰতৰ ২৫০ ৰানৰ লক্ষ্য অতিক্রম কৰে। ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামৰ সৰু বাউণ্ডেৰী আৰু শুষ্ক তথা ঘাঁহ নথকা পিটচে আজিও বেটাৰক সহায় কৰাৰ সম্ভৱনা আছে। সেয়েহে আজিৰ মেচখনতো দুয়োটা দলে ৰানৰ পাহাৰ গঢ়িলেও আচৰিত হ'বলগীয়া একো নাথাকিব।

Share This